এইবাৰ মা দুৰ্গা ধৰালৈ কিহত আহিব তথা ইয়াৰ তাৎপৰ্য কি জানেনে ?
প্ৰতিবছৰে মা কোন বাহনত আহিব আৰু কোন বাহনত যাব তথা প্ৰত্যেকটি বাহনৰ আগমণে কি সূচায় কিদৰে জানিব পাৰি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Published : September 13, 2025 at 4:34 PM IST
শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ মা দুৰ্গাৰ পূজাৰ এক অনন্য উৎসৱ ৷ ন দিনীয়া এই উৎসৱত মা দুৰ্গাৰ নটা ভিন্ন ৰূপৰ পূজা কৰা হয় ৷ একে সময়তে প্ৰতি বছৰে দুৰ্গা পূজাত (Durga Puja 2025) মা দুৰ্গা বিভিন্ন বাহনত উঠি আহে, যাৰ নিজস্ব বিশেষ তাৎপৰ্য আছে ৷ কিন্তু মা কোন বাহনত আহিব আৰু কোন বাহনত যাব তথা প্ৰত্যেকটি বাহনৰ আগমণে কি সূচায় কিদৰে জানিব পাৰি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
শাৰদীয় দুৰ্গা পূজাৰ শুভ মহুৰত

২২ ছেপ্টেম্বৰৰ নিশা ০১:২৩ বজাৰ আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত মহালয়াৰ শুভ মুহূৰ্ত আৰম্ভ হ’ব ৷ একে সময়তে ২৩ ছেপ্টেম্বৰত নিশা ০২:৫৫ বজাত ইয়াৰ অন্ত পৰিব ৷ এনে পৰিস্থিতিত ২০২৫ চনৰ ২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হ’ব মহালয়া অৰ্থাৎ দুৰ্গা পূজাৰ শুভাৰম্ভণি ৷ ইফালে, ২৮ ছেপ্তেম্বৰ তাৰিখে ষষ্ঠী আৰু ২ অক্টোৱৰ তাৰিখে হৈছে দশমী ৷

এইবাৰ কোনখন বাহনত আহিব মা দুৰ্গা ?
সোমবাৰৰ পৰা আৰম্ভ হৈছে দুৰ্গা পূজা ৷ দেৱী ভাগৱত পুৰাণৰ মতে, যদি সোমবাৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হয়, তেন্তে দেৱী দুৰ্গা হাতীত উঠি আহি উপস্থিত হয় ৷
শ্লোক
"শশী সূৰ্য্য গজাৰুধা শনিভৌমে তুৰাংগেমে ৷ গুৰু শুক্ৰেচা দোলায়ং বুধে নৌকাপ্ৰকীৰ্ততা ৷"
হাতীত উঠি মা দুৰ্গাৰ আগমন শুভ লক্ষণ বুলি গণ্য কৰা হয় ৷ ই শান্তি, সমৃদ্ধি আৰু সমৃদ্ধিৰ প্ৰতীক ৷ কোৱা হৈছে যে ই ভাল বৰষুণ, প্ৰচুৰ ফচল আৰু কৃষকৰ সমৃদ্ধিৰ ইংগিত দিছে ৷

হাতীত আগমনৰ গুৰুত্ব
দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাৰ বাহন নিৰ্ভৰ কৰে তেওঁৰ আগমনৰ দিনটোৰ ওপৰত ৷ মা দুৰ্গাৰ হাতীত উঠি অহাটো অতি শুভ বুলি গণ্য কৰা হয় ৷ হাতীক সুখ, সমৃদ্ধি, শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ হাতীত উঠি মা দুৰ্গা আহি উপস্থিত হ’লে সুখৰ চিন ৷ ইয়াৰ লগতে চৌদিশে সুখ-সমৃদ্ধিৰ পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ লগতে ই সকলো ভক্তৰ বাবে সুখ আৰু সমৃদ্ধিৰ প্ৰতীক ৷ মাৰ প্ৰাণ প্ৰতিষ্ঠা বা বোধন ষষ্ঠীৰ দিনা হ’লেও কিন্তু দেৱীৰ মত্যলৈ আগমনৰ তিথি কিন্তু সপ্তমী ৷ সেয়ে সপ্তমী কোন বাৰে পৰিছে সেয়া জনাটো খুবেই দৰকাৰ ৷ একেদৰে দশমী কোনবাৰে পৰিছে সেয়া জনাটোও জৰুৰী আৰু ইয়াৰ ওপৰতে দেৱীয়ে কোন বাহনত উভতি যাব সেয়া নিৰ্ণয় কৰে ৷
দুৰ্গা পূজাৰ অন্যান্য বাহন আৰু ইয়াৰ তাৎপৰ্য

- সোমবাৰ বা দেওবাৰ - হাতীত আগমন (সুখ, সমৃদ্ধি আৰু ভাল বৰষুণ)
- শনিবাৰ বা মঙলবাৰ - ঘোঁৰাত আগমন (যুদ্ধ আৰু ৰাজনৈতিক দিশত অস্থিৰতাই বিৰাজ কৰে)
- বৃহস্পতিবাৰ বা শুকুৰবাৰ - পাল্কিত আগমন (মহামাৰী, ভূমিকম্প, খৰাং)
- বুধবাৰ - নাৱত আগমন (বানপানী হোৱাৰ সম্ভাৱনা)
তৎস্বত্বেও দেৱীৰ যদি কোনো বিশেষ বাহনত আগমন বা গমন হয় তেন্তে ইয়াৰ ফলত লাভ হয় নে ক্ষতি এইবিষয়ে ভিন্ন জনৰ ভিন্ন মত আছে ৷
লগতে পঢ়ক

