কাৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্চ ইণ্ডিয়াৰ খিতাপ ? পঢ়ক সবিশেষ
নৱেম্বৰ মাহত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৭৪ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব এইগৰাকী সুন্দৰীয়ে ৷ পঢ়ক সবিশেষ

Published : August 19, 2025 at 11:32 AM IST
২০২৫ চনৰ ১৮ আগষ্টত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত এক অনুষ্ঠানত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ৰ খিতাপ লাভ কৰে মণিকা বিশ্বকৰ্মাই ৷ মণিকা বিশ্বকৰ্মাক বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ৰ বিজয়ী ৰিয়া সিংঘাই মুকুট পিন্ধায় ৷ এতিয়া নৱেম্বৰ মাহত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৭৪ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব মণিকাই ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কোন এই মণিকা বিশ্বকৰ্মা আৰু তেওঁৰ জীৱনৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা-
মণিকা বিশ্বকৰ্মা কোন ?
ৰাজস্থানৰ শ্ৰীগংগনগৰত জন্মগ্ৰহণ কৰা মণিকা বিশ্বকৰ্মা বৰ্তমান দিল্লীত থাকে ৷ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ বিভাগৰ তেওঁ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ৷ মণিকাই বিগত বৰ্ষত মিছ ইউনিভাৰ্ছ ৰাজস্থানৰ খিতাপ দখল কৰিছিল, তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰমাণ কৰিছিল ৷
সামাজিক কাম আৰু স্নায়ুবৈচিত্ৰ্যৰ প্ৰতি সমৰ্পণ
মাণিকা কেৱল দেখাত ধুনীয়া হোৱাই নহয় তেওঁ সমাজকৰ্মী আৰু মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো বহু কাম কৰি আহিছে ৷ তেওঁ নিউৰ’নোভা নামৰ এটি প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক, যিয়ে নিউৰ’ডাইভাৰ্জেণ্ট লোকৰ বাবে সজাগতা সৃষ্টি কৰাৰ কাম কৰি আহিছে ৷ তেওঁৰ মতে, ADHDৰ দৰে অৱস্থাক বিকাৰ হিচাপে দেখা নাযায় বৰঞ্চ এক বেলেগ ধৰণৰ মানসিক ক্ষমতাৰ দৃষ্টিৰেহে চোৱা বুলি উচিত বুলি তেওঁ কয় ৷
লাভ কৰে বহুতো কৃতিত্ব
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত BIMSTEC Sewoconত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মণিকাই ৷ এন চি চিৰ প্ৰশিক্ষিত কেডেট, শাস্ত্ৰীয় নৃত্যশিল্পী আৰু শিল্পী হোৱাৰ উপৰিও তেওঁ এগৰাকী উৎকৃষ্ট বক্তাও ৷ ললিত কলা একাডেমী আৰু জে জে স্কুল অৱ আৰ্টছেও তেওঁক সন্মান জনাইছে ৷
নিজৰ জয়ৰ বিষয়ে কি ক’লে মণিকাই ?
মিছ ইউনিভাৰ্ছ ইণ্ডিয়া হোৱাৰ পিছত মণিকাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - "যিদিনা মই মোৰ উত্তৰাধিকাৰীক মিছ ইউনিভাৰ্ছ ৰাজস্থানৰ মুকুট অৰ্পণ কৰিছিলো, সেইদিনাই মই মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অডিচনত ভাগ লৈছিলো... একেদিনাই এটা অধ্যায় শেষ কৰি আন এটা অধ্যায় আৰম্ভ কৰাটো কোনো সংযোগৰ কথা নহয়, বৰঞ্চ ভাগ্য ৷ ই এক সংকেত যে বিকাশৰ বাবে সদায় ৰৈ থকাৰ প্ৰয়োজন নাই ৷"
কেতিয়া অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ ২০২৫ প্ৰতিযোগিতা ?
এইবাৰ থাইলেণ্ডত অনুষ্ঠিত হ’ব লগা হৈছে ৭৪ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ৷ ২১ নৱেম্বৰত ইমপেক্ট চেলেঞ্জাৰ হলত আয়োজন কৰা হ’ব ৷ এই প্ৰতিযোগিতাৰ অন্তিম ৰাউণ্ডত বিশ্বই নিজৰ নতুন মিছ ইউনিভাৰ্ছ লাভ কৰিব, যাৰ মুকুট পিন্ধাব বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰা ভিক্টোৰিয়া কাইজাৰ থেলৱিগে ৷
লগতে পঢ়ক

