ETV Bharat / lifestyle

ধেমালি ধেমালিতে আপোনাক অপমান কৰা বন্ধুৰ সৈতে কেনেকৈ কৰিব মোকাবিলা - TIPS TO DEAL WITH TOXIC FRIENDS

কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনক লৈ ঠাট্টা কৰে, যাৰ ফলত আপোনাৰ আত্মবিশ্বাসত বেয়া প্ৰভাৱ পৰে । তেনে লোকৰ লগত মোকাবিলা কৰিবলৈ কি কৰা উচিত জানি লওক-

Tips to Deal with Friends Who Disrespects You
ধেমালি ধেমালিতে আপোনাক অপমান কৰা বন্ধুৰ সৈতে কেনেকৈ কৰিব মোকাবিলা (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : May 22, 2025 at 1:11 PM IST

4 Min Read

Tips to deal with friends who disrespect you: আমি সকলোৱে আমাৰ জীৱনত এনে মানুহৰ লগত মোকাবিলা কৰিছো, যিয়ে আমাক ধেমালিৰ নামত অপমান কৰি বন্ধুত্ব বুলি ক’বলৈ ভাল পায় ৷ এনে লোকে কেৱল ধেমালিৰ নামত সকলো সীমা অতিক্ৰম কৰে ৷ কেতিয়াবা আপোনাৰ শৰীৰৰ সন্দৰ্ভত, কেতিয়াবা আপোনাৰ কেৰিয়াৰ, পৰিয়াল বা কেতিয়াবা ব্যক্তিগত জীৱনৰ সন্দৰ্ভত আপোনাক ঠাট্টা কৰে ৷ তেওঁলোকে এনেকুৱা কথা কয় যিয়ে কেতিয়াবা আঘাত দিয়ে ৷ কিন্তু যদি আপুনি এই কথাৰ উত্তৰ দিব পৰা নাই আৰু কিবা ক’লে ধেমালিতে উৰুৱাই দিয়ে তেন্তে, আপোনাক জনাই দিও যে এয়া বন্ধুত্ব নহয় ৷ বন্ধুসকলে আপোনাৰ দুৰ্বলতাক লৈ ঠাট্টা নকৰে, তেওঁলোকে আপোনাৰ কাষত থিয় দিয়ে আৰু আপোনাক ভাল কামত সহায় কৰে ৷ এনে পৰিস্থিতিত যদি এনে বন্ধু-বান্ধৱীক কঠোৰ উত্তৰ দিব লাগে তেন্তে এই খবৰটো আপোনাৰ বাবে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এনে কিছুমান পদ্ধতিৰ বিষয়ে ক'ম, যাৰ দ্বাৰা আপুনি এনে লোকৰ সৈতে সহজে মোকাবিলা কৰিব পাৰিব ৷

ধেমালি আৰু অপমানৰ পাৰ্থক্য বুজাওক

বহুতৰে ধেমালিৰ নামত আনক অপমান কৰাৰ অভ্যাস আছে ৷ তেওঁলোকে বুজি নাপায় যে জানি-শুনি বা অজানিতে তেওঁলোকে নিজৰ বন্ধুক আঘাত দিছে ৷ এনে পৰিস্থিতিত যেতিয়া পৰিস্থিতি শান্ত হয়, তেতিয়া তেওঁক শান্তভাৱে কওক যে তেওঁ কোৱা কথাখিনিত আপোনাৰ বেয়া লাগিল, তেওঁ জানি-শুনি বা অজানিতে আপোনাৰ দুৰ্বলতা আৰু ব্যক্তিগত কথাবোৰক ঠাট্টা কৰি আছে ৷ ইয়াৰ লগতে তেওঁলোকক উদাহৰণ দি বুজাওক যে যদি তেওঁলোকৰ লগত এনেকুৱা কিবা এটা হয় তেন্তে তেওঁলোকৰ কেনে অনুভৱ হ’ব ? এনেদৰে আপুনি বন্ধুত্বত কোনো কাজিয়া মতানৈক্য নোহোৱাকৈ আপুনি আপোনাৰ মত ৰাখিব পাৰিব ৷

মৌন হৈ নাথাকিব

যদি আপোনাৰ সন্মুখৰ ব্যক্তিজনে কৌতুকৰ নামত বাৰে বাৰে অপমান কৰে তেন্তে মনে মনে নাথাকিব ৷ বিশেষকৈ যদি তেওঁ আনৰ সন্মুখত বা গোটত এনেকুৱা কাম কৰে যিটো আপুনি অতি বেয়া বুলি বিবেচনা কৰে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিয়ক ৷ যেতিয়া আপুনি মৌন হৈ থাকে তেতিয়া ইয়াৰ অৰ্থ হ’ল সকলো ঠিকেই আছে ৷ কিন্তু যদি আপোনাৰ বেয়া লাগে তেন্তে আপুনি ক'ব লাগে "এয়া ধেমালি নহয়, এইটো অসন্মানজনক", "মই এনে আচৰণ ভাল নাপাওঁ, গতিকে মোৰ লগত আৰু এনেকুৱা নকৰিব" ৷ এনে পৰিস্থিতিত কোনোৱে পুনৰবাৰ এনে ধেমালি কৰাৰ পূৰ্বে দহবাৰ ভাবিব ৷

দূৰত্ব বনাই ৰাখক

বাৰে বাৰে বুজাই দিয়াৰ পিছতো যদি কোনো ব্যক্তিয়ে আপোনাক ঠাট্টা কৰে, তেন্তে তেওঁৰ পৰা আঁতৰি থকাটোৱেই ভাল ৷ এনে মানুহ আপোনাৰ বন্ধু হ’ব নোৱাৰে ৷ বন্ধুসকলে অনুভৱ বুজে আৰু বেয়া লাগিলে নিজকে কেনেকৈ সলনি কৰিব জানে ৷ মনত ৰাখিব প্ৰকৃত বন্ধুৱে কেতিয়াও আপোনাক আঘাত দিব নিদিয়ে ৷ গতিকে কোনোবাই যদি বুজাই দিয়াৰ পিছতো যদি বাৰে বাৰে আপোনাক আঘাত দি থাকে, তেন্তে তেওঁ আপোনাৰ বন্ধু হ’ব নোৱাৰে ৷ তেওঁৰ পৰা দূৰত্ব বজাই ৰখা ভাল ৷

নিজৰ ওপৰত বিশ্বাস কৰক

বহু সময়ত এনে ধেমালিৰ বাবে এজন ব্যক্তিৰ আত্মবিশ্বাস হেৰাই যায় ৷ নিজৰ ওপৰত আস্থা হেৰুৱাই পেলায় ৷ সি নিজকে গালি পাৰিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত তেওঁ কেৱল আনৰ সন্মুখতে নহয়, নিজৰ সন্মুখতো নিজৰ পক্ষত থিয় দিবলৈ নোৱাৰে ৷ গতিকে যিয়েই নহওক, নিজৰ ওপৰত আস্থা ৰাখক, লাজ নকৰিব ৷ আপোনাৰ মাজত থকা অভাৱবোৰ মানি লওক আৰু সেইবোৰ সলনি কৰিবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক

  1. পৰীক্ষাৰ ফলাফলকলৈ আপোনাৰ সন্তানটি মানসিক চাপত ভোগে নেকি ? এনে পৰিস্থিতিত কি কৰা উচিত
  2. বৰ্ধিত মানসিক চাপৰ বাবেই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে নেকি ? কি ক’লে বিশেষজ্ঞই
  3. অনবৰতে কান্দি থকা লোকৰ বাবে সুখবৰ ! - Benefits of Crying

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.