বন্ধু কেনে হ'ব লাগে, আশা বৰদলৈয়ে কাক জ্ঞাপন কৰিলে বন্ধুত্ব দিৱসৰ শুভেচ্ছা ?
আজি বন্ধুত্ব দিৱস । আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বজুৰি পালন কৰা হয় বন্ধুত্ব দিৱস । নিজৰ বন্ধুজন কেনে হোৱাটো বিচাৰে অভিনেত্ৰী আশা বৰদলৈয়ে ?

Published : August 3, 2025 at 2:53 PM IST
গুৱাহাটী: পৃথিৱীৰ আটাইতকৈ নিভাঁজ শক্তিশালী সম্পৰ্কটোয়ে হৈছে বন্ধুত্ব । প্ৰকৃত বন্ধুৰ সংজ্ঞা দিয়াটো বৰ কঠিন । তথাপিও বহুতে কয় এজন প্ৰকৃত বন্ধু এখন ভাল কিতাপৰ দৰে । সাগৰৰ দৰে গভীৰ আৰু আকাশৰ দৰেই বিশাল । অযুত বিশ্বাস আৰু অনাবিল ভালপোৱাৰে ভৰা এটি সম্পৰ্ক বন্ধুত্ব । আজি বন্ধুত্ব দিৱস । প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বজুৰি পালন কৰা হয় বন্ধুত্ব দিৱস ।
নিজৰ বন্ধুজন কেনেকুৱা হোৱাটো বিচাৰে অভিনেত্ৰী আশা বৰদলৈয়ে:
বন্ধুত্ব দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে । শুভেচ্ছা জ্ঞাপন কৰি অভিনেত্ৰীগৰাকীয়ে কয়, "মোৰ যদি কোনোবা বন্ধু তেন্তে তেওঁ সুদামাৰ দৰে হোৱাটো মই বিচাৰোঁ আৰু যদি মই সুদামা হওঁ তেন্তে মোৰ বিচাৰোঁ যে মোৰ বন্ধুজন কৃষ্ণৰ দৰে হওক । বন্ধু এনেকুৱা হওক, ইজনে সিজনৰ বিপদৰ সময় আহক আৰু আহি ইজনে সিজনক ৰক্ষা কৰক । আজিকালি যান্ত্ৰিকতাৰ সময়, ইয়াত আটাইতকৈ সহজ নিজৰ লগত নিজে বন্ধুত্ব কৰক । নিজে নিজৰ লগত একেলগে হাঁহি মাতি আগবাঢ়ি যাওক ।"
বন্ধুত্ব দিৱসৰ দিনটোত নিৰ্দিষ্ট বন্ধু-বান্ধৱীৰ বিষয়ে কি কয় বৰদলৈয়ে ?
এই সন্দৰ্ভত তেওঁ কয়,"মোৰ বন্ধু-বান্ধৱী বহুত আছে । কোনোবা বিশেষ এজনৰ নাম ক'বলৈ গ'লে অকণমান অসুবিধা হয় । বিভিন্ন সময়ত, বিভিন্নজনে মোক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে । মোৰ জীৱনত মোৰ বিপদৰ সময়ত, বিশেষকৈ মোৰ প্রয়োজনৰ সময়ত যিসকল ব্যক্তিয়ে মোৰ হাতত হাত ধৰি মোক আগুৱাই লৈ আহিছে এইখিনি পৰ্যায়লৈ সকলোলৈ বন্ধুত্ব দিৱসৰ শুভকামনা জনালোঁ ।"
উল্লেখ্য যে, হ'লমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হ'লে ১৯১৯ চনত বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল যদিও বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয় । প্ৰতি আগষ্টৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব বুলি ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে । সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতমৰূপে স্বীকৃতি পায় ।

