ETV Bharat / politics

মঙলবাৰে বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ

১২গৰাকী ই.এমৰ তালিকা প্ৰকাশ । বিটিচি কাৰ্যনিৰ্বাহক পৰিষদত পোন প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা কাৰ্যবাহী সদস্যক অন্তৰ্ভুক্ত ।

12 MCLAs Sworn in as Executive Members of BTC
বিটিচি সচিবালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 10:30 PM IST

3 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : অৱশেষত উৎকণ্ঠাৰ যৱনিকা পৰিল । সকলো জল্পনা কল্পনাৰ ওৰ পেলাই বিটিচি কাৰ্যনিৰ্বাহক পৰিষদৰ ১২ জনীয়া সদস্যৰ আজি (সোমবাৰ) তালিকা প্ৰকাশ কৰা হয় ।

সুদীৰ্ঘ ২২ বছৰৰ অন্তত এইবেলি পোন প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা সদস্য বিটিচি কাৰ্যনিৰ্বাহক পৰিষদত স্থান পাব ৷ ১২ জনীয়া তালিকাখনত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ১২ গৰাকী ভাগ্যৱানসকল হ’ল ক্ৰমে -

  1. কোকৰাঝাৰ জিলাৰ ১নম্বৰ পৰ্বতঝোৰা সমষ্টিৰ মুনমুন ব্ৰহ্ম
  2. ৫ নম্বৰ চৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰী
  3. ৬ নম্বৰ কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰী
  4. ৮ নম্বৰ দোতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী
  5. ১২ নম্বৰ ছালেকাটি সমষ্টিৰ দেৰহাছৎ বসুমতাৰী
  6. চিৰাং জিলাৰ ১৫ নম্বৰ কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্ম
  7. ১৭ নম্বৰ চুবাইঝাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰী
  8. বাক্সা জিলাৰ ২০ নম্বৰ মথনগুৰি সমষ্টিৰ বেগম আখটাৰা আহমেদ
  9. ২৩ নম্বৰ দিহিৰা সমষ্টিৰ আগষ্টুছ টিগ্গা
  10. তামুলপুৰ জিলাৰ ২৯ নম্বৰ শুক্লাই ছেৰফাঙ সমষ্টিৰ গণেশ কছাৰী
  11. ওডালগুৰি জিলাৰ ৩১ খৈৰাবাৰী সমষ্টিৰ লৗমশ্ৰাও দৈমাৰী
  12. ৩৭ নম্বৰ ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মুছাহাৰী ।

উল্লেখ্য যে, যোৱা ন অক্টোবৰত পাৰিষদসকলে শপতবাক্য পাঠ কৰাৰ পাছত ১০ অক্টোবৰত ১২ জনীয়া তালিকাখন ৰাজ্যপালৰ পৰা অনুমোদন বিচাৰি ৰাজভৱনলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পত্ৰ প্ৰেৰণ কৰিছিল ৷ ২৮ গৰাকীকৈ সদস্য বিজয়ী হৈ অহাত কাক কাক কাৰ্যবাহী সদস্য হিচাপে লোৱা হ’ব, ইয়াকে কিছু আহুকালৰ সৃষ্টি হোৱাৰ বাবে ৫ অক্টোবৰৰ দিনাখন বিগত বাৰৰ দৰে মুখ্য কাৰ্যবাহী সদস্য, উপ মুখ্যকাৰ্যবাহী সদস্যৰ লগত একেলগে শপত গ্ৰহণ কৰিবলৈ সম্ভৱপৰ নাছিল ।

12 MCLAs Sworn in as Executive Members of BTC
বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্যসকল (ETV Bharat)

ইয়াৰোপৰি কোন অন্তৰ্ভুক্ত হ’ব, নহ’ব ইয়াকেলৈ সকলোৰে মাজত তীব্ৰ চৰ্চা লাভ কৰিছিল ৷ অৱশেষত ৯ অক্টোবৰৰ নিশা হাগ্ৰামা মহিলাৰীয়ে ১২ জনীয়া তালিকাখন ঠিক কৰি ১০ অক্টোবৰৰ দিনা ৰাজ্যপালৰ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা কৰে ৷

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পৰা লাভ কৰা উক্ত পত্ৰৰ ভিত্তিত ১২ জনীয়া কাৰ্যবাহী সদস্য নিযুক্তি দিয়াৰ বাবে ৰাজ্যপালে অনুমোদন দিয়াৰ পাছত ৰাজভৱনৰ আয়ুক্ত সচিব মিনাক্ষী সুন্দৰমে ৰাজ্যৰ মুখ সচিব ড° ৰবি কোট্টালৈ আজি পত্ৰ প্ৰেৰণ কৰে ৷

12 MCLAs Sworn in as Executive Members of BTC
বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্যসকল (ETV Bharat)

মুখ্য সচিবগৰাকীয়ে কাইলৈ ১২ জনীয়া সদস্যক শপতবাক্য পাঠ কৰাবৰ বাবে নিৰ্দেশনা দিয়াৰ পাছতহে তালিকাখন সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা হয় । ইয়াৰ লগে লগে বিটিচিৰ ২২ বছৰীয়া সুদীৰ্ঘ যাত্ৰাত দুগৰাকী মহিলা সদস্যক অন্তৰ্ভুক্ত কৰি সন্নিৱিষ্ট হ'ল নতুন ইতিহাস ।

উল্লেখযোগ্য যে, বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ ১২ গৰাকী কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান কাইলৈ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচিএলএৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব । অসম চৰকাৰৰ বডোলেণ্ড কল্যাণ বিভাগ, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুয়ে কাইলৈ কাৰ্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত গ্ৰহণ কৰাব ।

12 MCLAs Sworn in as Executive Members of BTC
বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্যসকল (ETV Bharat)

এই অনুষ্ঠানৰ জৰিয়তে নৱগঠিত বিটিচি চৰকাৰত কাৰ্যবাহী সদস্যসকলক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ’ব। ১২ জনীয়া তালিকাত স্থান লাভ কৰা সাতগৰাকী নতুন মুখৰ সদস্যসকল হ’ল ক্ৰমে -

  1. মুনমুন ব্ৰহ্ম
  2. ৰবিৰাম নাৰ্জাৰী
  3. ধীৰাজ বৰগয়াৰী
  4. প্ৰকাশ বসুমতাৰী
  5. বেগম আখতাৰা আহমেদ
  6. আগাষ্টুছ টিগ্গা
  7. ফ্ৰেছ মুছাহাৰী

স্থান নোপোৱা কাৰ্যবাহী সদস্যসকল হ’ল ক্ৰমে -

  1. ধাৰাবাহিকভাৱে পাঁচবাৰকৈ বিজয়ী হোৱা পূৰ্বৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰী
  2. জেমছ বসুমতাৰী
  3. মহেশ্বৰ বসুমতাৰী
  4. শ্যাম চুণ্ডী

অৱশ্যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পাছত পুনৰ সালসলনি হোৱাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰিলে হাগ্ৰামা মহিলাৰীয়ে