ETV Bharat / lifestyle

৮বিধ স্বাস্থ্যকৰ স্মুদি যিয়ে আপোনাক গোটেই দিনটো ৰাখিব সক্ৰিয়

পুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰক এইসমূহ স্মুদি শৰীৰ সুস্থ হৈ থকাৰ লগতে শক্তিশালী কৰাত সহায় কৰিব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা-

Smoothies For Winter
৮বিধ স্বাস্থ্যকৰ স্মুদি যিয়ে আপোনাক গোটেই দিনটো ৰাখিব সক্ৰিয় (FREEPIK)
author img

By ETV Bharat Lifestyle Team

Published : January 21, 2025 at 3:47 PM IST

4 Min Read
Choose ETV Bharat

শীতকালত উষ্ণতা আৰু সোৱাদযুক্ত খাদ্য উপভোগ কৰাৰ সময় ৷ এনে পৰিস্থিতিত স্বাস্থ্যকৰ আৰু গৰম স্মুদি ব্ৰেকফাষ্টৰ বাবে এক উত্তম বিকল্প ৷ ই কেৱল পুষ্টিৰে ভৰপূৰ হোৱাই নহয়, আপোনাৰ দিনটো আৰম্ভণি কৰিবলৈও ই একেবাৰেই উপযুক্ত ৷ গতিকে অপেক্ষা কিহৰ, এইবাৰ শীতকালত খাব পৰা এনে কিছুমান স্মুদিৰ বিষয়ে জানো আহক যি কেৱল সোৱাদযুক্ত হোৱাই নহয় স্বাস্থ্যৰ বাবেও সমানে উপকাৰী-

  • হট চকলেট প্ৰ’টিন স্মুদি

শীতকালত চকলেট খাই কোনে ভাল নাপায় ? গতিকে এই স্মুদিত গৰম গাখীৰ, ক’ক’ পাউদাৰ, কল, প্ৰ’টিন পাউদাৰ আৰু অলপ ডালচেনি দিব আৰু স্মুদি প্ৰস্তুত হয় ৷ কেৱল সুস্বাদু হোৱাই নহয়, ই প্ৰ’টিন আৰু আঁহৰ এক উত্তম উৎস ৷ এই স্মুদিয়ে শীতকালত শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু দীৰ্ঘসময়লৈকে আপোনাৰ পেট ভৰপূৰ কৰি ৰখাত সহায় কৰে ৷

Smoothies For Winter
৮বিধ স্বাস্থ্যকৰ স্মুদি যিয়ে আপোনাক গোটেই দিনটো ৰাখিব সক্ৰিয় (FREEPIK)
  • হালধিৰ গোল্ডেন মিল্ক স্মুদি

আমি সকলোৱে শীতকালত হালধিৰ গাখীৰ খাইছো ৷ ইয়াক অধিক বিশেষ কৰি তুলিবলৈ আপুনি ইয়াত গাখীৰ, হালধি, মৌ আৰু দালচেনিৰ লগত কিছু শুকানকৈ ভাজি লোৱা ওটছ দিব পাৰে ৷ এই স্মুদিয়ে শীতকালত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰক গৰম কৰি ৰখাৰ এক উত্তম উপায় ৷

  • গৰম চাহৰ স্মুদি

চাহপ্ৰেমী সকলৰ বাবে এয়া কোনো এক আচৰিত ৰেচিপিতকৈ কম নহয় ৷ আগতীয়াকৈ প্ৰস্তুত কৰা চাহত ফ্ৰ’জেন কল, আলমণ্ডৰ গাখীৰ, শুকান ফল আৰু মৌ একেলগে মিহলাই লওক ৷ তাৰ ওপৰত ডালচেনি আৰু ইলাচিৰ গুড়ি ছটিয়াই দিয়ক ৷ এই স্মুদি শীতকালৰ এটা আৰামদায়ক আৰু সতেজ আৰম্ভণিৰ বাবে উত্তম ৷

  • কাজু-আলমণ্ড স্মুদি

তিয়াই থোৱা কাজু আৰু আলমণ্ড গৰম গাখীৰ আৰু মৌৰ সৈতে মিহলাই লওক ৷ ইচ্ছা কৰিলে ইয়াত এচিকুট ইলাচি গুড়িও দিব পাৰে ৷ এই স্মুদিয়ে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, শীতকালত ছালখনক পুষ্টি প্ৰদানতো সহায় কৰে ৷

Smoothies For Winter
৮বিধ স্বাস্থ্যকৰ স্মুদি যিয়ে আপোনাক গোটেই দিনটো ৰাখিব সক্ৰিয় (FREEPIK)
  • খেজুৰ-আখৰোটৰ স্মুদি

খেজুৰ, আখৰোট আৰু গাখীৰ মিহলাই আপুনি এই স্মুদি তৈয়াৰ কৰিব পাৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, আইৰণ, আৰু স্বাস্থ্যকৰ চৰ্বি থাকে ৷ এই স্মুদিয়ে শীতকালত শৰীৰক শক্তি আৰু উষ্ণতা প্ৰদান কৰে ৷

  • কমলা-আদা দিয়া ইমিউনিটি স্মুদি

কমলা, গাজৰ, আদা, হালধি আৰু নাৰিকল পানীৰ লগত মৌ মিহলাই সতেজ স্মুদি বনাওক ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷

  • ষ্ট্ৰবেৰী-কেশৰ স্মুদি

ষ্ট্ৰবেৰী, গৰম গাখীৰ, কেশৰ আৰু মৌ মিহলাই এই স্মুদি তৈয়াৰ কৰি লওক ৷ ই কেৱল শীতকালত মিঠা খোৱাৰ আনন্দ দিয়াই নহয় ছালৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷

Smoothies For Winter
৮বিধ স্বাস্থ্যকৰ স্মুদি যিয়ে আপোনাক গোটেই দিনটো ৰাখিব সক্ৰিয় (FREEPIK)
  • ৰঙালাও মছলাৰ স্মুদি

ৰঙালাওৰ পিউৰি, ডালচেনি, জাইফল, গাখীৰ, আৰু অলপ মেপল চিৰাপ দিব ৷ এই ক্ৰীমযুক্ত স্মুদিত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ভিটামিন এ থাকে ৷ ইয়াৰ মছলাযুক্ত সোৱাদে শীতকালত আপোনাৰ শৰীৰক এক বিশেষ উষ্ণতা প্ৰদান কৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শৰীৰত হৈছে নেকি Vitamin Cৰ অভাৱ ? জানি লওক লক্ষণ...
  2. গৰমৰ দিনত ঘৰতে প্ৰস্তুত কৰক এই ৭বিধ সোৱাদযুক্ত স্মুদি
  3. Health tips: ব্ৰেকফাষ্টত ভিটামিন Dৰে ভৰা এই স্মুদি খাওক, আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পাওক