ETV Bharat / lifestyle

দীপাৱলী উপলক্ষে অতিথি তথা পৰিয়ালৰ বাবে অতি সহজে তৈয়াৰ কৰিব পৰা কেইবিধমান স্নেকছ

ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ সংমিশ্ৰণেৰে অতি সহজে দীপাৱলীৰ দিনা ঘৰতে তৈয়াৰ কৰিব পৰা শ্বেফৰ এই সোৱাদযুক্ত ৰেচিপিসমূহ জানো আহক-

UNIQUE DIWALI PARTY SNACKS
দীপাৱলী উপলক্ষে অতিথি তথা পৰিয়ালৰ বাবে অতি সহজে তৈয়াৰ কৰিব পৰা কেইবিধমান স্নেকছ (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : October 13, 2025 at 5:05 PM IST

4 Min Read
Choose ETV Bharat

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ ৷ প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে ৷ এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়"ক প্ৰতিনিধিত্ব কৰে ৷ পোহৰে জ্ঞান আৰু বিবেকক বুজায় ৷

দীপাৱলী কেৱল লাইট আৰু আতচবাজীয়েই নহয় বৰঞ্চ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সোৱাদ আৰু সুখ একেলগে উদযাপন কৰাটোও বুজায় ৷ সেয়ে আহক এনে কেইবিধমান স্নেক ৰেচিপিৰ বিষয়ে আজি জানো যিয়ে আপোনাৰ দীপাৱলী পাৰ্টিত সোৱাদ যোগ কৰাৰ লগতে আপুনি অতিথিৰ প্ৰশংসাৰ পাত্ৰও হৈ পৰিব ৷

ভাৰতীয় পৰম্পৰাগত খাদ্য তথা আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ এক সংমিশ্ৰণ প্ৰকাশ পাব এই খাদ্যত ৷ আহক তেন্তে পলম নকৰি ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ সংমিশ্ৰণেৰে অতি সহজে দীপাৱলীৰ দিনা ঘৰতে তৈয়াৰ কৰিব পৰা শ্বেফৰ এই সোৱাদযুক্ত ৰেচিপিসমূহ জানো আহক -

ৰেচিপি

১) এভোকেডো আৰু বিলাহীৰ ফুচকা, ক্ৰেনবেৰী আৰু ক’লা নিমখৰ পানীত

UNIQUE DIWALI PARTY SNACKS
এভোকেডো আৰু বিলাহীৰ ফুচকা, ক্ৰেনবেৰী আৰু ক’লা নিমখৰ পানীত (CANVA)

সামগ্ৰীসমূহ:

ফুচকা - ১২, এভোকেডো - ১ (পিটিকা কৰা), বিলাহী- ১ কাপ (মিহিকৈ কাটি লোৱা), ক্ৰেনবেৰী - ১/৪ কাপ (শুকান), ক'লা নিমখ - ১/২ চামুচ, নেমুৰ ৰস - ১ চামুচ, ধনীয়াৰ পাত - গাৰ্নিচিঙৰ বাবে ৷

পদ্ধতি:

এভোকেডো আৰু বিলাহী মিহলাই লওক ৷ ক্ৰেনবেৰী, ক’লা নিমখ, আৰু নেমুৰ ৰস দিয়ক ৷ এতিয়া এই মিশ্ৰণখিনি ফুচকাত ভৰাই ধনীয়া পাতেৰে সজাই লওক ৷

২) গোলনেমু আৰু ৰিকোটা দৈ কাবাব, চিপটলে চচৰ সৈতে

UNIQUE DIWALI PARTY SNACKS
গোলনেমু আৰু ৰিকোটা দৈ কাবাব, চিপটলে চচৰ সৈতে (CANVA)

সামগ্ৰীসমূহ:

দৈ - ১/২ কাপ, ৰিকোটা চীজ - ১/৪ কাপ, গোলনেমুৰ পাত - ২-৩ (মিহিকৈ কাটি লোৱা), বেচন- ১/৪ কাপ, নিমখ আৰু হালধি - সোৱাদ অনুসৰি, তেল - ভাজিবৰ বাবে, চিপটলে চিলি চচ - ২ চামুচ

পদ্ধতি:

দৈ, ৰিকোটা, আৰু গোলনেমুৰ পাত মিহলাই লওক ৷ তাত বেচন আৰু মছলাখিনি দিব ৷ সৰু সৰু কাবাব তৈয়াৰ কৰি সোণালী বৰণৰ হোৱালৈকে ভাজিব ৷ চিপটলে চচৰ সৈতে পৰিবেশন কৰক ৷

৩) চিঙৰা চাট টাকো

UNIQUE DIWALI PARTY SNACKS
চিঙৰা চাট টাকো (CANVA)

সামগ্ৰীসমূহ:

সৰু চিঙৰা - ৪, দৈ - ১/২ কাপ, সেউজীয়া চাটনি - ২ চামুচ, তেঁতেলীৰ চাটনি - ২ চামুচ, ধনীয়া - গাৰ্নিচিঙৰ বাবে

পদ্ধতি:

চিঙৰাবোৰ লাহে লাহে টিপি টেকো আকৃতিত লওক ৷ ওপৰত দৈ, সেউজীয়া জলকীয়া আৰু অমিতাৰ চাটনি ঢালি দিব ৷ ধনীয়া পাত দি সজাই লগে লগে পৰিবেশন কৰক ৷

৪) পনীৰ টিক্কা কেছাডিলা

UNIQUE DIWALI PARTY SNACKS
পনীৰ টিক্কা কেছাডিলা (CANVA)

সামগ্ৰীসমূহ:

পনীৰ – ১০০ গ্ৰাম (টুকুৰা কৰা), মাকৈ – ১/২ কাপ, লাইট মছলা – ১ চামুচ, আটাৰ ৰুটি – ২, তেল – ১ চামুচ, ৰুকি লোৱা চীজ – ১/২ কাপ

পদ্ধতি:

মছলাৰ সৈতে পনীৰ আৰু মাকৈ মিহলাই লওক ৷ ফিলিং আৰু চীজখিনি আটাৰ ৰুটি এটাত থৈ আন এটা ৰুটিৰে ঢাকি দিব ৷ টেৱাচ সোণালী বৰণ হোৱালৈকে সেকি টুকুৰা টুকুৰ কৰি পৰিবেশন কৰক ৷

৫) মচমচীয়া কচুৰী কনাপে

UNIQUE DIWALI PARTY SNACKS
মচমচীয়া কচুৰী কনাপে (CANVA)

সামগ্ৰীসমূহ:

সৰু মচমচীয়া কচুৰী– ৬টা, দৈ – ১/২ কাপ, মিঠা-টেঙা চাটনি – ২ চামুচ, ধনীয়াৰ পাত আৰু ভুজিয়া – গাৰ্নিচিঙৰ বাবে

পদ্ধতি:

কচুৰিবোৰ লাহে লাহে তললৈ টিপি তাৰ ওপৰত দৈ আৰু চাটনি ঢালি দিব ৷ ভুজিয়া আৰু ধনিয়া পাত দি সজাই লওক ৷

লগতে পঢ়ক

  1. কৰৱা চৌথত হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু, যেতিয়া পৰিধান কৰিব এই ডিজাইনৰ ৰঙা ৰঙৰ শাৰী
  2. অৰ্থৰ অভাৱ নহ'বলৈ লক্ষ্মী পূজাত কি কি কৰিব জানি লওক
  3. লক্ষ্মী দেৱীয়ে কিয় বিষ্ণুৰ চৰণ স্পৰ্শ কৰি থাকে ? জানো আহক জ্যোতিষশাস্ত্ৰবিদৰ পৰা