ETV Bharat / lifestyle

গাত জুই লাগিলে প্ৰথমে কি কৰা উচিত ? জানি লওক বিশেষজ্ঞৰ পৰা - FIRE SAFETY

গাত জুই প্ৰাথমিক ভাৱে কি কৰিব, জুই নুমোৱাৰ পাছত ঘাঁ টুকুৰাত কি কৰিব, অগ্নিদগ্ধ ৰোগীক কেনেদৰে চিকিৎসা কৰা হয়, জনালে জ্যেষ্ঠ চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই-

FIRE SAFETY
গাত জুই লাগিলে প্ৰথমে কি কৰা উচিত ? জানি লওক বিশেষজ্ঞৰ পৰা (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : May 29, 2025 at 11:44 AM IST

4 Min Read

বৰ্তমান সময়ত জুয়ে পোৰা বা অগ্নিদগ্ধ হোৱা এই সমূহ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায় ৷ জুয়ে পোৰা দুৰ্ঘটনা এটা অতি ভয়াৱহ দুৰ্ঘটনা ৷ জুয়ে কেৱল ব্যক্তি এগৰাকীৰ বাহিৰৰ অংশই যে পোৰে সেইটো নহয়, ইয়াৰ ফলত মানুহৰ ভিতৰত অংগ-প্ৰতংগও অনিষ্ট হয় ৷ সমান্তৰালভাৱে ই এক শৰীৰিক তথা মানসিক আঘাত ৷

জুয়ে পুৰিলে তাৎক্ষণিকভাৱে আমি কি কৰিব লাগে বা কি কৰা উচিত সেই সন্দৰ্ভত বহু মানুহে নাজানে ৷ ইয়াৰ বিপৰীতে কিছুমান নকৰিবলগীয়া প্ৰণালীও অৱলম্বন কৰা দেখা যায় ৷ যাৰ ফলত পোৰা অংশটো ভাল হোৱাৰ বিপৰীতে পৰিস্থিতি অতি ভয়াৱহ হোৱা হে দেখা যায় ৷

চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা (ETV Bharat Assam)

গাত জুই প্ৰাথমিকভাৱে কি কৰিব ?

গাত যদি জুই লাগে কেতিয়াও দৌৰিব নালাগে ৷ কাৰণ দৌৰাৰ ফলত জুইকুৰা নুমোৱাৰ বিপৰীতে বেছিকৈ হে উঠে ৷ দৌৰাৰ বিপৰীতে যি ঠাইতে আছে সেই ঠাইতে মাটিত বাগৰি দিব লাগে ৷ জুই নুমাবলৈ যিমান পাৰে পানী ধলিব লাগে ৷ কাৰণ পানী সহজে উপলব্ধ ৷ আনহাতে বহুতে জুই নুমাবলৈ কম্বল ব্যৱহাৰ কৰাও পৰিলক্ষিত হয় ৷ কম্বল ব্যৱহাৰ কৰিও জুই নুমাব পাৰি যদিও বহু সময়ত ওচৰতে কম্বল নাথাকে আৰু কেতিয়াবা কম্বল ব্যৱহাৰৰ কৰাৰ ফলত যি গৰাকী ব্যক্তিয়ে কম্বলখনেৰে ঢাকি দিছে তেওঁৰ গাটো জুই লগা পৰিলক্ষিত হয় ৷ আনহাতে কম্বলৰে ঢাকিলেও কেতিয়াবা সহজে জুই নুনুমাই, অক্সিজেন থকালৈ জুই জ্বলিয়ে থাকিব ৷ সেয়ে জুই নুমাবলৈ পানী অতি উকৃষ্ট, যিহেতু জুয়ে পোৰা ব্যক্তিগৰাকীক সংস্পৰ্শ নকৰাকৈ দূৰৰে পৰা পানী ধলিব পাৰি ৷

জুই নুমোৱাৰ পাছত ঘাঁ টুকুৰাত কি কৰিব ?

ঘাঁ টুকুৰাত বা পোৰা অংশত যিমান পাৰে পানী ধলিব লাগে ৷ যেতিয়ালৈ পুৰণিৰ উপশম নহয় তেতিয়ালৈ পানী ঢালি থাকিব লাগিব ৷ আৰু এইটো হ'বলৈ ২০ মিনিটৰ পৰা ১ ঘণ্টা পৰ্যন্ত সময় লাগিব পাৰে ৷ যদিহে কম কৈ পোৰে তেন্তে অন্য চিকিৎসাৰ ইমান প্ৰয়োজন নাথাকে কিন্তু যদিহে বেছিকৈ পোৰে তেন্তে পুৰনিৰ উপশম হোৱাৰ পাছত তাৎক্ষণিক চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিব লাগে ৷ হাস্পালতলৈ নিয়াৰ সময়ত এখন ডাঠ কাপোৰ পানীত তিয়াই সেইখনৰে ঢাকি দিব পাৰে ৷

পোৰা অংশত পানীৰ বাহিৰে অন্য বস্তু ব্যৱহাৰ কৰাটো কিমান গ্ৰহণযোগ্য

বহুতে পোৰা অংশত বৰফ লগাই ৷ সেইটো কৰা উচিত নহয় কাৰণ বৰফে আমাৰ ভিতৰৰ তেজ চলাচল কৰা নলী সমূহ সংকুচিত কৰি দিয়ে ৷ ফলত তেজৰ চলাচল কম হয় যিটো ঘাঁ টুকুৰাৰ বাবে বেয়া ৷ এনে কৰাৰ ফলত ঘাঁ টুকুৰা নুমাবলৈ বেছি দিন লাগে ৷ ইয়াৰোপৰি পোৰা ঘাঁ টুকুৰাৰ ওপৰত বহুতে বহু প্ৰলেপ লগায় ৷ যেনে-ঘিউ, টুথপেস্ট, আলু, কণী, চিয়াঁহী আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰলেপ লগোৱা দেখা যায় ৷ এনে কৰা উচিত নহয় ৷ আনকি যেতিয়ালৈ উত্তাপ থাকে তেতিয়ালৈ ঘাঁ টুকুৰাৰ ওপৰত এন্টি'বায়টিক মলমো লগাব নালাগে ৷

অগ্নিদগ্ধ ৰোগীক কেনেদৰে চিকিৎসা কৰা হয়

যদিহে এগৰাকী ব্যক্তিৰ ৭০% দগ্ধ হয় তেন্তে তেওঁক চেলাইন দিব লাগে ৷ আনহাতে আঘাটৰ পৰা পৰিমাণ অনুসৰি চেলাইন দিয়া হয় ৷ পৰৱৰ্তী সময়ত বৰ্তমান যি সমূহ আধুনিক চিকিৎসাপদ্ধতিৰে প্ৰয়োজন অনুসৰি ৰোগী গৰাকীৰ চিকিৎসা কৰা হয় ৷ এই চিকিৎসা নিৰ্ভৰ পৰে ৰোগী গৰাকীৰ পোৰা অংশৰ ওপৰত নিৰ্ভৰ কৰে ৷

লগতে পঢ়ক

  1. অগ্নিদগ্ধ হ'লে ঘৰুৱাভাৱে চিকিৎসা কৰাটো উচিত নে ?
  2. ঘৰুৱা পদ্ধতিৰে বৃক্কৰ পাথৰৰ চিকিৎসা কৰাটো কিমান গ্ৰহণযোগ্য ?
  3. বৰ্ধিত মানসিক চাপৰ বাবেই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ? কি ক’লে বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.