গুৱাহাটী : কাইলৈ বুদ্ধ পূৰ্ণিমা । ব'হাগ মাহৰ পূৰ্ণিমা তিথিটোক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয় । এই বছৰৰ বুদ্ধ পূৰ্ণিমা ১২ মে'ৰ সন্ধিয়া ১০-২৫ মিনিটলৈ থাকিব । এই তিথিটোতে ভগৱান বুদ্ধৰ জন্ম হৈছিল । লগতে এই তিথিতেই তেওঁ জ্ঞান লাভ আৰু পৰলোক গমন কৰিছিল । গতিকে ব'হাগ মাহৰ এই তিথিটোতে বুদ্ধদেৱৰ এই তিনিটা জীৱনৰ পৰিঘটনা হোৱা বাবে উক্ত তিথিটোক বুদ্ধ পূৰ্ণিমা বুলি অভিহিত কৰা হয় ।
বুদ্ধ পুৰ্ণিমা এই দিনটোত ভগৱান বিষ্ণুক পূজা কৰা উচিত ।
বুদ্ধ পূৰ্ণিমাৰ দিনা কি কাম কৰিলে শুভফল লাভ কৰিব ?
১) বুদ্ধ পূৰ্ণিমাৰ এই দিনটোত বহুতো মানুহে সত্য নাৰায়ণ পূজা কৰা দেখা পোৱাৰ লগতে বহুতে ভগবান বিষ্ণুৰ পূজা কৰে । লগতে বিভিন্ন ঠাইত ভগবান বিষ্ণু সম্বন্ধিত যজ্ঞ কৰা দেখা যায় । তদুপৰি এই দিনটোতে মা লক্ষ্মীৰ পূজা কৰিব পাৰে । মহাবিষ্ণু সহস্ৰ নাম পাঠ কৰিব পাৰে, মা লক্ষ্মীৰ শ্ৰী শোক্তম পাঠ কৰিব পাৰে ।
২) মা লক্ষ্মীৰ শ্ৰী শোক্তম পাঠ কৰিলে আৰ্থিক অভাৱৰ পৰা মুক্তিৰ পথ দেখা পোৱা যায় বুলি কোৱা হয় ।
৩) এই দিনটোত দিনৰ ভাগত আঁহত গছৰ পূজাও কৰিব পাৰে । আঁহত গছৰ গুৰিত পানী, গাখীৰ ঢলাৰ লগতে ফুল অৰ্পণ কৰিব পাৰে । লগতে চাকি জ্বলাব পাৰে । এনে কৰাৰ ফলত আমাৰ জীৱনৰ পৰা বহুখিনি নেতিবাচক মনোভাৱ আঁতৰ হোৱাত সহায় হ'ব ।
৪) বুদ্ধ পূৰ্ণিমাৰ এই দিনটোত বিশেষকৈ দান আৰু স্নানৰ সময় বুলি কোৱা হয় । স্নানৰ ক্ষেত্ৰত এই দিনটোত পূণ্য নদীত স্নান কৰিব পাৰে । নদীত স্নান কৰিব নোৱাৰিলেও তাৰ পানী আনি স্নান কৰিব পাৰে । পানীত তুলসী-দুৱৰী-গাখীৰ আৰু অকমান এঁৱা চাউল মিহলাই স্নান কৰিব পাৰে ।
৫) এই তিথিত দান কৰিব পাৰিলেও পুণ্যফল লাভ কৰিব পাৰে ।