৭0-৮০ দশকত বলীউডত দপ-দপাই থকা অভিনেত্ৰী জীনাত আমানৰ ফিটনেছৰ ৰহস্য কি ?
৭0-৮০ দশকত অবিশ্বাস্যভাৱে বলীউডত দপ-দপাই থকা জীনাত আমানে ৭৩ বছৰ বয়সতো কেনেকৈ নিজকে মেইন্টেইন কৰি ৰাখিছে ? জানো আহক তেওঁ সৌন্দৰ্যৰ মূল ৰহস্য কি ?

Published : March 5, 2025 at 10:41 AM IST
জীনাত আমান, অপৰূপ সৌন্দৰ্যই যাৰ পৰিচয়! ৭0-৮০ দশকত অবিশ্বাস্যভাৱে বলীউডত দপ-দপাই আছিল এইগৰাকী সুন্দৰীয়ে ৷ কেইবাখনো ছবিত নিজৰ সুন্দৰ তথা নিখুঁট অভিনয়েৰে সকলোৰে মন মোহা জীনাতে এতিয়াও নিজকে খুবেই মেইন্টেইন কৰি ৰাখিছে ৷
কেৱল তেতিয়াই নহয়, বৰ্তমানেও জীনাত আমানাৰ সৌন্দৰ্য অতুলনীয় ৷ ৭৩ বছৰ বয়সতো এইগৰাকী অভিনেত্ৰী দেখাত ৩০ বছৰীয়া যুৱতীৰ দৰেই হৈ আছে ৷ এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ আৰু স্বাস্থ্যৱান ৷ পিছে, এই বয়সতো এনে সৌন্দৰ্য অধিকাৰী হৈ থাকিব পৰাৰ ৰহস্য কি আপুুনি জানেনে ?
অধিকাংশ মহিলাই বয়সৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ কিন্তু এই বয়সতো জীনাত আমান সম্পূৰ্ণ ফিট ৷ শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত তেওঁ তেওঁৰ ফিটনেছৰ ৰহস্যৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰি প্ৰত্যেকজন ব্যক্তিক শৰীৰৰ যত্ন ল’বলৈ অনুপ্ৰেৰণা যোগাইছে ৷
জীনাত আমানৰ ফিটনেছ টিপছ
এইগৰাকী অভিনেত্ৰীৰ ফিটনেছৰ ৰহস্য অতি সৰল আৰু প্ৰাকৃতিক ৷ ছ’চিয়েল মেডিয়াত তেওঁ প্ৰকাশ কৰা মতে, ‘মোৰ মাতৃয়ে মোক এটা অতি গুৰুত্বপূৰ্ণ কথা শিকাই থৈ গ’ল ৷ তেওঁ মোক সদায় কমকৈ আৰু সতেজ খাদ্য খাবলৈ পৰামৰ্শ দিছিল ৷ খাদ্য হৈছে প্ৰকৃততে ইন্ধন ৷ আমাৰ দিনত পুষ্টিবিদ বা ডায়েটিশিয়ান বা ব্যক্তিগত প্ৰশিক্ষক নাছিল ৷ মই মোৰ মাতৃৰ পৰামৰ্শই গ্ৰহণ কৰিছিলো, যিসমূহ এতিয়া মোৰ ফিটনেছৰ ৰহস্য হৈ পৰিছে ৷ মইও সকলোকে কওঁ, সুস্থ হৈ থাকিবলৈ কম খাওক আৰু সতেজ খাওক অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলৰ সৈতে তেওঁ কেতিয়া কি খায়, সেই বিষয়েও ভাগ-বতৰা কৰিছে ৷
পুৱা কি খাই জীনাত আমানে ?
অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুৱাটো একাপ ৰঙা চাহৰ সৈতে আৰম্ভ কৰে ৷ চাহৰ সৈতে তাই আঠৰ পৰা দহটা তিয়াই থোৱা কাঠবাদাম খায় ৷ ইয়াৰ পিছত তেওঁ চেড্ডাৰ চীজৰ টুকুৰাৰ সৈতে ট’ষ্ট আৰু আভাকাড’ খায় ৷ অৱশ্যে, কেতিয়াবা পুৱা তেওঁ বেচনৰ চিলা বা পোহাও খায় ৷
দুপৰীয়াৰ আহাৰ
জীনাত আমানৰ বাবে দুপৰীয়াৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ ৷ দুপৰীয়া তেওঁ সদায় পুষ্টিকৰ আৰু সতেজ খাদ্য খায় ৷ দুপৰীয়াৰ আহাৰত তেওঁ সাধাৰণতে দাইল, পাচলি, ৰুটী খায় ৷ বিশেষকৈ, জীনাতে দুপৰীয়া জ্বলা আৰু টেঙা দাইল খাবলৈ ভাল পায় ৷ আনহাতে, কেতিয়াবা তেওঁ সেউজীয়া মচলাৰে তৈয়াৰী আলু-মটৰ আৰু পনীৰ টিক্কা খায় ৷ ঘৰত বনোৱা বিলাহীৰ চাটনিও তেওঁৰ খুব প্ৰিয় ৷
সন্ধিয়াৰ আহাৰ
জীনাত আমানে উল্লেখ কৰা মতে, যিদৰে পুৱাৰ আহাৰ গুৰুত্বপূৰ্ণ, ঠিক সেইদৰে তেওঁৰ বাবে সন্ধিয়াৰ জলপানো খুব গুৰুত্বপূৰ্ণ ৷ প্ৰতিদিনে সন্ধিয়া প্ৰায় পাঁচ বজাত তেওঁ মাখানা খায়, যি খুব পুষ্টি সম্পন্ন ৷ মিঠা খাবলৈ মন গ’লে তেওঁ চকলেট খায় যদিও অত্যাধিক মিঠা তেওঁ নাখায় ৷ ভোক যদি নালাগে তেওঁ নৈশ আহাৰ গ্ৰহণ নকৰে ৷ কেতিয়াবা বেছি ভোক লাগিলে তেওঁ ওটছ বা দাইল নিশাৰ আহাৰ হিচাপে গ্ৰহণ কৰে ৷
এই স্বাস্থ্যকৰ জীৱনশৈলীয়েই জীনত আমানক এতিয়াও আকৰ্ষণীয় যুৱতীৰ দৰেই কৰি ৰাখিছে ৷ আপুনিও যদি বৃদ্ধ অৱস্থালৈকে দেখনীয়াৰ হৈ থাকিবলৈ বিচাৰে, জীনত আমানৰ জীৱনশৈলী আপোনাৰ বাবে আদৰ্শ হ’ব পাৰে ৷
অভিনেত্ৰীগৰাকীৰ আপকামিংগ প্ৰজেক্ট
জনাই দিও যে, জীনাত আমানে এই বয়সতো নিজৰ অভিনয় যাত্ৰা অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰে নেটফ্লিক্সৰ The Royals ছবিত দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক

