ETV Bharat / lifestyle

অসমীয়া নাৰীৰ পৰম্পৰাগত কেশসজ্জা 'খোপা' সৰ্বমুঠ কেইপ্ৰকাৰৰ জানেনে ? - KHOPA TYPES ASSAM

খোপাই নাৰীৰ সৌন্দৰ্য চৰ্চাটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যাৰ বিষয়ে এতিয়াও বহুলোকে জ্ঞাত নহয়, আজি এই খোপাসমূহৰ নাম তথা বিশেষত্বৰ বিষয়ে জানো আহক-

KHOPA TYPES ASSAM
অসমীয়া নাৰীৰ পৰম্পৰাগত কেশসজ্জা 'খোপা' সৰ্বমুঠ কেইপ্ৰকাৰৰ জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : June 11, 2025 at 11:16 AM IST

5 Min Read

অসমীয়া সমাজৰ পৰম্পৰাগ সৌন্দৰ্য চৰ্চাৰ এক বিশেষত্ব হ'ল কেশসজ্জা 'খোপা' ৷ আধুনিক যুগত কেশবিন্নাষত বিভিন্ন নতুনত্ব আহিছে ৷ কিন্তু তাহানিৰে পৰা মহিলাৰ আভূষণ হিচাপে খোপাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ অসমীয়া সমাজত বিয়াকে আদি কৰি বিভিন্ন অনুষ্ঠানত মহিলাৰ খোপাই দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ অসমীয়া সমাজত খোপাৰ মৌলিকতা আৰু বিবিধতা স্মৰণাতীত কালৰ পৰাই আছে ৷ অসমীয়া সমাজৰ পৰম্পৰাগত বিভিন্ন খোপাই আধুনিক নাৰীৰ সৌন্দৰ্যচৰ্চাটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ খোপাক লৈ কবি নৱকান্ত বৰুৱাই লিখিছিল-

'বর্ষা তোমাৰ চকুত মেঘৰ অঞ্জন

ওঁঠত কদম ফুলৰ হাঁহি

বিজুলী লতাৰে তোমাৰ কবৰী বন্ধন

হাতত কেতেকী ফুলৰ পাহি ৷'

KHOPA TYPES ASSAM
অসম সাহিত্য সভা মুম্বাই স্বর্ণ শাখাৰ প্রাক্তন সভাপতি ৰুমা হাজৰিকা (ETV Bharat Assam)

অসমীয়া সমাজৰ এই বিভিন্ন খোপাৰ সন্দৰ্ভত অসম সাহিত্য সভা মুম্বাই স্বর্ণ শাখাৰ প্রাক্তন সভাপতি

ৰুমা হাজৰিকাই উল্লেখ কৰে,' আগৰ দিনৰ মহিলা সকলে চুলি কম হ'লেও নকল চুলিৰ সহায়ত বিভিন্ন ধৰণেৰে ধুনীয়াকৈ খোপা এটা বান্ধি লৈছিল ৷ লগতে সেই ৰূপৰ ফুলৰ কাটা গুজি খোপাটো সুন্দৰ তথা আকর্ণীয়কৈ কৈ বান্ধিছিল ৷ পিছে আধুনিক মহিলাই প্রায় ভাগে চুলি চুটিকে বা মেলি ৰাখিবলৈ ভাল পাই, কইনা বা বয়োজেষ্ঠ মহিলা সকলৰ বাদে বহু কম মহিলাইহে আজিকালি খোপা বান্ধে, সেয়ে খোপাৰ বিষয়ে আমি লাহে লাহে চৰ্চাৰ অভাৱত নজনা হৈ পৰিলো ৷'

KHOPA TYPES ASSAM
অসমীয়া নাৰীৰ পৰম্পৰাগত কেশসজ্জা 'খোপা' (ETV Bharat Assam)

লগতে তেওঁ উল্লেখ কৰে,'পূৰ্বে মহিলাসকলে বিবাহ-সবাহ, বিহু আদি অনুষ্ঠান-উৎসৱত সতেজ ফুলো খোপাত পিন্ধিছিল ৷ লগতে কাকৈ ফণী বা ঋতুৰ ফুলেৰে খোপা সজাইছিল ৷ অসমীয়া মহিলাৰ কেশবিন্যাসৰ বিভিন্ন ধৰণৰ খোপাৰ কথা আমি বিহু নাম বা গীত সমূহতহে শুনিবলৈ পাওঁ, কিন্তু আজিৰ সময়ত আমি বহু মহিলাই নাজানোঁ খোপানো কেইপ্ৰকাৰৰ, কেনেদৰে বান্ধে আৰু কি কি নামেৰে অসমীয়াত জনা যায় ৷'

"নেঘেৰী খোপাতে কপৌফুল এপাহি

সোণতে সুৱগা চৰে

খামুচীয়া কঁকালটি সহিব নোৱাৰো

উজনি নামনি কৰে” ৷

গীতে-মাতে সোমাই থকা এই হেৰাই যাব ধৰা পাৰস্পৰিক অসমীয়া মহিলাৰ কেশসজ্জাৰ একোএক মালিতা সদৃশ খোপাবোৰ বন্ধাৰ কিছুমান স্থান, কাল, পাত্র ভেদে এক পৰম্পৰা বা কথা সাহিত্য তথা মৰ্যদা আছে ৷ এই সন্দৰ্ভত ৰুমা হাজৰিকাই জনাই,' অসমীয়া মহিলাৰ কেশবিন্যাসৰ বিভিন্ন ধৰণৰ খোপাৰ কথা আমি বিহু নাম বা গীত সমূহতহে শুনিবলৈ পাওঁ, এই খোপা সমূহ বিভিন্ন নামেৰে অসমীয়াত জনা যায় ৷ মই জানিব পোৱা এঘাৰ-বাৰবিধ খোপাৰ নামসমূহ এনেধৰণৰ:

১/ লাহতী খোপা

২/ উধনীয়া খোপা

৩/ কলডিলীয়া খোপা

৪/ ঘিলা খোপা

৫/ চকা খোপা

৬/ চেলা খোপা

৭/ তগৰ খোপা,

৮/ তেঁতেলী খোপা

৯/ থিয় খোপা

১০/ নেঘেৰী খোপা

১১/ লিগিৰী খোপা

১২/ গাঁথি খোপা

  1. লাহতী খোপা: "অ সৰু ভনিটি মুগা ৰিহা পিন্ধিলি লাহতী খোপাতে কপৌফুল গুজিলি", সাধৰণতে গীতে-নামে শুনা এই আদৰৰ খোপাটি বিহুৱতী সকলে বহাগৰ বিহুত কপৌ ফুল, গেজেংফুল আদি বিভিন্ন বসন্তকালীন ফুলেৰে সজোৱা সুন্দৰ খোপাটিকে লাহতী খোপা বুলি জনা যায় ৷
  2. উধনীয়া খোপা: চুলি ভালদৰে আচুৰি আগৰ পৰা পিচলৈ ঘূৰাই ওপৰৰ ফালে তুলি ধিলাকৈ বান্ধা উর্ধ্বমূখী বা উধনীয়া খোপা বুলি জনা যায় ৷
  3. তগৰ খোপা: তগৰ ফুলৰে সজোৱা খোপাটিকে তগৰ খোপা কোৱা হয় ৷ বিশেষকৈ বিয়া বা সবাহত মহিলাসকলে এনে খোপা বান্ধে ৷ চুলিৰ খোপা সাধাৰণতে ঢিলা বা উধনীয়া ৰূপত বান্ধি, তাৰ ওপৰত বা চাৰিওফালে তগৰ ফুল গাঁথি শোভা বঢ়োরা হয় ৷
  4. কলডিলীয়া খোপা: চুলিখিনি ভালদৰে মুঠি মাৰি পকাই কলডিলৰ আকাৰত বন্ধা খোপাকে কলডিলীয়া খোপা বুলি জনা যায় ৷
  5. তেঁতেলী খোপা: দীঘলকৈ কিছু ঢিলাকৈ তেতেলী গছৰ পাতৰ দৰে আকৃতি দিয়া খোপাকে তেঁতেলী খোপা বুলি কোৱা হয় ৷
  6. ঘিলা খোপা: ই এক সৰু, ঘিলা গুটী আকাৰৰ খোপা যি সাধাৰণতে মূৰটোৰ পিছফালে গোটাই বন্ধা হয় ৷
  7. থিয় খোপা: মূৰৰ ওপৰফালে সম্পূর্ণ ঠিয় কৰি বান্ধা খোপাকে থিয় খোপা বুলি জনা যায় ৷ আধুনিক ষ্টাইলত এনে খোপা বেছিকৈ দেখা যায় ৷
  8. চকা খোপা: চুলি গোলাকাৰ ৰূপত বান্ধি, ঘূৰাই সজোৱা খোপা ৷ সাধাৰণতে এনে খোপা ফুল বা অলংকাৰেৰে সজোৱা হয় ৷
  9. নেঘেৰী খোপা: মূৰৰ ওপৰলৈ কৰি বন্ধা খোপা, মাজ মূৰত ওখকৈ বন্ধা চুলিৰ এক চৌখীন সজ্জাৰ খোপা ৷
  10. চেলা খোপা: এই খোপাটো সাধাৰণতে বহু চুলিৰ পাক একেলগ কৰি, পাক খাই, স্তৰ-স্তৰ কৰি বান্ধা হয়-যেন চুলিৰে সৃষ্টি কৰা চেলাৰ দৰে ৷ এই খোপাবিধ মূৰৰ ঠিক পাছেৰ ফালে বান্ধা হয়, আৰু সাধাৰণতে অলংকাৰ বা ফুলেৰে সজোৱা হয় ৷
  11. লিগিৰী খোপা: লিগিৰী খোপা নাৰীসকলে সাধাৰণতে সাধাৰণকৈ বান্ধা শালীন খোপা যি তৰুণী লাজুক স্বভাৱ আৰু পবিত্র সৌন্দর্যক প্রতিনিধিত্ব কৰে ৷
  12. গাঁথি খোপা: টানকৈ পাকোৱা আৰু সুগঠিত কৰি ওপৰলৈ বন্ধা খোপা ৷ দৈনন্দিন কামত সুবিধাজনক হোৱাকৈ এই খোপা সাধাৰণতে বন্ধা হয় ৷

লগতে পঢ়ক

  1. আপুনি বাৰু বিহুত ব্যৱহৃত কাঁহৰ বাচন-বৰ্তন কিদৰে তৈয়াৰ কৰা হয় জানেনে ?
  2. দুফালে দুছাটি মাজতে এছাটি, গগনা কিহেৰে বাও...গগনাৰ ইতিহাস জানো আহক
  3. আপুনি পূৰ্বে এইসমূহ অসমীয়া অলংকাৰৰ বিষয়ে জানিছিল নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.