বৰ্তমান সময়ত এন্টিঅক্সিডেন্ট যুক্ত খাদ্য সামগ্ৰীৰ প্ৰতি সকলোৰে ধাউতি বাঢ়িছে ৷ বহু স্বাস্থ্যসচেতন লোক এই এন্টিঅক্সিডেন্টৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত ৷ সেয়েহে আজিকালি প্ৰায়বোৰ মানুহেই দৈনন্দিন খাদ্য তালিকাত এন্টিঅক্সিডেন্ট যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে ৷ এই এন্টিঅক্সিডেন্টে ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে ৷ এন্টিঅক্সিডেন্টে হাৰ্টৰ সুৰক্ষা কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰথ্ৰাইটিছ,কেন্সাৰ আদি প্ৰতিৰোধ কৰে, ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধন কৰে আৰু আমাৰ বাৰ্ধক্য অহাতো বাধা প্ৰদান কৰে ৷
এন্টিঅক্সিডেন্টযুক্ত বহুতো খাদ্যসামগ্রী আছে ৷ তাৰ ভিতৰত বাদাম জাতীয় শুকান ফল আখৰোট যাক ইংৰাজীত ৱালনাত বুলি কোৱা হয় সিও অন্যতম ৷ চকলেট, কেক, কুকিজ আদি বিভিন্ন সুস্বাদু ব্যঞ্জনত আখৰোট ব্যৱহাৰ হয় ৷ কাজু, চীনা বাদাম, খেজুৰ, কিচমিচ আদি শুকান ফলসমূহ সৰ্বসাধাৰণ লোকৰ মাজত যিমান জনপ্ৰিয় আখৰোট ইমান বেছি জনপ্ৰিয় নহয় ৷

সঠিক তথ্যৰ অভাৱৰ বাবে বহুতেই ইয়াৰ উপকাৰীতাৰ বিষয়ে নাজানে ৷ কিন্তু গুণগত দিশত আখৰোট আন বহুতো শুকান ফলতকৈ উচ্চ মানদণ্ডৰ ৷ কাৰ্ব'হাইড্ৰেট, প্ৰটিন, স্নেহ, অমেগা 3 ফেতি এচিড, অমেগা 6 ফেতি এচিড, আইৰণ, কেলচিয়াম, ভিটামিন A, ভিটামিন B কম্প্লেক্স, ভিটামিন E, মেংগানিজ, মেগনেছিয়াম, চডিয়াম, কপাৰ, ফচফৰাছ ,আঁহ আদি অত্যাৱশ্যকীয় উপদানেৰে পৰিপূৰ্ণ আখৰোট আমাৰ বাবে বহু উপকাৰী ৷ এক কথাত কবলৈ গ'লে ইয়াক একপ্ৰকাৰৰ 'চুপাৰ ফুড' বুলি ক'ব পাৰি ৷ ই হৈছে এবিধ প্ৰকৃতিপ্ৰদত্ত মাল্টিভিটামিন ৷ উৎকৃষ্ট শুকান ফল এই আখৰোট আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানো আহক:-

- আখৰোটত থকা বিভিন্ন এন্টিঅক্সিডেন্ট, ভিটামিন E, মেলাতনিন, অমেগা 3 ফেতি এচিদ, পলিফিনলে আমাক হাৰ্টৰ বহুতো সমস্যাৰ পৰা বচাই ৰাখে ৷ আখৰোটে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল, ট্ৰাই গ্লিচাৰাইড হ্ৰাস কৰে , উচ্চ ৰক্তচাপ কম কৰাতো সহায় কৰে ৷ ইয়াত থকা অলিক এচিড, আলফা লিনলিক এচিড, লিনলিক এচিডে কৰ'নাৰী হাৰ্ট ডিজিজ (CHD) হোৱাত বাধা প্ৰদান কৰে ৷
- ওজন কম কৰাতো আখৰোট উপকাৰী কাৰণ ইয়াত আঁহ আছে ৷
- ইয়াত থকা কেলচিয়াম, মেংগানিজ, ক'পাৰ, জিঙ্ক, ভিটামিন B ৰ বাবে হাড়ৰ গঠন মজবুত হয় আৰু অষ্টিওপৰ'ছিছ সমস্যা ৰোধ কৰে ৷
- মেগনেছিয়াম, মেংগানিজ, কেলচিয়াম, ফলেট, কপাৰ, আইৰণ থকাৰ বাবে শৰীৰৰ বিপাকীয় কাৰ্য্য সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় হয় ৷
- ডায়েবেটিচ ৰোগীৰ বাবেও আখৰোট উপকাৰী ৷
- অমেগা 3 ফেটি এচিড, মেগনেছিয়াম, আৰ্গিনিন আদিয়ে ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে, অংগৰ প্ৰদাহ ৰোধ কৰি আৰথ্ৰাইটিছ , এলজেইমাৰ, কেন্সাৰ আদিৰ পৰাও আমাক বচাই ৰাখে ৷
- এন্টিঅক্সিডেন্ট থকাৰ বাবে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
- গৰ্ভৱতী মহিলাৰ বাবেও আখৰোট উপকাৰী কাৰণ ইয়াত অত্যাৱশ্যকীয় উপাদান যেনে বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ পোৱা যায় ৷ এইবোৰ উপদানে গভস্থ শিশুৰ বিকাশতো সহায় কৰে ৷
- ইয়াত থকা মেলাতনিনে ষ্ট্ৰেছ আৰু নিদ্ৰাহীনতা দূৰ কৰে ৷
- আখৰোটে স্মৃতি শক্তি বৃদ্ধি কৰে, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, কাৰণ ইয়াৰ ভিটামিন E আছে ৷ এই ভিটামিন E য়ে স্নায়ুকোষক ফ্ৰী ৰেদিকেলৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে ৷ মৃগী (epilepsy) ৰোগীৰ বাবেও আখৰুট উপকাৰী ৷
- আখৰোটে পাচন ক্ৰিয়াতো সহায় কৰে, কৌষ্ঠকাঠিন্য দূৰ কৰে আৰু গলব্লাডাৰৰ বিভিন্ন সমস্যা দূৰ কৰে ৷
- ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনতো আখৰোট উপকাৰী ৷ ইয়াত থকা ভিটামিন E, প্ৰটিন, আইৰণ আদিয়ে ছাল, চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু শালমন, ক'লা দাগ আদি বহুতো সমস্যা নিবাৰণ কৰে ৷ সেয়েহে বিভিন্ন শ্বেম্পু , প্ৰসাধন সামগ্ৰীত আখৰোট ব্যৱহাৰ কৰা হয় ৷ আখৰোটে অকালতে অহা বাৰ্ধক্যও ৰোধ কৰে ৷
ইমানখিনি গুণ থকা শক্তিদায়ক শুকান ফল আখৰুট মাজে মাজে আমি সকলোৱে সেৱন কৰা উচিত ৷ ইয়াক গাখীৰ বা যিকোনো মিঠা ব্যঞ্জনত দি খাব পাৰি বা অন্য উপায়েৰেও খাব পাৰি ৷ অৱশ্যে এনেবোৰ শুকান ফল অত্যাধিক মাত্ৰাত খোৱা অনুচিত ৷ বেছিকৈ খালে ডায়েৰীয়া বা অন্য পেটৰ সমস্যা হ’ব পাৰে ৷
লগতে পঢ়ক