ETV Bharat / lifestyle

আমি কেতিয়া হনুমান চালিছা পাঠ কৰা উচিত ? জানি লওক সঠিক সময়

ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰত কেনেকৈ হনুমান চালিছা পাঠ কৰিব লাগে, কেতিয়া পাঠ কৰিব লাগে আৰু কেতিয়া পাঠ কৰিব নালাগে সবিশেষ এই প্ৰতিবেদনৰ পৰা জানক…

Hanuman Chalisa
আমি কেতিয়া হনুমান চালিছা পাঠ কৰা উচিত ? জানি লওক সঠিক সময় (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : March 26, 2025 at 3:49 PM IST

4 Min Read
Choose ETV Bharat

মঙলবাৰৰ দিনটো বজৰংগবলী হনুমানৰ নামত উৎসৰ্গিত ৷ হনুমান চালিছা পাঠ কৰিলে মানুহে জীৱনত আচৰিত ফল লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস আছে ৷ তুলসীদাসে লিখা হনুমান চালিছা পাঠ কৰাটো অতি লাভদায়ক হিচাপে বিবেচিত হয় ৷ হিন্দু ধৰ্মত ভগৱান হনুমানক কলিযুগৰ আটাইতকৈ শক্তিশালী দেৱতা হিচাপে পূজা কৰা হয় ৷ হনুমান চলিছা হৈছে হনুমান ভগৱানৰ পূজাৰ বাবে ভক্তিমূলক প্ৰাৰ্থনা ৷ হনুমান চালিছা পাঠ কৰা মানুহৰ সকলো বিপদ নাশ হয় ৷ লগতে পৰিয়াললৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে ৷ হনুমান চালিছা অতি সহজ ভাষাত ৪০টা পদত লিখা হৈছে ৷

মুঠ ৪০টা শ্লোক থকা হনুমান চালিছা ৰচনা কৰিছিল গোস্বামী তুলসীদাসে ৷ হনুমান চালিছা ষোড়শ শতিকাত আৱাধি ভাষাত লিখা হৈছিল ৷ যদিও হনুমান চালিছা যিকোনো সময়তে পাঠ কৰিব পাৰি, কিন্তু মঙলবাৰ আৰু শনিবাৰক শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়, কাৰণ এই দিনকেইটা বজৰংগবলীৰ বাবে উৎসৰ্গিত ৷ ব্ৰহ্ম মুহূৰ্তৰ সময়ত ৰাতিপুৱা ৪ বজাৰ পৰা ৬ বজালৈ হনুমান চালিছা পাঠ কৰিব পাৰে ৷

ধৰ্মীয় বিশ্বাস অনুসৰি দৈনিক হনুমান চালিছা আবৃত্তি কৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান হয় ৷ অৱশ্যে হনুমান চালিছা পাঠ কৰাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে ৷ এইবোৰ কথা মনত ৰাখি হনুমানৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ৷ এনে অৱস্থাত ঘৰত কেনেকৈ হনুমান চালিছা পাঠ কৰিব লাগে, কেতিয়া পাঠ কৰিব লাগে আৰু কেতিয়া হনুমান চলিছা পাঠ কৰিব নালাগে সবিশেষ এই প্ৰতিবেদনৰ পৰা জানক…

হনুমান চালিছা কেনেকৈ পাঠ কৰিব লাগে ?

হনুমান চালিছা কেতিয়াও উচ্চস্বৰত পাঠ কৰা উচিত নহয় ৷ সদায় মধ্যমীয়া সুৰত পাঠত কৰক আৰু উচ্চাৰণত যাতে কোনো ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ হনুমান চালিছা খৰখেদাকৈ পাঠ কৰা উচিত নহয়, বৰঞ্চ প্ৰতিটো পদৰ অথ বুজি পাঠ কৰা উচিত ৷

হনুমান চালিছা কিমানবাৰ পাঠ কৰিব লাগে ?

হনুমান চালিছা দিনটোত ১, ৩, ৭, ৯ বা ১১ বাৰ পাঠ কৰাটো শুভ বুলি গণ্য কৰা হয় ৷ ৭ বা ২১ দিন অবিৰতভাৱে হনুমান চালিছা পাঠ কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয় ৷

হনুমান চলিছা পঢ়াৰ শুদ্ধ পদ্ধতি কি ?

চালিছা পাঠ কৰাৰ সময়ত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয় ৷ ইয়াৰ পিছত বিশুদ্ধ ঘিউ বা তিল তেলৰ চাকি জ্বলাই চালিছা পাঠ আৰম্ভ কৰক ৷ সেই সময়ত হনুমানক মনতে স্মৰণ কৰি থাকিব ৷ হনুমান চালিছা পাঠ কৰাৰ সময়ত আপোনাৰ মুখখন পূব বা দক্ষিণ দিশত থাকিব লাগে ৷

কিমান সময়ত হনুমান চালিছা পাঠ কৰিলে ভাল ফলাফল পাব ?

হনুমান চলিছা পুৱা বা গধূলি পাঠ কৰিব পাৰি ৷ কিন্তু ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত আৰু ৰাতি শোৱাৰ আগতে হনুমান চালিছা পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয় ৷ মঙলবাৰ আৰু শনিবাৰে ৭ বাৰ হনুমান চলিছা পাঠ কৰিলে বিশেষ ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷

হনুমান চালিছা কেতিয়া পাঠ কৰিব নালাগে ?

সুতক কালত, মাংস আৰু মদ সেৱনৰ পিছত, আৰু গা নোধোৱাকৈ হনুমান চালিছা পাঠ কৰিব নালাগে ৷ ইয়াৰ বাহিৰেও হনুমান চালিছাৰ পাঠ কৰাৰ সময়ত মনলৈ নেতিবাচকতা আনিলে সম্পূৰ্ণ বুলি গণ্য কৰা নহয় ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. মঙলবাৰে এনেদৰে পাঠ কৰক হনুমান চালিছা আৰু লাভ কৰক বজৰংবলীৰ আশীৰ্বাদ
  2. পৱন পুত্ৰ হনুমানক প্ৰসন্ন কৰিবলৈ শুভ সময়, পূজা আৰু উপাসনাৰ বিধিসমূহ জানো আহক - Hanuman Jayanti 2024
  3. চাকৰি বিচাৰি আছে নেকি ? তেন্তে আজি হনুমান জীক অৰ্পণ কৰক এই সামগ্ৰী - Hanuman jayanti 2024