ETV Bharat / lifestyle

হানিমুনৰ বাবে যোৱা দম্পতি ১৫ দিন ধৰি নিৰুদ্দেশ, জানক কিয় পাহাৰীয়া ঠাইত হেৰাই যায় লোক ? - MISSING NEWLYWEDS IN SIKKIM

ছিকিম ঠাইখন কোনো স্বৰ্গতকৈ কম নহয়, কিন্তু ইয়াত প্ৰায়ে বতৰ সলনি হয় । যাৰ বাবে এই অঞ্চলত বহুটো সমস্যাই হঠাৎ গা কৰি উঠিব পাৰে-

The couple who went to Sikkim for their honeymoon has been missing for 15 days, know why people get lost in the mountains
হানিমুনৰ বাবে যোৱা দম্পতি ১৫ দিন ধৰি নিৰুদ্দেশ, জানক কিয় পাহাৰীয়া ঠাইত হেৰাই যায় লোক ? (GETTY IMAGES)
author img

By ETV Bharat Lifestyle Team

Published : June 12, 2025 at 5:15 PM IST

4 Min Read

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পূব হিমালয়ত অৱস্থিত ছিকিম ৷ ই দেশৰ অন্যতম সৰু ৰাজ্য ৷ ছিকিমৰ উত্তৰ আৰু উত্তৰ-পূবে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, দক্ষিণ-পূবে ভূটান, দক্ষিণে ভাৰতৰ পশ্চিম বংগ ৰাজ্য আৰু পশ্চিমে নেপাল ৷ ছিকিমৰ ৰাজধানী ৰাজ্যখনৰ দক্ষিণ-পূব অংশত অৱস্থিত গেংটক ৷ আলপাইন আৰু উপগ্রীষ্মমণ্ডলীয় জলবায়ুকে ধৰি জৈৱ বৈচিত্ৰ্যৰ বাবে ছিকিম পৰিচিত ৷ ভাৰতৰ দ্বিতীয় ক্ষুদ্ৰ ৰাজ্য ছিকিম হিমালয়ৰ সৌন্দৰ্যৰ লগতে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাৰ বাবেও পৰিচিত ৷ আমোদজনক কথাটো হ’ল যে ছিকিম এখন সৰু ৰাজ্য আৰু ইয়াত ভ্ৰমণ কৰিবলৈ য’তেই যায় তাতেই বিশেষ কিবা এটা দেখা পাব ৷

পৃথিৱীতে থকা স্বৰ্গসদৃশ ঠাই ছিকিম

ছিকিমৰ ৰাজধানী হৈছে গেংটক, যিখন ৰাজ্যৰ সৰ্ববৃহৎ চহৰ, ইয়াৰে প্ৰায় ৩৫ শতাংশ চহৰ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰা আবৃত ৷ ছিকিমৰ গেংটক, মংগন, নামচি, গ্যালছিং, পাকয়ং আৰু ছ’ৰেং নামৰ ছখন জিলা আছে ৷ ছিকিম বৰ ধুনীয়া ঠাই ৷ বৰফৰ পাহাৰ, ৰসাল সেউজীয়া উপত্যকা আৰু শান্ত বিলৰ বাবে ছিকিম বিখ্যাত ৷ যদি আপুনি হিমালয় পৰ্বতমালাৰ দৃশ্য আৰু শান্তিপূৰ্ণ স্থান উপভোগ কৰিব বিচাৰে তেন্তে ছিকিমত এনে বহু ঠাই ভ্ৰমণ কৰিবলৈ আছে ৷ দৰ্শনীয় দৃশ্য আৰু শান্তিপূৰ্ণ ঠাইৰ ভঁৰাল ছিকিম যেন পৃথিৱীত স্বৰ্গতকৈও কম নহয় ৷ ছিকিমত অৱস্থিত গেংটক আৰু গুৰুডংমাৰ হ্ৰদ এনে দুখন অনন্য ঠাই য’ত আপুনি নিজকে প্ৰকৃতিক নিচেই কাৰতে পাব পাৰে ৷ ছিকিমৰ প্ৰতিটো ঠাইৰে এক সুকীয়া আৰু স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰে ৷

The couple who went to Sikkim for their honeymoon has been missing for 15 days, know why people get lost in the mountains
পৃথিৱীতে থকা স্বৰ্গসদৃশ ঠাই ছিকিম (GETTY IMAGES)

কিয় ইমান বিপজ্জনক এই ঠাইখন

মন কৰিবলগীয়া যে, ছিকিম যিমান বিপজ্জনক সিমানেই ধুনীয়া ৷ ছিকিমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ইয়াৰ বিপদজনক ভৌগোলিক অৱস্থানও এটা গুৰুত্বপূৰ্ণ দিশ ৷ এই অঞ্চলটো অতি উচ্চ উচ্চতাত অৱস্থিত, যাৰ বাবে ইয়াত বিপদজনক বতৰ আৰু ভূমিস্খলনৰ আশংকা থাকে ৷ লগতে কিছুমান অঞ্চলত বনৰীয়া জন্তুৰো উপদ্ৰৱ দেখিবলৈ পোৱা যায় ৷ ছিকিমৰ বেছিভাগ ঠাইতে ওখ ঠাই আছে ৷ এই অঞ্চলটো ভূমিকম্প আৰু ভূমিস্খলনৰ ঘটনাও হোৱা দেখা যায় ৷

এই কাৰণতে হেৰাই লোক

ছিকিমৰ বতৰ প্ৰায়ে হঠাৎ সলনি হয় ৷ ইয়াত হঠাৎ বৰফ পৰা, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাও হ’ব পাৰে ৷ ছিকিমত বহু ধৰণৰ বন্যপ্ৰাণী পোৱা যায়, ইয়াৰে কিছুমান মানুহৰ বাবেও বিপদজনক হ’ব পাৰে ৷ এনে পৰিস্থিতিত বতৰ, ভূমিস্খলন আৰু বন্যপ্ৰাণীৰ বাবে ছিকিমলৈ যোৱা লোকসকল বিপদত পৰিব পাৰে ৷ যাত্ৰাৰ পূৰ্বে বতৰৰ বিষয়ে তথ্য লাভ কৰি স্থানীয় গাইডৰ লগত যাব লাগে ৷ অৰ্থাৎ ক’বলৈ গ’লে ছিকিম এখন সুন্দৰ ঠাই, কিন্তু ভৌগোলিক অৱস্থা আৰু বতৰৰ বাবে এই ঠাইত কিছু বিপদ আছে ৷ এই বিপদসমূহ মনত ৰাখি ছিকিমলৈ যাত্ৰা কৰা লোকসকল সাৱধান হোৱা উচিত ৷

উল্লেখযোগ্য যে, হানিমুনৰ বাবে ছিকিমত নিৰুদ্দেশ হোৱা নৱবিবাহিত উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ এহাল নৱবিবাহিত দম্পতি হানিমুনৰ বাবে ছিকিমলৈ গৈছিল ৷ কিন্তু ফুৰিবলৈ যোৱাৰ ১৫ দিনৰ পাছতো ঘৰলৈ এতিয়ালৈকে উভতি অহা নাই দম্পতিটো ৷ তথা আৰক্ষী-প্ৰশাসনেও কোনো শুং-সুত্ৰ বিচাৰি উলিয়াবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই ৷

দৰাচলতে ৫ মে’ত বিবাহপাশত আবদ্ধ হোৱা কৌশলেন্দ্ৰ প্ৰতাপ সিং আৰু অংকিতা সিং ২৪ মে’ত ছিকিমলৈ ৰাওনা হয় ৷ ২৯ মে’ৰ সন্ধিয়া ভূমিস্খলন প্ৰভাৱিত মংগন জিলাৰ তীস্তা নদীত ১০০০ ফুট ওপৰলৈ গৈ থকা গাড়ীখন তীস্তা নদীত পৰি যায় ৷

জানিব পৰা মতে, লাচেন-লাচুং ঘাইপথৰ মুনসিথাঙৰ সমীপত পথৰ পৰা পিছলি পৰে গাড়ীখন ৷ এই দুৰ্ঘটনাত কৌশলেন্দ্ৰ, অংকিতাকে ধৰি ৮ গৰাকী পৰ্যটক সন্ধানহীন হৈ আছে ৷ নিৰুদ্দেশ হোৱা পৰ্যটকক এন ডি আৰ এফ, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বন বিভাগ, পৰ্যটন বিভাগ, টি এ এ এছ (ছিকিম ট্ৰেভেল এজেণ্টছ এছ’চিয়েচন) আৰু আৰক্ষীৰ লোকে তালাচী অব্যাহত ৰাখিছে ৷ কিন্তু বতৰ বেয়া হোৱাৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক

  1. হানিমুনত যাওতে কেতিয়াও নকৰিব এই ভুল! নষ্ট হৈ পৰিব পাৰে বিয়াৰ পিচৰ স্মৰণীয় মুহূৰ্তবোৰ
  2. বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ: ঘৰখনৰ বাহিৰত নিজক সুৰক্ষিত ৰখাৰ উপায় কি ?
  3. অহ! এই কাৰণেহে হানিমুনত শ্বিলঙলৈ যায়...কাৰণ জানি হৈ পৰিব আচৰিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.