অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীৰ চিতাভস্মক সাক্ষী কৰি ৩০ সহস্ৰাধিকে গালে 'মায়াবিনী'
ৰাজ্যৰ ভিতৰতে নগাঁও জিলালৈ প্ৰথমে অনা হৈছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম । কলঙৰ পাৰৰ নেহৰুবালিত চিতাভস্ম সন্মুখত ৰাখি অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে নগাঁওবাসীয়ে । ৩০ সহস্ৰাধিক জুবিন অনুৰাগী একত্ৰিত হৈ গাইছে মায়াবিনী গীত । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰত নিৰ্মীয়মান উদ্যানখন জুবিন গাৰ্গৰ নামেৰে হ'ব ।
(Tribute to Zubeen Garg)

Published : September 25, 2025 at 11:52 AM IST

