ETV Bharat / lifestyle

অসমত উপলব্ধ এইসমূহ শাকৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে ? - ASSAMESE MEDICINAL HERBS

অসমত এনে বহু শাক আছে যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী আহক আজি এই শাকসমূহনো কি তথা ইয়াৰ ঔষধি গুণৰ বিষয়ে জানো-

Traditional Assamese Herbs and Their Medicinal Properties
অসমত উপলব্ধ এইসমূহ শাকৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : May 24, 2025 at 5:02 PM IST

6 Min Read

অসমত এনে বহু শাক আছে যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ মৌমাখিয়ে যিদৰে ৰং বিৰঙী বিভিন্ন ফুলৰ পৰা আদি কৰি নানা উৎসৰ পৰা ৰস আহৰণ কৰি ' অমৃতসম' মৌ বা মধু তৈয়াৰ কৰে ঠিক সেইদৰে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এইসমূহ শাকৰ আঞ্জা আমাৰ শৰীৰৰ বাবে অমৃততুল্য ৷ এই শাকসমূহনো কি তথা ইয়াৰ ঔষধি গুণৰ বিষয়ে জানো আহক-

মানিমুনি- ডাঙৰ আৰু সৰু দুয়োবিধ মানিমুনি স্মৃতিশক্তি বৰ্ধক, মেধাশক্তি বৰ্ধক আৰু অতিসাৰ, গ্ৰহণী, তেজগ্ৰহণী বা অন্য পেটৰ সমস্যাত উপকাৰী ৷ ডিচেন্ত্ৰী বা পেট চলা সমস্যাত মানিমুনি পাতৰ ৰসৰ লগত ক'লা নিমখ দি খালে সুফল পোৱা যায় ৷ ফেৰিনজাইটিছ, টনছিলাইটিছ আদিত সৰু মানিমুনি কেঁচাই দুটামান জালুকৰ লগত চোবাই থাকিলে যথেষ্ট সুফল পোৱা যায় ৷ মানিমুনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

নৰসিংহ পাত- নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে বাবে হাড়, দাঁতৰ গঠন মজবুত কৰে ৷ স্নায়ুজনীত সমস্যা আৰু ডায়েবেটিচ ৰোগীৰ বাবেও নৰসিংহ পাত উপকাৰী ৷

ভেদাইলতা- আয়ুৰ্বেদত ইয়াক প্ৰসাৰিণী নামেৰে জনা যায় ৷ অস্থি, সন্ধিৰ বিষ আৰু স্নায়ুজনীত বিভিন্ন ৰোগত ভেদাইলতা উপকাৰী ৷ ডায়েৰীয়া, ডিচেন্ত্ৰী আদিতো ভেদাইলতা খালে সুফল পোৱা যায় ৷ ভেদাইলতাই ভোকো বৃদ্ধি কৰে ৷ দুৰ্বল ৰোগীয়া ব্যক্তিৰ বাবে ভেদাইলতা অমৃতসম ৷

মছন্দৰী- পেটৰ বহুতো অসুখত মছন্দৰী উপকাৰী ৷ ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মছন্দৰী শাকৰ আঞ্জাই মহৌষধৰ দৰে কাম কৰে ৷

মাটিকাদুৰি- উৎকৃষ্ট বনশাক মাটিকাদুৰি অৰ্শৰোগ , জণ্ডিচ, প্ৰসাবৰ সংক্ৰমণ জনীত ৰোগ, বগাস্ৰাৱ, পুৰুষৰ ধাতু দুর্বলতা, ডায়েবেটিচ, স্নায়ুজনীত ৰোগত বহু উপকাৰী ৷ প্ৰসূতিসকলৰ সুস্বাস্থ্যৰ বাবে আৰু দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ মাটিকাদুৰি, বনজালুক, মানিমুনি আদি মিহলি শাকৰ এখন ঔষধি ব্যঞ্জন খাবলৈ দিয়া হয় ৷ ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনতো এইবিধ শাক উপকাৰী ৷

দোৰোণ শাক- ফেৰিনজাইটিছ, টনচিলাইটিছ, চাইনাচাইটিছ, কাহ, চৰ্দি, হাপানী, জণ্ডিচ, যকৃত প্লীহা বৃদ্ধি আৰু বহুতো ৰোগত দোৰোণ শাক উত্তম পথ্য ৷ আভোক আৰু অৰুচি হ'লে দোৰোণ শাক খালে সুফল পোৱা যায় ৷

ঢেকীয়া শাক- আমাৰ চিৰপৰিচিত আৰু প্রিয় শাকেই হৈছে ঢেকীয়া শাক ৷ ঢেকীয়া শাকত প্ৰটিন, বিভিন্ন ধৰণৰ ভিটামিন, কেলচিয়াম, আইৰণ, ফছফৰাছ, আদি পোৱা যায় বাবে নিৰামিষাহাৰী সকলৰ বাবে অতি উত্তম ৷ ডায়েবেটিচ, কৌষ্ঠকাঠিন্য, পেলুৰ সমস্যা আৰু পেচাবৰ সংক্ৰমনতো ঢেকীয়া উপকাৰী ৷

খুঁতৰা শাক- খাবলৈ সুস্বাদু খুঁতৰা শাক পেটৰ ৰোগ, আভোক, অৰুচি, লিভাৰৰ সমস্যা, জণ্ডিচ, কলেষ্টৰলৰ সমস্যা আদিত উত্তম ৷

কচুশাক- কচুশাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ, আইৰণ, আঁহ থাকে বাবে ৰক্তহীনতা, দৃষ্টিশক্তিৰ দুৰ্বলতা, কলেষ্টৰল, মেদবহুলতা আদিত উপকাৰী ৷

কলমৌ শাক- কলমৌ শাক এবিধ ঔষধি গুণসম্পন্ন শাক ৷ পুৰুষ মহিলাৰ প্ৰজননতন্ত্ৰৰ বিভিন্ন ৰোগ, ডায়েবেটিচ, মেদবহুলতা, কলেষ্টৰল আদিত উপকাৰী ৷

মেথিশাক- ডায়েবেটিচ ৰোগত মেথিশাক অতি উত্তম ৷ ইয়াৰ উপৰিও ইয়াত আইৰণ, ফলিক এচিড থকা বাবে ৰক্তহীনতাত উপকাৰী ৷ তদুপৰি কলেষ্টৰল, মেদবহুলতা, আৰথ্ৰাইটিছ সমস্যাতো মেথিশাক ভাল ৷

ব্ৰাহ্মী শাক- আয়ুৰ্বেদিক বনৌষধি ব্ৰাহ্মীক মেধ্য ৰসায়ন বুলিও কোৱা হয় ৷ স্মৃতিশক্তি বৰ্ধক ব্ৰাহ্মী ডায়েবেটিচ , উচ্চ ৰক্তচাপ, স্নায়ুজনীত ৰোগতো উপকাৰী ৷

তুলসী- জ্বৰ, কাহ, চৰ্দি, এজমা বা হাপানী, ব্ৰংকাইটিছ আদিত মহৌষধৰ দৰে কাম কৰে তুলসীয়ে ৷ নিয়মীয়াকৈ দুই তিনিখিলা তুলসী পাত খাই থাকিলে ই বৰ্ধিত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্টৰলৰ সমস্যা, আৰথ্ৰাইটিছতো যথেষ্ট সুফল দিয়ে ৷ এন্টিঅক্সিডেন্টযুক্ত আৰু বহু ঔষধি গুণযুক্ত তুলসীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিও কৰে ৷

দুপৰটেঙা বা পাতেগজা- কিডনি স্টোন বা পাথৰ, মূত্ৰজনীত ৰোগ, জণ্ডিচ, ধাতুৰোগ, প্ৰষ্ট্ৰেটৰ সমস্যাত দুপৰটেঙা বা পাতেগজা পাত সেৱন কৰিলে চমৎকাৰী ফল পোৱা যায় ৷ সেয়েহে বিভিন্ন ভেষজ আৰু আয়ুৰ্বেদিক ঔষধৰ অন্যতম মুখ্য উপকৰণ এই দুপৰটেঙা ৷

সৰু টেঙেচি শাক- লতাজাতীয় এইবিধ শাক ডায়েৰীয়া, ডিচেন্ত্ৰী, জণ্ডিচ আৰু পেচাবৰ সমস্যাত খুব উপকাৰী ৷

ডাঙৰ টেঙেচী- প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বাবে দাঁতৰ বাবে উপকাৰী, গ্ৰহণী বা অন্য পেটৰ অসুখত উপকাৰী, মূত্ৰজনীত সংক্ৰমণত উপকাৰী ৷

পালেং শাক- পালেং শাকত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন, আইৰণ, কেলচিয়াম, আদি খনিজ পদাৰ্থ পোৱা যায় বাবে হাড়, ছাল, চুলি আৰু চকুৰ সুস্বাস্থ্যৰ বাবে উপকাৰী ৷

চেংমৰা শাক- চেংমৰা শাকত আঁহৰ পৰিমাণ বেছি ৷ ই ডায়েবেটিচ, অৰ্শৰোগ, মেদবহুলতা, লিভাৰজনীত ৰোগ, স্ত্ৰী ৰোগত বহু উপকাৰী ৷

ধনিয়া- সুগন্ধি ধনীয়াই ৰক্তহীনতা দূৰ কৰে, কলেষ্টৰল সমস্যাত উপকাৰী, লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু এনে বহুতো আচৰিত গুণ আছে ৷

পনৌনোৱা শাক- অমৃততুল্য পনৌনোৱা শাক লিভাৰৰ বিভিন্ন ৰোগত উপকাৰী আৰু কিডনিৰ বিভিন্ন ৰোগতো উপকাৰী ৷

নেফাফু পাত- উচ্চ ৰক্তচাপ ৰোগত নেফাফু পাত ভাজি খালে সুফল পোৱা যায় ৷ ইয়াৰ ব্যৱহাৰ গাওঁ সমূহত এতিয়াও চলি আছে ৷

চিৰতা- লিভাৰজনীত বিভিন্ন ৰোগত চিৰতা মহৌষধ ৷ মাজে সময়ে দুই এখিলা চিৰতা পাত খাই থাকিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি ৷ মেলেৰিয়া, টাইফয়ড বা যিকোনো জ্বৰত চিৰতা উত্তম পথ্য ৷

ভেকুৰী তিতা- সোৱাদত তিতা যদিও গুণত কিন্তু অতি উত্তম ৷ ডায়েবেটিচ, কফৰ সমস্যা, ছালৰ ৰোগ, কৃমিৰ সমস্যাত ভেকুৰী বহু উপকাৰী ৷

ওপৰত উল্লিখিত বনশাকবোৰ অসমৰ প্ৰায়বোৰ অঞ্চলতে পোৱা যায় ৷ সাধাৰণ যেন লগা এনেবোৰ বনশাকৰ মিহলি আঞ্জাখনে অমৃতৰ দৰে কাম কৰে ৷ আমি সেয়েহে শাকবোৰ খোৱা উচিত ৷

লগতে পঢ়ক

  1. সাতবিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ?
  2. শাক-পাচলি, ফল-মূলত থকা ৰাসায়নিক পদাৰ্থসমূহ কেনেকৈ দূৰ কৰিব পাৰি ?
  3. শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰাত ফলপ্ৰসূ এইবিধ পাচলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.