ETV Bharat / lifestyle

প্ৰতাৰক লোকৰ পৰা কেনেকৈ বাচি থাকিব ? এই ৫টা সংকেত জানি হওক সাৱধান

এই পৃথিৱীত প্ৰতাৰণা কৰা লোকৰ অভাৱ নাই, আপোনাৰ হৃদয় পৰিষ্কাৰ হ’ব পাৰে, কিন্তু সন্মুখৰ ব্যক্তিজনো আপোনাৰ দৰে হ’ব জৰুৰী নহয় এনে লোকক কেনেকৈ চিনাক্ত কৰিব-

BETRAYAL SYMPTOMS
কেনেকৈ জানিব সন্মুখৰ ব্যক্তিগৰাকীয়ে আপোনাৰ প্ৰতাৰণা কৰিব নে নাই ? এই ৫টা সংকেত জানি হওক সাৱধান (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 30, 2024 at 1:55 PM IST

4 Min Read
Choose ETV Bharat

জীৱন হৈছে এক দীঘলীয়া যাত্ৰা য'ত আমি বহু লোকক লগ পাওঁ, কিছুমান মানুহে আমাৰ জীৱনত সুখ কঢ়িয়াই আনে, আনহাতে কিছুমানে আমাক গুৰুত্বপূৰ্ণ শিক্ষা দি যায় । কিন্তু এই পৃথিৱীত দুৰ্ভাগ্যজনকভাৱে আমাক প্ৰতাৰণা কৰিব পৰা কিছুমান লোকো আছে । প্ৰতাৰণা এক বেদনাদায়ক অভিজ্ঞতা হ’ব পাৰে, কিন্তু ইয়াৰ কিছুমান লক্ষণ প্ৰথমে জানিব পাৰিলে বা শিকিলে আমি ইয়াৰ পৰা আঁতৰি থাকিব পাৰো বা অন্ততঃ ইয়াৰ নেতিবাচক প্ৰভাৱ কমাব পাৰো ।

আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে ৫টা সতৰ্কবাণীৰ বিষয়ে আলোচনা কৰিম যাৰ পৰা আপুনি এইটো জানিব পাৰিব যে কোনো ব্যক্তিয়ে আপোনাক প্ৰতাৰণা কৰিব পাৰে নে নোৱাৰে-

প্ৰতাৰকসকলে দিয়ে এনে সংকেত

১) যিয়ে অযুক্তিকৰভাৱে কথা কয়

প্ৰতাৰক মানুহৰ এটা প্ৰধান চিহ্ন হ’ল তেওঁলোকে প্ৰায়ে অযুক্তিকৰভাৱে কথা কয় । তেওঁলোকৰ কথাৰ মাজত কোনো সমন্বয় নাথাকে আৰু এটা কথাৰ আনটোৰ সৈতে মিল নাথাকে । যদি আপুনি কোনো ব্যক্তিৰ মাজত এই ধৰণৰ আচৰণ বাৰে বাৰে দেখা পায়, তেন্তে তেওঁৰ পৰা সাৱধান হোৱা উচিত ।

২) বাৰে বাৰে নিজৰ কথা সলনি কৰা

যিসকল লোকে নিজৰ কথা আৰু প্ৰতিশ্ৰুতিত অটল থাকিব নোৱাৰে বা বাৰে বাৰে নিজৰ কথা সলনি কৰে এনে লোকো প্ৰতাৰক হ’ব পাৰে । এনে লোকে নিজৰ প্ৰতিশ্ৰুতি কেতিয়াও পালন নকৰে আৰু যিকোনো সময়তে যিকোনো ব্যক্তিক ঠগিব পাৰে । গতিকে এনে লোকৰ পৰা আঁতৰত থকাই ভাল যিয়ে নিজৰ কোনো প্ৰতিশ্ৰুতিত অটল থাকিব নোৱাৰে ।

৩) অনবৰতে মিছা কথা কোৱা

মিছা কথা কোৱাটো প্ৰতাৰণা কৰাৰ স্পষ্ট লক্ষণ । যদি কোনো ব্যক্তিয়ে বাৰে বাৰে আপোনাক মিছা কথা কয়, তেন্তে তেওঁক বিশ্বাস কৰাটো কঠিন হৈ পৰে । সৰু সৰু মিছা কথাও এটা ডাঙৰ প্ৰৱঞ্চনাৰ আৰম্ভণি হ’ব পাৰে । সেয়েহে আপুনি অধিক সজাগ হোৱাটো প্ৰয়োজন । এনেলোকৰ সৈতে কোনো ব্যক্তিগত কথা শ্বেয়াৰ নকৰাটোৱে ভাল ।

৪) অনবৰতে আনৰ কথা বেয়াকৈ কোৱা

প্ৰায়ে আনৰ বেয়া কথা কোৱা মানুহেও আপোনাৰ লগতো একে কাম কৰিব পাৰে । এনে লোকে আনৰ বিষয়ে গুজৱ কৰা আৰু নেতিবাচক কথা কোৱাত লিপ্ত হয় । সেয়ে এনে লোকৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল, কাৰণ তেওঁলোকে আপোনাৰ অনুপস্থিতিত আন কাৰোবাৰ আগত আপোনাৰ কথাও বেয়াকৈ ক’ব পাৰে ।

৫) স্বাৰ্থপৰ আচৰণ

যিসকল লোকে কেৱল নিজৰ কথা চিন্তা কৰে আৰু আনৰ কথা চিন্তা নকৰে তেওঁলোকেও প্ৰতাৰণা কৰিব পাৰে । এনে লোকে যিকোনো ব্যক্তিক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰে । গতিকে স্বাৰ্থপৰ আচৰণ দেখুওৱা মানুহৰ পৰা সাৱধান হওক ।

এই কথা বুজি লওক

ওপৰত লিখা সকলো সংকেত দেখুওৱা ব্যক্তিয়ে আপোনাক নিশ্চিতভাৱে প্ৰতাৰণা কৰাটো প্ৰয়োজনীয় নহয়, কিন্তু এই সংকেতবোৰে আপোনাক সজাগ হৈ থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে । যদি আপুনি কোনো ব্যক্তিৰ মাজত এনে কিছুমান লক্ষণ দেখা পায় তেন্তে তেওঁৰ পৰা দূৰত্ব বজাই ৰখা বা তেওঁৰ সৈতে সম্পৰ্ক সীমিত কৰাটো বুদ্ধিমানৰ কাম হ’ব । মনত ৰাখিব, আপোনাৰ সুৰক্ষা আৰু আৱেগিকভাৱে সুস্থ হৈ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ-

১) নিজৰ বিবেকৰ কথা শুনা । যদি আপুনি কোনো ব্যক্তিৰ বিষয়ে কোনো কথা সঠিক বুলি অনুভৱ নকৰে তেন্তে তাৰ প্ৰতি মন কৰক ।

২) বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা পৰামৰ্শ লওক । তেওঁলোকে আপোনাক এক বেলেগ দৃষ্টিভংগী দিব পাৰে ।

৩) লাহে লাহে বিশ্বাস কৰক । লগে লগে তৎক্ষণাত কাকো ভৰসা নকৰিব ।

৪) নিজৰ সীমা নিৰ্ধাৰণ কৰক । আপোনাৰ বাবে কি গ্ৰহণযোগ্য আৰু কি গ্ৰহণযোগ্য নহয় আনক জানিবলৈ দিয়ক ।

৫) প্ৰৱঞ্চনাৰ পৰা আঁতৰি থকাটো সদায় সম্ভৱ নহয়, কিন্তু এই সংকেতবোৰ জানি আৰু সাৱধান হ’লে ইয়াৰ প্ৰভাৱ কম কৰিব পাৰি ।

উৎস: https://pmc.ncbi.nlm.nih.gov/articles/PMC10002055/#:~:text=While%20early%20research%20suggested%20that,than%20religious%20ones%20%5B73%5D.

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল
  2. এইসমূহ কাৰণতে পুৰুষে সম্পৰ্কত প্ৰতাৰণা কৰে
  3. প্ৰিয়জনৰ সৈতে এটি সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ ৫টা উপায়