শৰীৰ হৈ থাকিব সুস্থ, শীতকালত কেৱল অনুসৰণ কৰক এই অভ্যাস
নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে, বতৰ লাহে লাহে সলনি হ’বলৈ ধৰে । সেয়ে এনে পৰিস্থিতিত আমি আমাৰ স্বাস্থ্যৰ কিদৰে যতন লোৱাটো উচিত-

Published : November 13, 2024 at 5:23 PM IST
নৱেম্বৰ মাহ পৰাৰ লগে লগে, বতৰৰ সাল-সলনি হ’বলৈ ধৰে আৰু লাহে লাহে শীতকালৰ আগমণ ঘটে লাহে লাহে ঠাণ্ডাৰ অনুভৱ হয় । নৱেম্বৰৰ শেষ ভাগৰ পৰা ঠাণ্ডা ক্ৰমে বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু সময়ছোৱাত বিভিন্ন ৰোগৰ সৈতেও আমি মোকাবিলা কৰিবলগীয়া হয় ৷ কাৰণ শীতকালত বেক্টেৰিয়া, ভাইৰাছৰ উপদ্ৰৱ বেছি হ’বলৈ আৰম্ভ কৰে ৷
সেয়ে এনে পৰিস্থিতিত, আমি সকলোৱে নিজৰ স্বাস্থ্যৰ অধিক যত্ন ল’ব লাগিব । আয়ুৰ্বেদৰ মতে, শীতকাল হৈছে এনে এক ঋতু য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাকৃতিকভাৱে বৃদ্ধি হয় এনে পৰিস্থিতত ঠাণ্ডা বতৰত, শৰীৰৰ তাপমাত্ৰা হ্ৰাস হয় আৰু শৰীৰে নতুন বতৰৰ সৈতে খাপ খুৱাবলৈ শৰীৰত সঠিক তাপমাত্ৰা বজাই ৰখাটো খুবেই প্ৰয়োজনীয় ।
কেতিয়াবা এই পৰিৱৰ্তনৰ ফলত শীতকালৰ বহুতো ৰোগ হ’ব পাৰে । কিন্তু যদি আপুনি কিছু সাৱধানতা অৱলম্বন কৰে তেন্তে আপুনি ৰোগৰ পৰা হাত সাৰি শীতকাল উপভোগ কৰিব পাৰে ।
ব্যায়াম-
শীতকালত নিজকে সুস্থ কৰি ৰাখিবলৈ শাৰীৰিক কাৰ্যকলাপ কৰক । যোগাসন, দৌৰা, খোজ কঢ়া আদিৰে শৰীৰটো গৰম কৰি ৰাখিব পাৰে । ইয়াৰ ফলত ফ্লু বা চৰ্দিৰ দৰে ঋতুভিত্তিক ৰোগৰ পৰা বাচি থকাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে ।
স্বাস্থ্যকৰ খাদ্য-
গোটা শস্য, চৰ্বি নোহোৱা মাংস, মাছ, মুৰ্গী মাংস, মাহজাতীয় শস্য, শুকান ফল, বীন, বনৌষধি, মছলা, সতেজ ফল-মূল আৰু শাক-পাচলিযুক্ত সন্তুলিত খাদ্য গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । ইয়াৰ লগতে ভিটামিন C সমৃদ্ধ খাদ্যইও আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যিয়ে আমাৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে ৷
পানী খোৱা
কেৱল এয়াই নহয় শীতকালত বহুতে ভালদৰে পানী নাখায় ইয়াৰ ফলত আমাৰ শৰীৰটো হাইড্ৰেট হৈ নাথাকে ৷ আমি প্ৰতিদিনে প্ৰয়োজনীয় পৰিমাণৰ পানী খাব লাগে আৰু হাইড্ৰেটেড হৈ থাকিব লাগে । পানীয়ে আমাৰ শৰীৰটোক পৰিষ্কাৰ কৰাত আৰু শৰীৰৰ ভিতৰৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰোৱাত সহায় কৰে, শৰীৰৰ কোষলৈ পুষ্টিকৰ পদাৰ্থ কঢ়িয়াই লৈ যায় আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে ।
মইশ্ব’ৰাইজাৰ-
শীতকালত ছালৰ ক্ষতি হৈছে এক ডাঙৰ সমস্যা । ঠাণ্ডা বতৰৰ ফলত ছালৰ ক্ষতি হ’লে যথেষ্ট অশান্তি অনুভৱ হয়, যাৰ ফলত ছাল শুকান আৰু খজুৱতি হয়, ওঁঠ ফাটি যোৱা আৰু গোৰোহা ফঁটা আদি সমস্যাই দেখা দিয়ে সেয়ে শীতকালত ছালৰ যত্নৰ বাবে মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰাটো খুবেই জৰুৰী ।

