ETV Bharat / lifestyle

শৰীৰক সুস্থ ৰাখিবলৈ কি কৰে অভিনেত্ৰী শিল্পীশিখাই ? প্ৰিয় খাদ্য কি

অভিনেত্ৰী শিল্পীশিখা দেৱীৰ দৈনিক ৰুটিন কি, কেনেধৰণৰ খাদ্য খাই ভালপায় অভিনেত্ৰীগৰাকীয়ে, নিজৰ যত্ন কেনেদৰে লয়, ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত জনালে অভিনেত্ৰীগৰাকীয়ে

ACTRESS SHILPISHIKHA DEVI
শৰীৰক সুস্থ ৰাখিবলৈ কি কৰে অভিনেত্ৰী শিল্পীশিখাই ? প্ৰিয় খাদ্য কি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 5:37 PM IST

4 Min Read
Choose ETV Bharat

ধাৰাবাহিক তথা ভ্ৰাম্যমাণজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শিল্পীশিখা দেৱী ৷ জনপ্ৰিয় ধাৰাবাহিক 'অভিমান'ত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা শিল্পীশিখাই ২০১৭-১৮ চনত খোজ পেলাইছিল ভ্ৰাম্যমাণজগতত ৷ ই টিভিৰ ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে জনায় তেওঁৰ দৈনিক ৰুটিনৰ পৰা আৰম্ভ কৰি প্রিয় খাদ্যলৈ বহু কথা ৷

অভিনেত্ৰী গৰাকীৰ দৈনিক ৰুটিন কি ?

দৈনিক ৰুটিনৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়,'মোৰ দৈনিক ৰুটিনখন একেবাৰে সাধাৰণ ৷ পুৱা ৬ টা বজাত সাৰ পাওঁ কিন্তু বিছনাৰ পৰা উঠি আহোঁতে দেৰি হয় ৷ সাৰ পাই এক-ডেৰ ঘন্টামান সময় বিছনাতে মোৰ কণ্যাৰ লগত কটাও ৷ খোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো নিৰ্দিষ্ট ৰুটিন নাই ৷ দিনত মই এসাজে ভাত খাওঁ ৷ দিনৰ ১-২ বজাৰ ভিতৰত ভাত খাবলৈ চেষ্টা কৰো ৷ কিন্তু বৰ্তমান যিহেতু শাওনৰ মাহ চলি আছে এই দিনকেইটাত সম্পূৰ্ণ বইল খাদ্য খাই আছোঁ ৷ সেইটোও এটা যত্ন বুলিয়ে কব লাগিব, কাৰণ দৈনিক যিহেতু মাছ-মাংস আদি খাই থকাই হয়, সেয়ে শৰীৰটোকো অকমান জিৰণি লাগে ৷ তাৰ বাবে সপ্তাহত অন্তত দুদিন হ'লেও বইল খাদ্য খাওঁ ৷

অভিনেত্ৰী শিল্পীশিখা দেৱী (ETV Bharat Assam)

কেনে ধৰণৰ খাদ্য খাই ভাল পায় অভিনেত্ৰী গৰাকীয়ে ?

প্রিয় খাদ্যৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়,'

শাক-পাচলি মই খুব খাওঁ ৷ পূৰৈ শাকৰ বাহিৰে সকলোবোৰ শাকেই মোৰ প্ৰিয় ৷ লগতে ফল খাই মই ভাল পাওঁ ৷ দৈনিক এবিধ হলেও ফল খাবলৈ চেষ্টা কৰো ৷ সমান্তৰালভাৱে গাখীৰৰে তৈয়াৰী সকলোবোৰ খাদ্য, পিঠা-লাডু খাই ভাল পাওঁ ৷ আটাইতকৈ প্রিয় হৈছে মিঠাই ৷ লগতে পায়স খাই মই বহুত ভাল পাওঁ ৷ মুঠৰ ওপৰত ৰেষ্টোৰেণ্টৰ খাদ্যত কৈ ঘৰত বনোৱা খাদ্য খাই মই বহুত ভাল পাওঁ ৷ লগতে আলু পিটিকা, মাছ পিটিকা, বইল মাংস আদি খাই ভাল পাওঁ ৷

নিজৰ যত্ন কেনেদৰে লয়

নিজৰ যত্নৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়,' নিজৰ যত্ন বুলি তেনেকুৱা একো নাই ৷ চুলিৰ ক্ষেত্ৰত মই খুব নাৰিকল তেল লগাও, লগতে জবা ফুল, জেতুকা আদি লগোৱা হয় ৷ ছালৰ ক্ষেত্ৰত ৰৈ যোৱা ফল সমূহ পেষ্ট কৰি মই মুখত লগাও ৷ লগতে মই মেডিটেছন কৰো ৷

The Daily Routine and Wellness Secrets of Actress Shilpishikha Devi: A Glimpse into Her Balanced Life
অভিনেত্ৰী শিল্পীশিখা দেৱী (ETV Bharat Assam)

অভিনয় জগতখনত কেনেদৰে খোজ পেলালে শিল্পীশিখাই

অভিনয় যাত্ৰাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, "মই কেতিয়াও আচলতে ভৱা নাছিলো যে মই অভিনয় কৰিম । পৰিয়ালৰ মন আছিল মই সংগীতৰ লগত জড়িত হোৱাটো । সেইবাবে মোক গানৰ স্কুলতো নাম লগাই দিছিল । কিন্তু কালক্ৰমত সংগীতৰ লগত জড়িত হোৱাৰ বিপৰীতে মই অভিনয়ৰ লগত জড়িত হৈ পৰিলো । অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই মই নাটক কৰি আহিছো । তেনেদৰে নাটক কৰি থকাৰ পাছত মোক এদিন এগৰাকী চিনাকি খুৰাই 'মহাৰথী কৰ্ণ' ধাৰাবাহিকখনৰ লগত জড়িত আছিল । ধাৰাবাহিকখনৰ বাবে ছোৱালী প্ৰয়োজন হোৱাত মোক মাতি পঠিয়ালে । তেনেদৰে অভিনয় জগতখনৰ লগত জড়িত হৈ পৰিলো । সেয়াই আছিল আৰম্ভণি ।"

'অভিমান' ধাৰাবাহিকখনত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে

জনপ্ৰিয় ধাৰাবাহিক 'অভিমান'ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল অভিনেত্ৰী গৰকীয়ে । সেই সন্দৰ্ভত শিল্পী শিখাই কয়, "অভিমান ধাৰাবাহিকখন মই ২০১৬ চনত কৰিছিলো । কিন্তু তাৰ পূৰ্বেও মই বহুকেইখন ধাৰাবাহিকতে অভিনয় কৰিছিলো । মুখ্য চৰিত্ৰত অভিনয় কৰা হিচাপে অভিমানখন মোৰ প্ৰথম ধাৰাবাহিক । ধাৰাবাহিকখনৰ বাবে মোৰ অডিশ্বন লোৱা হৈছিল ।"

ভ্ৰাম্যমাণ জগতত কেনেদৰে খোজ পেলাইছিল ?

The Daily Routine and Wellness Secrets of Actress Shilpishikha Devi: A Glimpse into Her Balanced Life
অভিনেত্ৰী শিল্পীশিখা দেৱী (ETV Bharat Assam)

ভ্ৰাম্যমাণৰ যাত্ৰাৰ সন্দৰ্ভত অভিনেত্ৰী শিল্পী শিখাই কয়, "অভিমান ধাৰাবাহিকখনৰ পাছতে মোৰ ভ্ৰাম্যমাণৰ যাত্ৰা আৰম্ভ হৈছিল । ২০১৭-১৮ চনত মই বৃন্দাবন থিয়েটাৰৰ জড়িতে এই জগতখনত খোজ পেলাইছিলো । সেই যাত্রাটো মোৰ বাবে খুব এটা মিঠা অনুভৱ আছিল । বহুতে কয় ভ্ৰাম্যমাণৰ অভিজ্ঞতা খুব বেছি তিতা, কিন্তু মোৰ বাবে নহ'ল । সেই টীমটো খুব বেছি ভাল আছিল ।"

লগতে পঢ়ক

  1. বিবাহ বিচ্ছেদ কেৱল অভিনেত্ৰীৰে নহয়, সাধাৰণ মানুহৰো হয়: শিল্পী শিখা দেৱী
  2. অভিনেত্ৰী তমন্না ভাটিয়াই লেলাউটিৰে কৰে শালমনৰ চিকিৎসা! বিশেষজ্ঞৰ পৰা জানক এই প্ৰক্ৰিয়া কিমান ফলপ্ৰসূ
  3. বন্ধু কেনে হ'ব লাগে, আশা বৰদলৈয়ে কাক জ্ঞাপন কৰিলে বন্ধুত্ব দিৱসৰ শুভেচ্ছা ?