ETV Bharat / lifestyle

এয়া হৈছে আপোনাৰ গোৰোহা ফটাৰ মূল কাৰণ - CRACKED FEET

যদি আপোনাৰ গোৰোহা খুব ফাটে, তেন্তে ইয়াক আওকাণ কৰাৰ ভুল নকৰিব । হ’ব পাৰে আপোনাৰ শৰীৰত এই ভিটামিনৰ অভাৱ-

What deficiency causes cracked feet
এয়া হৈছে আপোনাৰ গোৰোহা ফটাৰ মূল কাৰণ (Etv Bharat)
author img

By ETV Bharat Lifestyle Team

Published : October 14, 2024 at 4:07 PM IST

2 Min Read

গোৰোহা ফটাতো তেনেই এক সাধাৰণ সমস্যা, যিটো দেখাত বেয়া লগাই নহয়, কেতিয়াবা বিষো অনুভৱ ৷ যদিও ঠাণ্ডা বতৰত গোৰোহা ফটাতো অতি সাধাৰণ, তথাপিও সময়ৰ লগে লগে ই নিজাববীয়াকৈ ভাল হৈ যায় ৷ কিন্তু যদি আপোনাৰ গোৰোহাত সদায় ফাট দেখা যায়, তেন্তে ইয়াক আওকাণ কৰাৰ ভুল নকৰিব ৷ কিন্তু কেতিয়াবা শৰীৰত কিছুমান ভিটামিনৰ অভাৱৰ বাবে গোৰোহাত ফাট মেলিবলৈ আৰম্ভ কৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক যে কোনবোৰ ভিটামিনৰ

ভিটামিন এ

এই ভিটামিনে ছালৰ মেৰামতি আৰু পুনৰুত্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ভিটামিন এৰ অভাৱত ছাল শুকান আৰু নিৰ্জীৱ হৈ পৰে, যাৰ ফলত গোৰোহাত ফাট মেলিব পাৰে ৷ খাদ্য তালিকাত সেউজীয়া শাক, গাজৰ আৰু কণী আদি অন্তৰ্ভুক্ত কৰি আপুনি শৰীৰত এই ভিটামিনৰ অভাৱ দূৰ কৰিব পাৰে ৷

ভিটামিন ই

এই ভিটামিনবিধ এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ আৰু ই ছালক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷ ভিটামিন ইৰ অভাৱত ছালত আৰ্দ্ৰতাৰ অভাৱ হয়, যাৰ বাবে গোৰোহা ফাটিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত বাদাম, বীজ আৰু সেউজীয়া শাক-পাচলি আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

ভিটামিন ডি

ভিটামিন ডিৰ অভাৱৰ বাবে কেলচিয়াম আৰু ফছফৰাছ সঠিকভাৱে শোষণ নহয়, যিটো ছালৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷ ইয়াৰ অভাৱৰ বাবে ছালখন দুৰ্বল হৈ পৰিব পাৰে আৰু গোৰোহাত ফাট মেলিব পাৰে ৷ এনে পৰিস্থিতিত সূৰ্যৰ তাপ লোৱা, মাছ আৰু কণী খোৱাটো জৰুৰী ৷

ভিটামিন বি7(Biotin)

বায়’টিনৰ অভাৱত ছাল আৰু নখ দুৰ্বল হ’ব পাৰে ৷ এই ভিটামিন ছালৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷ বায়’টিনৰ অভাৱত গোৰোহা ফটাৰ সমস্যা বৃদ্ধি পাব পাৰে ৷ এনে পৰিস্থিতিত কণী, বাদাম আৰু গোটা শস্য খাদ্যত অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷

https://www.wwfoot.com/blogs/item/1107-can-vitamin-deficiencies-cause-cracked-heels

লগতে পঢ়ক: Cracked Heels: ফাটি যোৱা গোৰোহাক হৈ আপুনি চিন্তিত নেকি ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ি পাওক ইয়াৰ সমাধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.