ETV Bharat / lifestyle

এইবাৰ শিক্ষক দিৱসত প্ৰিয় শিক্ষকক কি উপহাৰ দিম বুলি ভাবিছে ? এয়া চাওক কিছু বিকল্প

যদি আপোনাৰ সন্তানেও এইবাৰ শিক্ষক দিৱসত নিজৰ প্ৰিয় শিক্ষকৰ বাবে উপহাৰ ল’ব বিচাৰে, তেন্তে এয়া লওক বিকল্প-

TEACHER’S DAY 2025
শিক্ষক দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : September 1, 2025 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয় । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী শিক্ষক, পণ্ডিত আৰু দাৰ্শনিক ৷ এই দিৱস শিক্ষকসকলৰ বাবে উৎসৰ্গা কৰা হৈছে ৷ আজিৰ দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৷ সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই দিৱস অতি বিশেষভাৱে পালন কৰা হয় ৷

প্ৰতিগৰাকী ব্যক্তিৰ জীৱন উদ্ভাসিত হৈ থাকে তেওঁৰ জীৱনত দিকদৰ্শন কৰা শিক্ষকৰ পোহৰেৰে । এগৰাকী শিক্ষকে কেৱল পাঠ্যক্ৰমৰ জ্ঞান দিয়াই নহয়, জীৱনৰ মূল্যবোধ, অনুশাসন, আত্মবিশ্বাস আৰু নৈতিকতাৰ শিক্ষণো প্ৰদান কৰে । শিকায় জীৱন আগবঢ়াই নিয়াৰ সঠিক পাঠ । শিক্ষকৰ হাতত হাত ধৰিয়েই এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশ ঘটে, চিন্তা শক্তি তথা বিচাৰ–বিবেচনাৰে হৈ উঠে এজন সুনাগৰিক ৷

শিক্ষক দিৱসৰ দিনটো দেশজুৰি নানা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জীৱনৰ গুৰুগৰাকীক শ্ৰদ্ধা–সন্মান নিবেদনেৰে গুৰুভক্তিত গদগদ হৈ পৰে প্ৰতিগৰাকী ছাত্ৰ । শিক্ষকসকলৰ বাবে ছাত্ৰ–ছাত্ৰীয়ে অংশ লয় নানা কলাত্মক কাৰ্যসূচীত । কেৱল সিমানেই নহয়, এই দিনটোত গুৰুৰ হাতত শিক্ষাৰ্থীয়ে তুলি দিয়ে যথাসাধ্য উপহাৰ ৷

যদি আপোনাৰ সন্তানেও এইবাৰ শিক্ষক দিৱসত নিজৰ প্ৰিয় শিক্ষকৰ বাবে উপহাৰ ল’ব বিচাৰে, তেতিয়া আপুনি সন্তানক এইক্ষেত্ৰত সঠিক উপহাৰৰ সন্ধান দিব পাৰে । চাওঁ আহক তেনে কেইটিমান উপহাৰৰ বিষয়ে–

কলম আৰু ডায়েৰী

প্ৰিয় শিক্ষকৰ বাবে কলম বা ডায়েৰী উপহাৰ স্বৰূপে দিয়াৰ প্ৰচলন আমাৰ সমাজত আছেই । এই দুয়োবিধ সামগ্ৰীৰে জীৱনত এক বিশেষ স্থান আছে। এটা কলম লগতে এক সন্মান তথা শ্ৰদ্ধাভৰা উক্তিৰে এখন ডায়েৰী উপহাৰ দিব পাৰে । এই উপহাৰে শিক্ষকসকলৰ মন প্ৰশান্ত কৰিব। তেওঁলোকে এই উপহাৰ সততে নিজৰ লগত ৰাখিব পাৰে । এই ডায়েৰীখনত যেতিয়াই তেওঁলোকে কিবা এটা লিখিব, তেতিয়াই তেওঁলোকৰ মনত নিশ্চিতভাৱে আপোনাৰ ছবি মনলৈ আহিব ৷

হাতেৰে বনোৱা কাৰ্ড

যদি আপোনাৰ বাজেট কম বা আপুনি অধিক আৱেগিক উপহাৰ দিব বিচাৰে, তেতিয়া আপুনি হাতেৰে বনোৱা এখন কাৰ্ড বনাই শিক্ষকক উপহাৰ দিব পাৰে । এই কাৰ্ডত আপোনাৰ অনুভৱ, স্মৃতি আৰু জীৱনত লাভ কৰা শিক্ষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কেইশাৰীমান বাক্য লিখিব পাৰে ৷

কিতাপ উপহাৰ দিয়ক

কিতাপতকৈ শ্ৰেষ্ঠ উপহাৰ কি হ’ব পাৰে! গতিকে স্বাভাৱিকতেই শিক্ষকক উপহাৰ দিবলৈ কিতাপ এক উত্তম বিকল্প হ’ব । এখন কিতাপ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে জ্ঞান আহৰণৰ উৎস । গতিকে আপুনি দিয়া এই উপহাৰ শিক্ষকজনৰ ঘৰখনৰ বাবেই এক আদৰ্শ উপহাৰ হৈ পৰিব ৷

গছপুলি উপহাৰ দিয়ক

শিক্ষকক তেওঁৰ ঘৰ বা ডেস্কত ৰাখিব পৰা সৰু গছ যেনে মানী প্লাণ্ট, বনছাই উপহাৰ দিব পাৰে । ইয়াৰ লগতে আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰি এক সৰু কাৰ্ড সংলগ্ন কৰি পাৰিব । বা আপুনি এক ডাঙৰ গছৰ পুলিও দিব পাৰে । আপোনাৰ এই উপহাৰ প্ৰকৃতিৰ বাবে হৈ পৰিব মহৎ দান ৷

লগতে পঢ়ক

  1. শিক্ষক দিৱস; জ্ঞানচক্ষু দানকৰ্তাসকলক শ্ৰদ্ধা জনাওঁ আহক - TEACHERS DAY 2024
  2. Statue of Sarvepalli Radhakrishnan: দলগাঁৱত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আৱক্ষ মূৰ্তি উম্মোচন
  3. Teachers Day 2023: শিক্ষক দিৱসত এই পদ্ধতিৰে আপোনাৰ শিক্ষাগুৰুসকলক বিশেষ অনুভৱ কৰাওক