ETV Bharat / lifestyle

Eye Grafting মানে কি ? ৮৯ বছৰ বয়সত কিয় অভিনেতা ধৰ্মেন্দ্ৰই কৰোৱাবলগীয়া হ’ল এই অস্ত্ৰোপচাৰ

শেহতীয়াকৈ বলীউডৰ বিখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ চকুৰ অস্ত্ৰোপচাৰ কৰা হৈছে । তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ কিয় কৰা হ’ল সবিশেষ পঢ়ক-

What is Eye Grafting? A Guide to the Surgery Actor Dharmendra Recently Underwent at age of 89
Eye Grafting কি ? ৮৯ বছৰ বয়সত কিয় অভিনেতা ধৰ্মেন্দ্ৰই কৰোৱাবলগীয়া হ’ল এই অস্ত্ৰোপচাৰ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 2, 2025 at 5:14 PM IST

4 Min Read
Choose ETV Bharat

মঙলবাৰে মুম্বাইত চকুত থকা এটা বেণ্ডেজে সংবাদ শিৰোনাম দখল কৰে ৷ যে হঠাৎ অভিনেতা ধৰ্মেন্দ্ৰৰ হঠাৎ হ’ল কি ? কিয় তেওঁ এই বেণ্ডেজ পৰিধান কৰিছে ৷ জনাই দিও যে, মঙলবাৰে চকুত বেণ্ডেজ লাগি থকা অৱস্থাত প্ৰবীণ অভিনেতাগৰাকীয়ে পাপাৰাজ্জিৰ এটি ভিডিঅ’ৰ জৰিয়তে তেওঁ এটি বাৰ্তা নিজৰ অনুৰাগীলৈ প্ৰেৰণ কৰিছিল আৰু এই ভিডিঅ’ মাথো কিছু মুহূৰ্তৰ পিচতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷

এই ক্লিপটোত ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰই তেওঁৰ চকুৰ অস্ত্ৰোপচাৰৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে, "মোৰ দেহত এতিয়াও বহুত শক্তি আছে, মোৰ জীৱন জীয়াবলৈ আৰু বহুত বাকী আছে ৷ মোৰ চকুত গ্ৰাফ্ট হৈছে ৷ দৰ্শকসকল মই আপোনালোকক ভাল পাওঁ, মই মোৰ বন্ধুসকলক ভাল পাওঁ, মই মোৰ অনুৰাগীসকলক ভাল পাওঁ ৷ মই শক্তিশালী ৷"

কিয় ধৰ্মেন্দ্ৰৰ চকুৰ অস্ত্ৰোপচাৰ হৈছিল ?

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ধৰ্মেন্দ্ৰই কয় যে, "মোৰ দেহত এতিয়াও বহুত শক্তি আছে, মোৰ জীৱন জীয়াবলৈ আৰু বহুত বাকী আছে ৷ মোৰ চকুত গ্ৰাফ্ট হৈছে ৷ দৰ্শকসকল মই আপোনালোকক ভাল পাওঁ, মই মোৰ বন্ধুসকলক ভাল পাওঁ, মই মোৰ অনুৰাগীসকলক ভাল পাওঁ ৷ মই শক্তিশালী ৷" জনাই দিও যে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, তেওঁৰ চকুত সমস্যা হৈছে, যাৰ বাবে তেওঁৰ কৰ্ণিয়া ট্ৰান্সপ্লাণ্টেচন (আই গ্ৰাফ্ট) কৰিবলগীয়া হৈছিল ৷

চকুৰ গ্ৰাফ্টিং মানে কি ?

এন এইচ এছৰ মতে, এইটো কৰ্ণিয়া ট্ৰান্সপ্লাণ্টৰ বাবে কৰা এক অপাৰেচন বা অস্ত্ৰোপচাৰ ৷ ইয়াত ক্ষতিগ্ৰস্ত কৰ্ণিয়াৰ সকলো বা অংশ আঁতৰাই তাৰ ঠাইত সুস্থ দাতাৰ কলা স্থাপন কৰা হয় ৷ ইয়াক সাধাৰণতে কেৰাট’প্লাষ্টি বা কৰ্ণিয়াল গ্ৰাফ্ট বুলিও কোৱা হয় ৷

কৰ্ণিয়া কি ?

কৰ্ণিয়া হৈছে চকুৰ আটাইতকৈ বাহিৰৰ দৃশ্যমান অংশ, যিয়ে চকুত পোহৰ প্ৰৱেশ কৰি ৰেটিনাত উপনীত হোৱাত সহায় কৰে ৷ যদি কোনো কাৰণত কৰ্ণিয়া ক্ষতিগ্ৰস্ত হয়, তেন্তে পোহৰ ভালদৰে কেন্দ্ৰীভূত কৰিব নোৱাৰি আৰু ব্যক্তিজনে দেখাত অসুবিধা পায় ৷

কেতিয়া প্ৰয়োজন হয় ?

চকুৰ গ্ৰাফ্টিঙৰ সহায়ত দৃষ্টিশক্তি উন্নত হয়, বিষৰ পৰা উপশম পাব পাৰি, গুৰুতৰ সংক্ৰমণ বা ক্ষতিৰ চিকিৎসা কৰিব পাৰি ৷

চকুৰ গ্ৰাফ্টিং কেনেকৈ কৰা হয় ?

চকুৰ গ্ৰাফ্টিঙৰ বাবে অস্ত্ৰোপচাৰ কৰ্মীয়ে ক্ষতিগ্ৰস্ত কৰ্ণিয়াৰ এটা বৃত্তাকাৰ টুকুৰা আঁতৰাই তাৰ ঠাইত ড’নাৰ কৰ্ণিয়াৰ পৰা একে আকাৰৰ টুকুৰা এটা লগায় ৷ তাৰ পিছত দাতাৰ কৰ্ণিয়া অতি মিহি অস্ত্ৰোপচাৰৰ সহায়ত চিলাই কৰা হয়, যিবোৰ সাধাৰণতে ১-২ বছৰৰ পিছত আঁতৰাই পেলোৱা হয় ৷

কিমান প্ৰকাৰৰ কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট হয় ?

কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট মূলত তিনি ধৰণৰ: সম্পূৰ্ণ কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট (Penetrating Keratoplasty - PKP), য’ত সমগ্ৰ কৰ্ণিয়া সলনি কৰা হয় ৷ দ্বিতীয়টো হ’ল আংশিক কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট (Lamellar Keratoplasty - LK), য’ত কেৱল ক্ষতিগ্ৰস্ত স্তৰটো আঁতৰাই নতুন স্তৰ এটা স্থাপন কৰা হয় ৷ তৃতীয়টো ডেচেমেট ষ্ট্ৰিপিং এণ্ডোথেলিয়াল কেৰাট’প্লাষ্টি (DMEK)-এ কেৱল কৰ্ণিয়াৰ ভিতৰৰ স্তৰৰ ঠাই লয়, যিটো ফুচছ ডিষ্ট্ৰফিৰ দৰে ৰোগত উপযোগী ৷

আৰোগ্য লাভ কৰাৰ সময়

চকুৰ গ্ৰাফ্টিংৰ পিছত চকুটো সম্পূৰ্ণৰূপে ভাল হ'বলৈ আৰু দৃষ্টিশক্তি সুস্থিৰ হ'বলৈ কেইবা সপ্তাহৰ পৰা মাহৰ সময় লাগিব পাৰে ৷ এই সময়ত চকুৰ টোপালও প্ৰয়োগ কৰিবলৈ দিয়া হয় যাতে দাতাৰ কলা ভালদৰে খাপ খাব পাৰে ৷

Eye graftingৰ খৰচ

ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি ভাৰতত চকু গ্ৰাফ্টিঙৰ খৰচ ৯০ হাজাৰৰ পৰা ১ লাখ টকালৈকে হ’ব পাৰে ৷ এই পৰিমাণ প্ৰতি চকুৰ বাবে ৷ এই খৰচ চহৰ আৰু চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণে হ’ব পাৰে ৷

লগতে পঢ়ক

  1. তামান্না ভাটিয়াৰ দৰে আপুনিও একপক্ষীয় প্ৰেমত পৰিছে নেকি ? এইদৰে জানক আপোনাৰ সংগীয়ে কমিটমেণ্ট বিচাৰে নে নাই
  2. ৭0-৮০ দশকত বলীউডত দপ-দপাই থকা অভিনেত্ৰী জীনাত আমানৰ ফিটনেছৰ ৰহস্য কি ?
  3. ৭০ বছৰ বয়সতো কিদৰে নিজৰ ছাল-চুলিক ধুনীয়া কৰি ৰাখিছে ৰেখাই ?