ETV Bharat / politics

আদানিৰ এৰ’চিটিৰ বাবে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি

অসমত ৰকেট গতিত বৃদ্ধি হৈছে আদানিৰ ব্যৱসায় ৷ আদানিৰ এৰ’চিটিৰ বাবে বিমানবন্দৰৰ সমীপৰ গাঁৱত ভূমি অধিগ্ৰহণ ব্যৱস্থা বাতিলৰ বাবে চৰকাৰলৈ ৰাইজৰ দলৰ আহ্বান ।

Guwahati Aerocity
ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 6:11 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : দেশৰ বৃহৎ পুঁজিপতি গোষ্ঠী আদানি গ্ৰুপৰ অধীনস্থ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু লগতে এৰ’চিটি (Aerocity) নিৰ্মাণৰ বাবে বিমানবন্দৰৰ সমীপৱৰ্তী অঞ্চলত বৃহৎ পৰিমাণৰ মাটি অধিগ্ৰহণ প্ৰক্ৰিয়াক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অধিগ্ৰহণৰ জাননী লাভ কৰা বিমানবন্দৰৰ সমীপৰ ১,১১৬ টা পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

আদানি গ্ৰুপৰ এৰ’চিটি নিৰ্মাণৰ বাবে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি ৷ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰাও হৈ গৈছে ৷

ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)

বিমানবন্দৰৰ সমীপৰ ৩ খন গাঁও ক্ৰমে আজাৰা, মিৰ্জাপুৰ আৰু গৰলত অধিগ্ৰহণ কৰা হ’ব আদানিৰ এৰ’চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি ৷ মিৰ্জাপুৰত ২৫৭ বিঘা ৯১.৫ লেচা, আজাৰাত ৮৩ বিঘা ৪ কঠা ১৫ লেচা আৰু গৰলত ৭০ বিঘা ১৬ লেচা ভূমি অধিগ্ৰহণৰ বাবে যো-জা চলোৱা হৈছে ৷

ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল ৰাইজৰ দলে মঙলবাৰে সংবাদ মাধ্যমক সদৰী কৰিছে এই তথ্য ৷ লগতে থলুৱাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি মাটি অধিগ্ৰহণ বাতিল কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলে ৷

এৰ’চিটিৰ নামত অধিগ্ৰহণত ভেটি-মাটিও হেৰুৱাব বহু লোকে

মঙলবাৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভাস্ক’ ডি শইকীয়াই কয়, "জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ অসমৰ বিজেপি চৰকাৰে এতিয়া থলুৱাৰ ভূমি গতাই দিব খুজিছে ব্যক্তিগত খণ্ডক । গুৱাহাটী বিমানবন্দৰ সস্প্ৰসাৰণৰ নামত ইতিমধ্যেই সমীপৱৰ্তী আজাৰা, মিৰ্জাপুৰ আৰু গৰল- এই তিনিখন গাঁৱত চাৰিবাৰকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে ।" ৰাইজৰ দলৰ শংকা, এইবাৰ বহু পৰিয়ালে নিজৰ শেষ ভেটিটোও হেৰুৱাব ।

Guwahati Aerocity
আদানিৰ এৰ’চিটিৰ বাবে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি (ETV Bharat Assam)

ভাস্ক’ ডি শইকীয়াৰ মন্তব্য, “আজাৰা, মিৰ্জাপুৰ আৰু গৰল এই তিনিখন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমানবন্দৰৰ বাবে চাৰিবাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে ৷ এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি-মাটিহে আছে ৷ এইবাৰ এৰ’চিটিৰ নামত অধিগ্ৰহণ হ’লে বহু পৰিয়ালে নিজৰ শেষ ভেটি-মাটিও হেৰুৱাব ৷”

পৰৱৰ্তী সময়ত অধিক ভূমি অধিগ্ৰহণৰ আশংকা

কেৱল এই তিনিখন গাঁৱৰ মাটিয়েই নহয়, আৰু অন্য মাটিও পৰৱৰ্তী সময়ত অধিগ্ৰহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও শংকা প্ৰকাশ কৰে ৰাইজৰ দলৰ নেতা ভাস্ক’ ডি শইকীয়াই ।

শইকীয়াই উল্লেখ কৰে, “২০১৭ চনতে ভাৰত চৰকাৰে এৰ’চিটি নিৰ্মাণৰ বাবে ২,০০০ একৰ মাটি অসম চৰকাৰক বিচাৰিছিল, অৰ্থাৎ ৩,২২০ বিঘা মাটি ৷"

ৰাজকোষৰ ৰাজসাহায্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি !

ৰাইজৰ দলৰ অভিযোগ যে ৰাজকোষৰ ৰাজসাহায্যৰ ধনেৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি ৷ থলুৱাৰ ভেঁটি উছন কৰি আদানিক ব্যৱসায়ৰ বাবে বৰপীৰা পাৰি এৰ’চিটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আদানি গ্ৰুপক দিব বিশেষ ৰাজসাহায্য ৷

Guwahati Aerocity
দানিৰ এৰ’চিটিৰ বাবে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি (ETV Bharat Assam)

ভাস্ক’ ডি শইকীয়াৰ দাবী, “এৰ’চিটিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল Advantage Assam 2.0 ত ৷ তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ’ব বিশেষ ৰাজসাহায্যৰ সুবিধা ৷ এতিয়া থলুৱাৰ ভেটি উছন কৰি ৰাজকোষৰ ৰাজসাহায্যৰে নিৰ্মাণ কৰা হ’ব আদানিৰ এৰ’চিটি ৷”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই থকাৰ সময়তে আদানিক মাটি গতাই দিবলৈ ১,১১৬ টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননীও প্ৰেৰণ কৰা হৈছে ৷ এই তথ্য সদৰী কৰি ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয়, একেটা সময়তে এফালে ধুবুৰীত উচ্ছেদ চলাই আছে আৰু আনফালে কাৰ্বি আংলঙত আদানিক ভূমিপুত্ৰৰ মাটি গতাই দিয়াৰ যো-জা চলাই আছে ৷

ইয়াৰ উপৰি ৰাইজৰ দলে কয় যে বিজেপিৰ আমোলত অসমত ৰকেট গতিত বৃদ্ধি হৈছে আদানিৰ ব্যৱসায় ৷ দলটোৱে বিজেপিৰ আমোলত আদানিৰ অসমত বাণিজ্য সম্প্ৰসাৰণৰ এক তালিকাও দাখিল কৰে ৷ সেই অনুসৰি

১) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ৷

২) ৮৪০ কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা ৷

৩) এৰ’চিটি ৷

৪) ধুবুৰীত ৩,৫০০ বিঘা ভূমিত ৩,০০০ মেগাৱাটৰ তাপবিদু্ৎ প্ৰকল্প ৷

৫) কাৰ্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰশক্তি প্ৰকল্প ৷

(সংবাদ মাধ্যমৰ উদ্ধৃতিৰ আধাৰত)

৬) ৯,০০০ বিঘা মাটিত ডিমা হাচাওত চিমেণ্ট কোম্পানী ৷

(সংবাদ মাধ্যমৰ উদ্ধৃতিৰ আধাৰত)

লগতে পঢ়ক :অখিল গগৈয়ে বিজেপিতকৈ কংগ্ৰেছক বেছিকৈ সমালোচনা কিয় কৰে ? এই কথাটোৱেই বুজি পোৱা নাই শইকীয়াই - PREES MEET OF DEBABRATA SAIKIA
লগতে পঢ়ক :শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান, উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতি: আই জি পি অখিলেশ কুমাৰ সিং - URIAMGHAT EVICTION