ভাৰতৰ ভিন্ন প্ৰান্তত কেনেদৰে পালন কৰা হয় নৱৰাত্ৰি তথা ইয়াৰ আঁৰৰ তাৎপৰ্য কি জানেনে ?
আজি এই প্ৰতিবেদনত ভাৰতৰ ভিন্ন প্ৰান্তত কেনেদৰে নৱৰাত্ৰি পালন কৰা হয়, তথা প্ৰত্য়েকৰে মহত্ব কি জানো আহক-

Published : September 25, 2025 at 4:26 PM IST
ভাৰত এখন বৈচিত্ৰ্যময় দেশ, আৰু এই বৈচিত্ৰ্য আমাৰ উৎসৱৰ দ্বাৰাই প্ৰতিফলিত হয় ৷ নৱৰাত্ৰি (Shardiya Navratri 2025) এনে এক উৎসৱ যাক সমগ্ৰ দেশতে অতি উৎসাহ আৰু ভক্তিৰে পালন কৰা হয় ৷ এই উৎসৱ দেৱী দুৰ্গাৰ নটা ৰূপৰ প্ৰতি উৎসৰ্গিত ৷ অৱশ্যে প্ৰতিখন ৰাজ্যৰ নিজস্ব পৰম্পৰা আৰু সোৱাদ আছে ৷
হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰি বা দুৰ্গা পূজাৰ বিশেষ তাৎপৰ্য আছে ৷ এইবাৰ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি আৰু ইয়াৰ অন্ত পৰিব ২ অক্টোবৰত ৷ এই ন দিনত দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয় ৷ এইসময়ত ভক্তসকলেও দেৱীৰ আশীষ বিচাৰি উপবাস পালন কৰে ৷ সেয়ে এনে পৰিস্থিতিত উপবাসৰ সম্পূৰ্ণ সুফল লাভ কৰিবলৈ কিছুমান নিয়ম মানি চলাটো জৰুৰী, অন্যথা উপবাস আধৰুৱা হৈ থাকিব পাৰে ৷
সঁচাকৈয়ে হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে ৷ এই ন দিনত দুৰ্গা দেৱীৰ নটা ৰূপৰ পূজা কৰা হয় ৷ এই সময়ছোৱাত ভক্তসকলে পূৰ্ণ ৰীতি-নীতিৰে দেৱী দুৰ্গাক পূজা কৰি ব্ৰত পালন কৰে ৷ যদি এই সময়ত সঁচা হৃদয়েৰে দেৱী দুৰ্গাৰ যদি আৰাধনা কৰা হয় নিজৰ ভক্তৰ সকলো কামনা পূৰণ কৰে ৷
ভাৰতৰ বিভিন্ন ৰাজ্যত নৱৰাত্ৰিৰ বিভিন্ন দিশ দেখা যায় ৷ উত্তৰ ভাৰতৰ ৰাজ্যসমূহত নৱৰাত্ৰি বেলেগ ধৰণে পালন কৰা হয় যদিও পশ্চিমত ইয়াৰ উদযাপন সম্পূৰ্ণ পৃথক ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তত কেনেকৈ নৱৰাত্ৰি (Shardiya Navratri 2025) পালন কৰা হয় তাকেই জানো আহক-

উত্তৰ ভাৰতৰ নৱৰাত্ৰি
উত্তৰ ভাৰতৰ বহু ৰাজ্য, যেনে উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, বিহাৰত নৱৰাত্ৰিৰ সময়ত ৰামলীলাৰ আয়োজন কৰা হয় ৷ মঞ্চত ৰামায়ণৰ কাহিনী প্ৰণয়ন কৰা হয় আৰু দশেহৰাত ৰাৱণ, মেঘনাদ, কুম্ভকৰণৰ প্ৰতিমূৰ্তি দাহ কৰা হয় ৷ ভক্তসকলে প্ৰত্যেক ঘৰতে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰে, উপবাস পালন কৰে, অষ্টমী বা নৱমীৰ দিনা কন্যা পূজন পালন কৰে ৷
পশ্চিম বংগত দুৰ্গা পূজা
পশ্চিম বংগৰ নৱৰাত্ৰিৰ মূখ্য আকৰ্ষণ হৈছে দুৰ্গা পূজা ৷ গ্ৰেণ্ড পেণ্ডেল সজাই তোলা হৈছে, য’ত দেৱী দুৰ্গাৰ ভয়ংকৰ মূৰ্তি স্থাপন কৰা হৈছে ৷ গোটেই পাঁচদিনত পূজা, সাংস্কৃতিক অনুষ্ঠান, নৃত্য, সংগীত আদি অনুষ্ঠিত হয় ৷ পেণ্ডেল হপিং মানুহৰ বাবে এক বিশেষ অভিজ্ঞতা হৈ পৰে ৷ বিজয়া দশমীৰ দিনা গংগা বা অন্যান্য নদীত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিয়া হয় ৷

গুজৰাটৰ নৱৰাত্ৰি
গুজৰাটৰ নৱৰাত্ৰি গৰ্বা আৰু দাণ্ডিয়াৰ বাবে বিশ্বজুৰি বিখ্যাত ৷ মানুহে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি গোটেই ৰাতি নৃত্য কৰে, দেৱী অম্বে মাৰ পূজা কৰে ৷ গোটেই ন দিন চহৰ-গাঁৱত গৰ্বাৰ অনুষ্ঠান অনুষ্ঠিত হয় আৰু সকলো বয়সৰ লোকে উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰে ৷

মহাৰাষ্ট্ৰৰ নৱৰাত্ৰি
মহাৰাষ্ট্ৰতো নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে ৷ মানুহে পূজা কৰিবলৈ দেৱী মন্দিৰলৈ যায় আৰু প্ৰত্যেকৰে ঘৰত ঘটস্থাপন কৰা হয় ৷ পৰিয়ালে ন দিন উপবাস পালন কৰি দেৱীক নৈবেদ্য আগবঢ়ায় ৷ মহাৰাষ্ট্ৰৰ বহু ঠাইতো দাণ্ডিয়া আৰু গৰ্বা উদযাপন কৰা হয় ৷
দক্ষিণ ভাৰতৰ নৱৰাত্ৰি
দক্ষিণ ভাৰতত নৱৰাত্ৰি উত্তৰ আৰু পশ্চিমতকৈ অনেক পৃথক ৷ কৰ্ণাটক, তামিলনাডুত বোম্মাই গোলু বা গোলুৰ পৰম্পৰা আছে, য’ত ঘৰত দেৱ-দেৱী আৰু পৌৰাণিক মূৰ্তি বা চিত্ৰ কাঠৰ চিৰিত স্থাপন কৰা হয় ৷ অন্ধ্ৰপ্ৰদেশ, তেলেংগানত বাথকোমা ৷ কৰ্ণাটকৰ মহীশূৰত মহান মহীশূৰ দশহৰা উৎসৱ পালন কৰা হয়, য’ত সমগ্ৰ চহৰখনক সজাই পৰাই তোলা হয় আৰু বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

উত্তৰ-পূব ভাৰতৰ নৱৰাত্ৰি

ঠিক একেদৰে অসম আৰু ত্ৰিপুৰাতো নৱৰাত্ৰিত দুৰ্গা পূজা হিচাপে পালন কৰা হয় ৷ ইয়াত বৃহৎ পণ্ডেল আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অসমৰ কামাখ্যা মন্দিৰত এক বিশেষ পূজাৰ আয়োজন কৰা হয়, যিটো ভক্তৰ বাবে অতি বিশেষ ৷
লগতে পঢ়ক

