অৱশেষত যথেষ্ট ৰহস্যৰ পিছত আৰু কোনো আনুষ্ঠানিক ঘোষণা অবিহনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহম্মদ ইউনুছৰ মাজত দ্বিপাক্ষিক বৈঠকখন বেংককত অনুষ্ঠিত হয় । বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে উল্লেখ কৰে যে ঢাকাই ইয়াৰ সময়সূচী নিৰ্ধাৰণৰ বাবে নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিছে ।
ভাৰতে বেইজিং ভ্ৰমণৰ সময়ত ইউনুছৰ মন্তব্যৰ সঁহাৰি দিব বুলি আশা কৰা হৈছিল, অৱশ্যে সেইটো নকৰিলে । যোৱা বছৰ আগষ্টত শ্বেখ হাছিনা শাসনৰ অপসাৰণ আৰু তাৰ পিছত দেশখনত সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অতি স্পৰ্শকাতৰ হৈ আছে ।
এই বৈঠকখন যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া সম্ভৱতঃ চিন্তাজনক বিষয়বোৰৰ ওপৰত চৰ্চা হৈছিল । কিন্তু তাৰ কোনো বিশেষ ফলাফল ওলোৱা নাছিল । ভাৰতীয় বৈদেশিক সচিবে উল্লেখ কৰে, "প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিক, স্থিৰ, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সামগ্ৰিক বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে ।"
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ আকাংক্ষাৰ কথা উল্লেখ কৰি কয়, "সীমান্ত সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে আইনৰ কঠোৰ প্ৰৱৰ্তন আৰু অবৈধ সীমান্ত পাৰ হোৱাটো প্ৰতিৰোধ কৰাটো প্ৰয়োজনীয় । প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ হিন্দুসকলকে ধৰি সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ কথাও উল্লেখ কৰে ।"
বাংলাদেশৰ সংবাদ মাধ্যমে উল্লেখ কৰে যে মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব চফিকুল আলমে বেংককত সাংবাদিকক কয়, "মুখ্য উপদেষ্টাই আমাৰ পাৰস্পৰিক স্বাৰ্থৰ সকলো বিষয় আলোচনা কৰিছে । উদাহৰণ স্বৰূপে, গংগাৰ জলচুক্তি নবীকৰণ, তিস্তাৰ পানী ভাগ-বতৰা, সীমান্তত হত্যাকাণ্ড ।"
শ্বেখ হাছিনাৰ প্ৰত্যৰ্পণৰ প্ৰসংগও উত্থাপন কৰা হয় । চফিকুল আলমে লগতে কয়, "মই ক'ব খোজো যে বৈঠকখন অতি গঠনমূলক, উৎপাদনশীল আৰু ফলপ্ৰসূ আছিল ।"

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মন্তব্য কৰিছিল, "প্ৰতিদিনে (বাংলাদেশ) অন্তৱৰ্তীকালীন চৰকাৰৰ কোনোবা নহয় কোনোবা থিয় হয় আৰু প্ৰতিটো কথাৰ বাবে ভাৰতক দোষাৰোপ কৰে ।"
তেওঁ লগতে কয়, "তেওঁলোকে আমাৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক ৰাখিব বিচাৰে সেই বিষয়ে তেওঁলোকে মন স্থিৰ কৰিব লাগিব ।" বাংলাদেশেও একে ধৰণৰ মন্তব্যৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নতুন দিল্লীয়ে এইটো নিশ্চিত কৰাটো প্ৰয়োজনীয় যে তেওঁলোকক কেনে ধৰণৰ সম্পৰ্কৰ প্ৰয়োজন । লগতে কয় যে ভাৰতীয় সংবাদ মাধ্যমে তেওঁলোকক অতি বেয়াকৈ উপস্থাপন কৰে ।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ স্পষ্টতভাৱে আভ্যন্তৰীণ আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । একেসময়তে, দেশখনৰ অৰ্থনীতিত ব্যাপক পতনত ঘটিছে আৰু ইতিমধ্যে সংগ্ৰাম কৰি থকা পোছাক ৰপ্তানি উদ্যোগ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ দ্বাৰা আৰোপিত অতিৰিক্ত 37 শতাংশ শুল্কৰ বাবে অধিক ক্ষতিগ্ৰস্ত হৈছে ।
পূৰ্বতে নিষিদ্ধ কৰা হিজব উট-তাহৰিৰ, তৌহিদী জনতা, হেফাজত-ই-ইছলাম, জামাত-ই-ইছলামী আৰু আনছাৰুল্লাহ বাংলা দলকে ধৰি ইছলামিক গোটসমূহে এতিয়া নিজক স্থিতি সবল কৰি আছে আৰু সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ ক্ষেত্ৰত সকলোতকৈ শীৰ্ষত আছে । ইয়াৰে কিছুমান গোটে আনকি অন্তৱৰ্তীকালীন চৰকাৰতো প্ৰতিনিধিত্ব কৰিছে । সকলোৰে একেটাই লক্ষ্য, ইছলামিক খিলাফতৰ ।
কট্টৰপন্থী ইছলামিকসকলে মুখ্য ভূমিকা পালন কৰা যিকোনো দেশ সন্ত্ৰাসবাদী ৰাষ্ট্ৰত পৰিণত হ'ব পাৰে আৰু সেয়েহে চিন্তাৰ বিষয়, বিশেষকৈ তেতিয়া যেতিয়া এই ঘটনা চুবুৰীয়া দেশত ঘটে । আনহাতে, ভাৰতে বাংলাদেশৰ সেনাপ্ৰধান জেনেৰেল ৱেকাৰ-উজ-জামানক ইছলামিক আৰু পাকিস্তানপন্থী সেনাপ্ৰধানৰ দ্বাৰা আসন্ন অভ্যুত্থানৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ দৰে অসমৰ্থিত বাতৰিও পোৱা গৈছে ।
ইছলামাবাদ আৰু বেইজিঙৰ সৈতে ঢাকাৰ বৰ্ধিত সম্পৰ্কও অতিৰিক্ত উদ্বেগৰ বিষয় হৈ পৰিছে । যদিও প্ৰতিখন ৰাষ্ট্ৰই নিজৰ বৈদেশিক নীতি অনুসৰণ কৰিব পাৰে, ইউনুছৰ পৰা প্ৰেৰণ কৰা বাৰ্তাটো হৈছে যে ভাৰতবিৰোধী ৰাষ্ট্ৰসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা তেওঁলোকৰ উদ্দেশ্য ।
পাকিস্তানৰ আই এছ আইৰ সদস্যসকলৰ নিৰন্তৰ ভ্ৰমণ আৰু লগতে পাকিস্তানৰ দ্বাৰা বাংলাদেশ সেনাক প্ৰদান কৰা প্ৰশিক্ষণত ভাৰতবিৰোধী আৰু ইছলামিক মতাদৰ্শ অন্তৰ্ভুক্ত থাকিব । যাৰ ফলত দিল্লীৰ নিৰাপত্তাৰ দিশটোত চিন্তা বৃদ্ধি পাব ।
আটাইতকৈ বেয়া কথাটো হ'ল, বেইজিঙত ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্যসমূহৰ ওপৰত দিয়া মন্তব্যৰ লগতে তিস্তা নদী আৰু বন্দৰ প্ৰকল্পত চীনক অন্তৰ্ভুক্ত কৰাটো । এই দুয়োটায়েই ভাৰতৰ নিৰাপত্তাজনিত চিন্তা বৃদ্ধি কৰিছে । ভাৰতীয় মূল্যায়ন হৈছে যে পাকিস্তানে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহ জুই পুনৰ জ্বলাবলৈ আগ্ৰহী ।
লগতে কাশ্মীৰী সন্ত্ৰাসবাদীসকলক বাংলাদেশী ভূখণ্ডৰ সুবিধা গ্ৰহণ কৰি ভাৰতত প্ৰৱেশ কৰাবলৈ ইচ্ছুক । পাকিস্তানৰ আঙুলিৰ ঠাৰত নচা ইউনুছে ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ বাবে আহ্বান জনাই আহিছে, যিটো পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে স্থগিত হৈ আছে ।
যদিও বাংলাদেশৰ নেতাসকলে শ্বেখ হাছিনাক দিল্লীৰ নিৰন্তৰ সমৰ্থনৰ বাবে ভাৰতবিৰোধী ভাবনা বৃদ্ধি পোৱাটোক দোষাৰোপ কৰিছে, কিন্তু ভাৰতে ভাবে কৰে যে ইয়াক ইউনুছ চৰকাৰে উৎসাহিত কৰিছে । লগতে ইউনুছ শাসনৰ সদস্যসকলৰ ভাৰতবিৰোধী মন্তব্যও ইয়াত সংযোগ কৰা হৈছে ।
বাংলাদেশে ইউনুছৰ বেইজিং ভ্ৰমণৰ পূৰ্বে ডিচেম্বৰত তেওঁৰ ভ্ৰমণৰ বাবে ভাৰতৰ সৈতে যোগাযোগ কৰিছিল । কিন্তু ইয়াৰ সঁহাৰি পোৱাত ব্যৰ্থ হৈছিল । ইয়াৰ অৰ্থ হৈছে যে এই ক্ষেত্ৰত দিল্লীয়ে অনীহা প্ৰকাশ কৰিছেল ।
দুয়োখন দেশে এক বৃহৎ সীমান্ত ভাগ-বতৰা কৰে । ভাৰত হৈছে এনেধৰণৰ একমাত্ৰ চুবুৰীয়া দেশ, যিয়ে বাংলাদেশক সকলো প্ৰকাৰে সহায় কৰিব পাৰে । ইয়াৰ ভিতৰত আছে উন্নয়ন আৰু দেশখনৰ খাদ্যৰ অভাৱ পূৰণ কৰা । ইয়াৰ শেহতীয়া এক উদাহৰণ হৈছে যে দিল্লীয়ে অতি কম মূল্যত বাংলাদেশলৈ 50,000 টন চাউল ৰপ্তানি কৰিবলৈ মান্তি হোৱা ।

হাছিনাৰ শাসনকালত ভাৰত আছিল বাংলাদেশৰ সৰ্বাধিক উন্নয়নমূলক অংশীদাৰ । ভাৰতে একাধিক সংযোগ প্ৰকল্পত 8 বিলিয়ন আমেৰিকান ডলাৰৰো অধিক বিনিয়োগ কৰিছিল । কিন্তু সেইবোৰ এতিয়া স্থবিৰ হৈ পৰিছে ।
বাংলাদেশৰ জৰিয়তে উত্তৰ-পূবৰ সৈতে ভাৰতৰ বৈকল্পিক সংযোগো প্ৰভাৱিত হৈছে । একেদৰে ভাৰতীয় কোম্পানীবোৰে দেশখনত বিনিয়োগ স্থগিত ৰাখিছে । যেতিয়ালৈকে ভাৰতবিৰোধী মনোভাব সলনি নহয় আৰু চৰকাৰে দিল্লীক নিজৰ অভিপ্ৰায়ৰ বিষয়ে সৈমান নকৰে, তেতিয়ালৈকে ভাৰতীয় সাহায্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা নাই ।
শেহতীয়াকৈ দিল্লীত সামৰণি পৰা ৰাইচিনা আলোচনাত ভাৰতৰ অসন্তুষ্টি স্পষ্ট হৈ পৰিছিল । ইয়াত বাংলাদেশৰ পৰা কোনো অংশগ্ৰহণকাৰী নাছিল, যিটো দুৰ্লভ । কিয়নো পূৰ্বতে ঢাকাৰ পৰা অতিকমেও দুজন বক্তাই ইয়াত অংশগ্ৰহণ কৰিছিল । ইয়াৰ উপৰি ভাৰতে বাংলাদেশত সংখ্যালঘুসকলৰ সৈতে হৈ থকা আচৰণৰৰ বিষয়টো আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ড দুয়োৰে সন্মুখত উত্থাপন কৰে । কিন্তু বাংলাদেশে ভাবে যে ভাৰতে তথ্য বিকৃত কৰি উপস্থাপন কৰি আছে ।
শিক্ষাৰ্থী, ইছলামিক আৰু বাংলাদেশী সেনাৰ মাজত বৰ্ধিত উত্তেজনা আৰু লগতে সামৰিক প্ৰতিষ্ঠানৰ ভিতৰত আভ্যন্তৰীণ বিবাদ ভাৰতৰ বাবে চিন্তাৰ বিষয় । সেনাপ্ৰধানজন ভাৰতৰ ঘনিষ্ঠ হোৱাৰ লগতে শ্বেখ হাছিনাৰ আৱামী লীগ দলক এক পৃথক ৰূপত পুনৰ উপস্থাপন কৰাবলৈ দিল্লীৰ সৈতে মিলি কাম কৰি থকাৰ উৰাবাতৰিও বাংলাদেশত বিয়পি আছে ।
বাংলাদেশ সেনাই দেশখনৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ ইয়াৰ নিয়োজন বৃদ্ধি কৰিছে । সেনাপ্ৰধান আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ মাজত নীতিগত মতভেদৰ বাতৰিও পোৱা গৈছে ।
সামগ্ৰিকভাৱে বাংলাদেশত অস্থিৰতা বৃদ্ধি পাইছে । জেনেৰেল ৱেকাৰ-উজ-জামানে অলপতে ৰাজনীতিকসকলক সতৰ্ক কৰি দিছিল, "যদি আপোনালোকে নিজৰ মাজৰ মত পাৰ্থক্য পাহৰি একেলগে কাম কৰিব নোৱাৰে, যদি আপোনালোকে ইজনে সিজনলৈ বোকা ছটিয়াই থাকে, ইজনে সিজনৰ সৈতে যুঁজি থাকে আৰু ইজনে সিজনক হত্যা কৰি থাকে, তেন্তে এই দেশ আৰু ইয়াৰ সম্প্ৰদায়ৰ স্বাধীনতা বৃথা হ'ব ।"
ইয়াৰ বিপৰীতে বাংলাদেশে শ্বেখ হাছিনাক তেওঁৰ কৃতকৰ্মৰ বাবে বিচাৰৰ সন্মুখীন হ'বলৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাবলৈ জোৰ দিছে । এই বিষয়ত ভাৰতৰ নীৰৱতা আৰু লগতে ছাৰ্ক পুনৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত ইউনুছৰ নিৰন্তৰ দাবী মানি ল'বলৈ অনীহা প্ৰকাশ কৰাটো উদ্বেগজনক ।
তদুপৰি, ভাৰতে স্থগিত ৰখা প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰিবলৈ আৰু অমীমাংসিত নদীজল সমস্যাৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ বাংলাদেশে অনুৰোধ কৰা সত্ত্বেও কোনো সঁহাৰি পোৱা নাই ।
সত্যটো হ'ল যে বাংলাদেশক একাধিক ক্ষেত্ৰত ভাৰতীয় সমৰ্থনৰ প্ৰয়োজন । যেতিয়াই বাংলাদেশ সংকটত পৰে তেতিয়াই প্ৰথম সঁহাৰি দিয়া দেশ হৈছে ভাৰত । একেসময়তে, ভাৰতে বাংলাদেশৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগিব, কিয়নো দেশখন সৰ্বাধিক অবৈধ প্ৰব্ৰজনৰ উৎস হৈ আছে ।
লগতে পাকিস্তানৰ আই এছ আইৰ বাবে কাশ্মীৰলৈ সন্ত্ৰাসবাদী অনুপ্ৰৱেশ কৰা আৰু উত্তৰ-পূবৰ উগ্ৰবাদক পুনৰ ইন্ধন যোগোৱাৰ এক সম্ভাৱ্য পথ হৈ আছে । ইয়াৰ উপৰি ভাৰতে কোনো সক্ৰিয় তৃতীয় ফ্ৰণ্ট বিচৰা নাই ।
অৱশ্যে ঢাকাই ভাৰতীয় উদ্বেগৰ প্ৰতি সঁহাৰি নিদিয়াৰ ফলত সম্পৰ্কত আৰু অধিক দূৰত্ব আহিব পাৰে । তেওঁলোকে এইটো বুজি পোৱা নাই যে মালদ্বীপ আৰু শ্ৰীলংকা, যিয়ে ভাৰতৰ পৰা আঁতৰি গৈ চীনৰ ওচৰ চাপিছিল, পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ পথ সলনি কৰিছিল, যেতিয়া তেওঁলোকে বুজি পাইছিল যে নতুন দিল্লীৰ কোনো অসৎ উদ্দেশ্য নাই আৰু এইটোৱে তেওঁলোকৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প । যেতিয়ালৈকে ভাৰতবিৰোধী চিন্তাক নিয়ন্ত্ৰণ কৰা নহয়, ধৰ্মীয় সংখ্যালঘুসকলক সুৰক্ষিত কৰা নহয়, ভাৰতে সম্ভৱতঃ দূৰত্ব বজাই ৰাখিব ।
ঢাকাই এই কথা জানিব লাগিব যে তেওঁলোকৰ সকলো দাবী সত্ত্বেও শ্বেখ হাছিনা ভাৰতৰ মাটিতে থাকিব আৰু সেইটো আইনগতভাৱে বৈধ । একেসময়তে, প্ৰধানমন্ত্ৰী পৰ্যায়ত দ্বিপাক্ষিক ঘোষণা অন্তিম সময়লৈকে নকৰি বাংলাদেশক প্ৰত্যাখ্যান কৰাটোও এক শক্তিশালী চুবুৰীয়াৰ পৰা প্ৰেৰণ কৰা এক আদৰ্শ বাৰ্তা নহয় । সৰ্বশেষত, ভাৰতে এক সুস্থিৰ চুবুৰীয়া বিচাৰে । বাংলাদেশত চলি থকা অস্থিৰতা ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থত নহয় ।
(ঘোষণা : এই নিবন্ধত প্ৰকাশ কৰা মতামতবোৰ লেখকৰ সম্পূৰ্ণ নিজা । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)