অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু সমাগত ৷ বিহু বা অসমীয়া লোককৃষ্টি বুলিলেই এয়া ঋতু আৰু কৃষিকেন্দ্ৰিক, যাৰ সৈতে সংযুক্ত হৈ থাকে লোককৃষ্টি ৷ সেইবাবেই এই বিহুত কৃষিৰ প্ৰস্তুতিৰ পৰা সংস্কৃতিৰ চৰ্চাৰ উপৰি ইয়াৰ বাবে নিজৰ লগতে পশুধনকো নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ যতন লোৱাৰ পৰম্পৰাৰো সমাহাৰ ঘটে ৷
তদুপৰি, অসমৰ পৰম্পৰাগত বয়নশিল্প, বাদ্যশিল্প আদিৰ লগতে সৌন্দৰ্যচৰ্চাৰ পৰা খাদ্যসম্ভাৰলৈ সকলোতে বসন্ত ঋতুকেন্দ্ৰিক ৰঙালী বিহুৰ বৰ্ণিল প্ৰস্তুতি আৰু পৰম্পৰা পৰিস্ফুত হয় ৷ ইয়াৰ সৈতে সাঙোৰ খাই থাকে স্বাস্থ্য সজাগতাৰ এক বিৰল ছবি ৷ ৰঙালী বিহুৰ বৈশিষ্টও অনন্য ৷ প্ৰকৃতিয়ে নতুন ৰূপত নিজকে সজাই তোলাৰ সমান্তৰালভাৱে অসমীয়া সমাজ জীৱনতো নিজকে সুস্থ কৰা উৎপাদনী কাম-কাজৰ বাবে সাজু কৰি তোলাৰ পৰম্পৰাও ৰং-ধেমালি আৰু আধ্যাত্মিক ক্ৰিয়াকৰ্মৰ মাজৰে প্ৰতিফলিত হয় ৷ ইয়াৰে এক বিশেষ অংশ হ’ল সাতদিনীয়া এই বিহুৰ যিকোনো এটা দিনত খোৱা ১০১ বিধ শাকৰ বিশেষ এক ব্যঞ্জনৰ জৰিয়তে স্বাস্থ্য সজাগতাৰ এক বিশেষ বাৰ্তাও যুগে যুগে দি আহিছে ৷ পিছে, ৰঙালীৰ সাত বিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ? সেয়া হৈছে -
১)মছন্দৰী
মধুমেহ আৰু যকৃত ৰোগীৰ বাবে খুব উপকাৰী মছন্দৰী ৷
২) চিৰতা পাত
চিৰতা পাত খালে মেলেৰীয়া, বহুমূত্ৰ ৰোগ দূৰ হোৱাৰ লগতে তেজ পৰিস্কাৰ আৰু ছালৰ ৰোগ দুৰ হয় ৷
৩) খুতুৰা শাক
খুতুৰা বা খুতৰীয়া শাকে কফ আৰু বিষ নাশ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে ৷
৪) চালকুঁৱৰী
ছালৰ ৰোগৰ বাবে মহাষৌধ চালকুঁৱৰী ৷ ই পাচন প্ৰক্ৰিয়া শক্তিশালী, ডায়বেটিচ নিয়ন্ত্ৰণ আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে ৷
৫) চুকা শাক
বায়ুত বিয়পা বহু ৰোগ নাশ কৰে চুকাশাকে ৷
৬)অমিতা ফুল
অমিতাৰ ফুল কৰ্কট ৰোগ প্ৰতিৰোধী ৷ ই হজম শক্তি বৃদ্ধি, যকৃত সৱল, কুকুৰীকণা নাশ আৰু পেটৰ ঘাঁ শুকুৱাত সহায় কৰে ৷
৭) চেংমৰা
চেংমৰা খাই হাঁপানি, ব্ৰংকাইটিছ, বাট বিষ, পেটৰ বিষৰ পৰা বাচি থাকিব পাৰি ৷
৮)সৰিয়হ লতি
জ্বৰৰ লগতে বিষ দূৰ কৰে সৰিয়হ লতিয়ে ৷
৯) কেৰেলা পাত
আইৰন, মেগনেচিয়াম, পটাচিয়াম, ভিটামিন চিৰ উৎস হৈছে কেৰেলাৰ পাত ৷ তদুপৰি, ই লিভাৰৰ বিসংগতি দূৰ তথা মধুমেহ, কলেষ্টেৰল নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ শৰীৰৰ চৰ্বি হ্ৰায়, চুলি আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায়ক কেৰেলাৰ পাত ৷
১০) চজিনা পাত
চজিনা পাত খালে অস্থি মজবুত হয় ৷ ই হজম শক্তি বৃদ্ধি কৰে ৷ ৰক্ত সংশোধন, ডায়বেটিছ নিয়ন্ত্ৰণ আৰু যৌন দূৰ্বলতা নাশ কৰাতো ইয়াৰ ভূমিকা অপৰিসীম ৷

১১)জাতি লাউৰ আগ
অতি পুষ্টিৰে ভৰপুৰ জাতিলাউৰ আগ শুক্ৰবৰ্দ্ধক ৷
১২) লেহেতী শাক
লেহেতী শাক অত্যন্ত পুষ্টিদায়ক ৷
১৩) জলকীয়া পাত
জলকীয়াৰ পাত খালে শ্বেত ৰক্ত কণিকা, দৃষ্টিশক্তি বৃদ্ধি, ৰক্তচাপ হ্ৰাস আৰু সংক্ৰমণ ৰোধ হয় ৷ তদুপৰি, ই ছাল-চুলিও মজবুত কৰে ৷
১৪) টেঙামৰা
টেঙামৰাৰ পাত গ্ৰহণী নাশক ৷
১৫) জালুক পাত
জালুকৰ দৰে ইয়াৰ পাত বীজাণু আৰু গাৰ বিষ নাশক ৷
১৬)হাতী খুতৰা
হাতী খুতৰা গ্ৰহণী আৰু বিষ নাশক ৷
১৭) জিকা পাত
অত্যন্ত পুষ্টিদায়ক জিকাপাতে চাইনাচ দূৰ কৰাত সহায় কৰে ৷
১৮) কচু থোৰ
খুব আইৰণ সমৃদ্ধ এই কচু থোৰ ৷
১৯) গাখীৰতী বন
গাখীৰতী বন খালে কোষ্ঠকাঠিন্য, স্নায়ু ৰোগ, দাঁতৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ দূৰ হয় ৷
২০) জিলমিল শাক
জিলমিল শাক খালে পেলুৰ সমস্যা দূৰ হয় ৷ ই ভোক বৃদ্ধিৰো কাৰক ৷
২১)চাঙেৰী
চাঙেৰী বা টেঙেচি শাকে স্মৃতি শক্তি বৃদ্ধি কৰে ৷
২২) জেটুলীপকা পাত
ঔষধী গুণযুক্ত জেটুলীপকা পাতে শৰীৰত তেজৰ অভাৱ দূৰ কৰে ৷
২৩) ৰঙালাওৰ আগ
ৰঙালাওৰ আগ অত্যন্ত পুষ্টিদায়ক ৷
২৪) জ্যেষ্ঠমধুৰ পাত
হৃদ ৰোগ আৰু কফ দূৰ কৰাৰ লগতে ঘাঁ-শুকোৱাত যথেষ্ট সহায়ক এই জ্যেষ্ঠমধুৰ পাত ৷
২৫)টিকনি বৰুৱা শাক
মধুমেহ ৰোগীৰ বাবে এই শাক দৈনিক খোৱাটো যথেষ্ট উপকাৰী ৷
২৬) ঢেঁকীয়া
ঢেঁকীয়া খালে তেজ তথা পেট পৰিস্কাৰ হয় ৷
২৭) টুবুকী লতা
বগাস্ৰাৱৰ সমস্যাত ভূগি থকা মহিলাসকলৰ বাবে টুবুকী লতী খোৱাটো খুব উপকাৰী ৷ এইবিধ লতা কৰ্কট ৰোগ নাশক আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ কাৰক ৷
২৮) ঢেঁকীয়ালতি
বাত বিষৰ বাবে খুবেই উপকাৰী ঢেঁকীয়ালতি ৷
২৯) কচু শাক
শোথ ৰোগ বা এডিমা ৰোগৰ বাবে খুব উপকাৰী কচু শাক ৷
৩০) কেঞাবন
ছালৰ ৰোগ, ডায়েৰীয়া নিৰ্মূলত উপকাৰী কেঞাবন ৷ ই আমাৰ হজমশক্তি উন্নত কৰে ৷
৩১) তৰা গজালি
তৰা গজালি আচলতে পেলুৰ প্ৰতিষেধক ৷
৩২) কলমৌ শাক
কলমৌ শাকে স্তনত গাখীৰ আৰু পুৰুষৰ শুক্ৰানু বৃদ্ধি কৰে ৷
৩৩) তিতাফুল
তিতাফুল কৃমি নাশক ৷
৩৪) পুৰৈ শাক
পুৰৈ শাক খালে এলাৰ্জি ভাল হয় ৷ কুকুৰীকণা নাশ আৰু স্মৃতি শক্তিও বৃদ্ধি কৰে পুৰৈ শাকে ৷
৩৫) কণা শিমলু
ঔষধি গুণৰে ভৰপুৰ এই কণা শিমলু ৷
৩৬) পুৰৈ শাক
পুৰৈ শাকে তেজ পৰিস্কাৰ কৰে ৷
৩৭) বৰথেকেৰা পাত
বিভিন্ন পুষ্টিসম্পন্ন বৰথেকেৰা পাত ৷
৩৮) হাঁচিয়তি বন
কাহ-চৰ্দিকে ধৰি ঋতুগত ৰোগৰ বাবে এইবিধ শাক খোৱাটো উপকাৰী ৷
৩৯) তুলসী পাত
তুলসী পাত কাঁহ, হাঁপানি, কফ নাশক ৷
৪০) বন জলকীয়া
বন জলকীয়াই এন্টিচেপ্তিক হিচাপে কাম কৰে ৷
৪১) বন জালুক
ছাল আৰু পেটৰ অগণন ৰোগ ভাল কৰিব পাৰে বন জালুকে ৷
৪২) দহি কচু
দহি কচু ফিটাপেলু আৰু কোষ্ঠকাঠিন্য নাশক ৷
৪৩) পানী কচু
পানী কচু খালে শৰীৰত আইৰণৰ অভাৱ দূৰ হয় ৷
৪৪) চুকা শাক
চুকা শাক অন্ত্ৰৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী ৷
৪৫) বৰ টেঙেচি
বৰ টেঙেচীয়ে স্মৃতি শক্তি বৃদ্ধি কৰে ৷
৪৬) মূলা শাক
মূলা শাক কিডনী ৰোগ, হাঁপানি ৰোগ নাশক ৷
৪৭) দুপৰ টেঙা
প্ৰস্ৰাৱৰ ৰোগ, বৃক্ক আৰু জণ্ডিচ ৰোগ প্ৰতিৰোধী দুপৰ টেঙা ৷
৪৮) বৰালি বুকুৱা
ডিচেন্ট্ৰি আৰু প্ৰস্ৰাৱৰ সমস্যাত বৰালি বুকুৱা খোৱাটো খুবেই উপকাৰী ৷
৪৯) নেফাফু
ঔষধি গুণ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত অতি সহায়ক ৷
৫০) দুবৰি বন
মাহেকীয়াৰ সমস্য দূৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে দুবৰি বনে ৷
৫১) নহৰু পাত
নহৰু পাত খালে হজম শক্তি উন্নত আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন হয় ৷
৫২) কুকুৰা ঠেঙীয়া শাক
এইবিধ শাকে দাঁতৰ ৰোগ, কেন্সাৰ, ডায়বেটিছ, জ্বৰ, খৰ-খজুলি আদি দূৰ কৰে ৷
৫৩) দোৰোণ শাক
হজম শক্তি উন্নত কৰাৰ লগতে বহু ৰোগ উপশম কৰে দোৰোণ শাকে ৷
৫৪) গৰু খিচ
আৰ্থাৰাইটিছ, ডায়েৰিয়া, ছালৰ ৰোগ আদিৰ বাবে খুব উপকৰী গৰু খিচ ৷
৫৫) কেঁহাৰাজ
পূৰণি দিনত চিঁয়াহী বনোৱাত ব্যৱহৃত কেঁহাৰাজৰ ঔষধি গুণো বহু আছে ৷ বদহজমৰ লগতে পেটৰ আন আন সমস্যা দূৰ কৰাত কেঁহাৰাজ উপকাৰী ৷
৫৬) মনোৱা শাক
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে যকৃতৰ বিভিন্ন ৰোগ, বিশেষকৈ অৰ্শ ৰোগ নিৰাময় কৰে মনোৱা শাকে ৷
৫৭) তিল পাত
তিলপাতৰো ঔষধি গুণ অনেক ৷
৫৮) যজ্ঞ ডিমৰু পাত
পূজাত ব্যৱহাৰ হোৱাৰ উপৰিও এই পাত পৰিপুষ্টি আৰু পেটৰ সমস্যাৰ বাবে ভাল ৷
৫৯) পিৰালি পালেং
পিৰালি পালেং প্ৰচুৰ ভিটামিনৰ উৎস ৷
৬০) নিলাজী বন
নিলাজী বনে ডায়েৰিয়া, ডাইবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে ৷ ই অৰ্শ ৰোগো নিৰাময় কৰে ৷
৬১) ধনিয়া
ধনিয়া বা মেমেধু খালে ৰক্তহীনতা, ছালৰ ৰোগ, হৃদৰোগ নাশক ৷
৬২) নৰসিংহ
ঔষধি গুণযুক্ত নৰসিংহই দৃষ্টিশক্তি বৃদ্ধি, পেটৰ বিষ দূৰ কৰে ৷
৬৩) দুপৰটেঙা
বৃক্ক তথা প্ৰস্ৰাৱৰ ৰোগ নিৰাময়ত সহায়ক দুপৰটেঙা ৷
৬৪) পদিনা
বিভিন্ন পেটৰ সমস্যা দূৰ কৰিব পাৰে পদিনাই ৷ পদিনাই তেজো পৰিস্কাৰ কৰে ৷
৬৫) ৰঙালাও আগ
দাঁত মজবুত আৰু দৃষ্টি শক্তি বৃদ্ধি কৰিব পাৰে ৰঙালাউৰ আগে ৷
৬৬) বৰ মানিমুনি
স্নায়ু তন্ত্ৰ শক্তিশালী কৰি পেটৰ বহু ৰোগ নিৰাময় কৰে বৰ মানিমুনিয়ে ৷
৬৭) সৰু মানিমুনি
দৈনিক সৰু মানিমুনি খালে স্মৃতি শক্তি বৃদ্ধি হয় ৷
৬৮) পচতীয়া পাত
কাহ আৰু ছালৰ ৰোগ দূৰ কৰিব পৰা পচতীয়া পাতে ৷
৬৯) মৰিচা
মৰিচা খালে পায়খানা স্বাভাৱিক হয় আৰু ই কৰ্কট ৰোগ নিৰাময় কৰে ৷
৭০) বাবৰি শাক
বাবৰি শাক খালে কৃমিৰ সমস্যা দূৰ হয় ৷ দৃষ্টি শক্তিও বৃদ্ধি কৰে বাবৰি শাক ৷
৭১) তিতাবাহক শাক
হাঁপানি, ব্ৰংকাইটিছ, ডিঙিৰ বিষ, কাহৰ দৰে বহু স্বাস্থ্য সমস্যা দূৰ কৰিব পাৰে এই তিতাবাহক শাকে ৷
৭২) বিলাহী পাত
ছাল মসৃণ আৰু শৰীৰত তেজ বৃদ্ধি কৰিব পাৰে বিলাহী পাত ৷
৭৩) ধতুৰা
হাঁপানি আৰু স্নায়ুৰোগত খুব উপকাৰী ধতুৰা শাক ৷
৭৪) ভেদাইলতা
পেটৰ যিকোনো সমস্যাৰ বাবে ভেদাইলতা উপকাৰী ৷
৭৫) পিঁয়াজ পাত
যক্ষ্মাৰোগ, মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশকৰ কাম কৰে পিঁয়াজ পাতে ৷
৭৬) বিহলঙনি
শৰীৰৰ বিষ নিৰাময় কৰে বিহলঙনিয়ে ৷
৭৭) মান ধনিয়া
মান ধনিয়া, নগা ধনিয়া বা বঙালী ধনিয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে ৷
৭৮) ভাঙৰ আগ
ভাঙৰ আগে মনোভাৱ উন্নত কৰে আৰু ভোক বৃদ্ধি কৰে ৷
৭৯) কালমেঘ পাত
যকৃতৰ ঔষধ কালমেঘ পাত ৷ ই তেজ পৰিস্কাৰ কৰাৰ লগতে মেলেৰীয়া বহুমূত্ৰ নাশক ৷
৮০) শেৱালি ফুল
শেৱালি ফুল কৃমি নাশক ৷ জ্বৰ হ’লেও শেৱালি ফুল খোৱাটো উপকাৰী ৷
৮১) পনৌনোৱা
বক্ক ৰোগীৰ বাবে পনৌনৌৱা খোৱাটো খুব উপকাৰী ৷
৮২) নুনি পাত
তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ আৰু জীৱনী শক্তি বৃদ্ধি কৰে ৷
৮৩) শেৱালি ফুলৰ পাত
জ্বৰ, নিউমোনিয়া ৰোগত খুব উপকাৰী মচন্দৰী ৷
৮৪) মধুসোলেং
গ্ৰহণী তথা পেটৰ সকলো সমস্যাই সমাধান কৰিব পাৰে মধুসোলেং শাকে ৷
৮৫) ভেঁকুৰি তিতা পাত
ভেঁকুৰি তিতাই তেজ পৰিস্কাৰ কৰে ৷
৮৬) বর্হমথুৰি
বৰ্হমথুৰি বেক্টেৰিয়া নাশক ৷
৮৭) পালেং
ৰক্ত, পিত্ত, শিশুৰ পয়াঁলগা ৰোগ আৰু ছালৰ বাবে উপকাৰী পালেং ৷
৮৮) লাই শাক
লাই শাকে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি, হৃদযন্ত্ৰ শক্তিশালী কৰে ৷ ই কেন্সাৰ প্ৰতিৰোধক ৷
৮৯) বিশল্যকৰণি
কটা-ছিঙা হ’লে বিশল্যকৰণিয়ে ঔষধৰ কাম কৰে ৷বিশল্যকৰণি বিষ নাশক ৷
৯০) লফা শাক
কিডনীষ্টন, হাঁপানি, বংকাইটিচ ৰোগ ঔষধ লফা শাক ৷
৯১) লাইজাবৰী
লাইজাবৰী চাইনাচ ৰোগীৰ বাবে খুব উপকাৰী আৰু কফ নাশক ৷
৯২) বেতগছৰ পাত
বেতগছৰ পাতে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে ৷ কৃমিৰ বাবেও ই উপকাৰী ৷
৯৩) মজাঠি শাক
মজাঠি শাক বেক্টেৰীয়া প্ৰতিৰোধী ৷ ডাইবেটিচ আৰু কিডনী পাথৰৰ ক্ষেত্ৰতো এই শাক উপকাৰী ৷
৯৪) মহানিমৰ পাত
মহানিমৰ পাতে তেজ পৰিস্কাৰ কৰে ৷ তদুপৰি ই মেলেৰীয়া, বহুমূত্ৰ ৰোগ দূৰ কৰাতো কাৰ্যকৰী ৷
৯৫) মধুৰিআমৰ পাত
মধুৰিআমৰ পাতৰ ডায়েৰিয়া ৰোধী গুণাগুণ আছে ৷
৯৬) মাটি কাঁদুৰি
পেটৰ ৰোগৰ কাৰণে উপকাৰী ৷
৯৭) মৰলীয়া শাক
মৰলীয়া শাকে খালে পেট পৰিস্কাৰ কৰে ৷ ই পেটৰ ঘাঁ ভাল কৰে ৷
৯৮) ব্ৰাহ্মীশাক
ব্ৰাহ্মীশাক খালে স্মৃতি শক্তি বৃদ্ধি হয় ৷ তদুপৰি, ই মৃগী ৰোগ নাশক ৷
৯৯) মেথিশাক
মেথি শাক বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক আৰু মাজু আইত ৰোধতো উপকাৰী ৷
১০০) শুকলতি শাক
শুকলতি শাকে গাঁঠিৰ বিষ উপশম কৰে ৷
১০১) কাঠ আলুৰ পাত
ভিটামিন বি ৬, বি ১, ফলিক এচিড আৰু ভিটামিন চিৰো ভাল উৎস কাঠ আলুৰ পাত ৷ তদুপৰি, ই বলবৰ্ধক ৷
লগতে পঢ়ক