তামান্না ভাটিয়াৰ দৰে আপুনিও একপক্ষীয় প্ৰেমত পৰিছে নেকি ? এইদৰে জানক আপোনাৰ সংগীয়ে কমিটমেণ্ট বিচাৰে নে নাই
তামান্না ভাটিয়া-বিজয়ৰ ব্ৰেকআপ একপক্ষীয় প্ৰেমৰ উদাহৰণ, কেনেকৈ জানিব যে আপোনাৰ সংগী আপোনাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কত প্ৰতিশ্ৰুতিবদ্ধ হয় নে নহয় ৷ লেখিকা-দ্বীপশিখা তালুকদাৰ

Published : March 11, 2025 at 11:33 AM IST
শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়া আৰু অভিনেতা বিজয় বাৰ্মাৰ মাজত দুবছৰৰ প্ৰেমৰ সম্পৰ্কৰ যবনিকা পৰিছে ৷ খবৰ অনুসৰি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ ঘটিছে ।
আনহাতে, কেইমাহমান আগলৈকে খবৰ আহি আছিল যে দুয়োজনে সোনকালে ইজনে আনজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে । ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত যেন এক হুলস্থুলৰ সৃষ্টি হৈছিল ৷ জানিব পৰা মতে, অভিনেত্ৰীগৰাকীয়ে বিয়া হ’ব বিচাৰিছিল যদিও বিজয় বাৰ্মা এতিয়াও সাজু নহয় । অৱশ্যে দুয়োজনে এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো বক্তব্য দিয়া নাই । কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰেমক একপক্ষীয় বুলি অভিহিত কৰিছে ।
ইয়াৰ উপৰিও খবৰ ওলাইছে যে তামান্নাই বিজয়ৰ সৈতে নিজৰ সম্পৰ্কক আগুৱাই নিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ বিজয়ৰ পৰা কোনো প্ৰতিশ্ৰুতি পোৱা নাছিল যাৰ পিছতে দুয়োজনে সম্পৰ্ক বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় । কিন্তু এইসমূহ কাৰণতে সম্পৰ্ক বিচ্ছেদ ঘটাতো কোনো নতুন কথা নহয় । এটা সম্পৰ্কত কেৱল ভালপোৱাই নহয় তাত বিশ্বাস, ইজনে আনজনৰ প্ৰতি থকা যত্ন, সন্মান আদিও সমানে গুৰুত্বপূৰ্ণ ৷
কিন্তু এইটো গুৰুত্বপূৰ্ণ যে এনে সম্পৰ্কত আপোনাৰ আৱেগক আঘাত নকৰাকৈ আপুনি জানিবলৈ চেষ্টা কৰা উচিত যে আপোনাৰ সংগী আপোনাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কটোক লৈ প্ৰতিশ্ৰুতিবদ্ধ হয় নে নহয় ?
কি হয় একপক্ষীয় প্ৰেম ?
একপক্ষীয় প্ৰেম হ’ল এনে পৰিস্থিতি যেতিয়া এজন ব্যক্তি আন এজন ব্যক্তিৰ লগত আৱেগিকভাৱে আকৃষ্ট হৈ থাকে যদিও আনটো পক্ষৰ পৰাও একে সঁহাৰি নাপায়। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে আনজনক সম্পূৰ্ণৰূপে ভাল পায়, কিন্তু আনজন ব্যক্তিয়ে একে গভীৰতা বা আগ্ৰহেৰে সম্পৰ্কটো বজাই ৰাখিব নোৱাৰে। এনে পৰিস্থিতিত সম্পৰ্কটোক সকলো বুলি গণ্য কৰা ব্যক্তিজনৰ বাবে নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে।
আপোনাৰ সংগীয়ে যে প্ৰতিশ্ৰুতি দিব বিচাৰে নে নাই এই কথা কেনেকৈ জানিব ?
- যদি আপোনাৰ সংগীয়ে সদায় সম্পৰ্কটোৰ বিষয়ে গুৰুতৰভাৱে কথা পতাটো এৰাই চলি থাকে, তেন্তে ই তেওঁৰ প্ৰতিশ্ৰুতি নিবিচৰাৰ লক্ষণ হ’ব পাৰে ।
- যেতিয়া আপোনাৰ সংগীয়ে আপোনাৰ আৱেগ আৰু প্ৰয়োজনক গুৰুত্ব নিদিয়ে, আৰু সদায় নিজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া এইটোও তেওঁ দীৰ্ঘদিন ধৰি সম্পৰ্কটো নিবিচৰাৰ লক্ষণ হ’ব পাৰে ।
- সম্পৰ্কত সময় দিয়াটো অতি গুৰুত্বপূৰ্ণ । যদি আপোনাৰ সংগীয়ে আপোনাক কেতিয়াও কোনো কাৰণ নোহোৱাকৈ সময় নিদিয়ে বা সদায় ব্যস্ততাৰ অজুহাত দেখুৱায়, তেন্তে এয়া এক ৰেড ফ্লেগ ।
- যেতিয়া আপুনি একপক্ষীয়ভাৱে সম্পৰ্ক এটাক গুৰুত্ব দিয়ে আৰু আনজনে সম্পৰ্কটোৰ বাবে কেতিয়াও কোনো গুৰুত্ব নিদিয়ে বা আগ্ৰহী নহয়, তেতিয়া অতি স্পষ্ট হয় যে তেওঁ/তাই প্ৰতিশ্ৰুতিৰ বাবে সাজু নহয় ।
- সম্পৰ্কত কিছু নিৰাপত্তাহীনতা(insecurity) থকাটো গুৰুত্বপূৰ্ণ । যদি আপুনি আন কাৰোবাৰ লগত আড্ডা মাৰি বা কথা পাতিলে আপোনাৰ সংগীয়ে একেবাৰেই গুৰুত্ব নিদিয়ে, তেন্তে আপুনি তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহ’বও পাৰে ।
মনত ৰাখিব, এটা সম্পৰ্ক তেতিয়াহে সফল হয় যেতিয়া মৰম, ভালপোৱা, যত্ন, সন্মান, ইজনে আনজনক ভালদৰে বুজিবলৈ চেষ্টা কৰা আদি এপক্ষীয়ভাৱে নহয় বৰঞ্চ সমান হয় ৷ কাৰণ যেতিয়া এইসমূহ এপক্ষীয় হয় তেতিয়া সম্পৰ্কটোক বচাই ৰখাটো খুবেই কষ্টকৰ হৈ পৰে ৷ প্ৰেমৰ সম্পৰ্ক এটাক চিৰজীৱনৰ সম্পৰ্ক হিচাপে গঢ়ি তুলিবলৈ হ’লে দুয়োজনৰে মাজত বুজাবুজি থকাটো খুবেই জৰুৰী ৷
লগতে পঢ়ক

