সৰস্বতী পূজা 2025: পূজাৰ দিনা এই কাম কৰি প্ৰসন্ন কৰক বাগদেৱীক
কেনেকৈ আপুনি সন্তুষ্ট কৰিব দেৱী সৰস্বতীক ? পূজাৰ ভোগ হিচাপে কি সামগ্রী দান কৰিব পাৰে ? এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই-
সৰস্বতী পূজা 2025: পূজাৰ দিনা এই কাম কৰি প্ৰসন্ন কৰক বাগদেৱীক (ETV Bharat)

Published : January 30, 2025 at 2:36 PM IST
সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৷ প্ৰতি বছৰে মাঘৰ শুক্ল পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা । এইবর্ষ সৰস্বতী পূজাৰ তিথি আৰম্ভ হ'ব ২ফেব্ৰুৱাৰীৰ ৯.১৫ মিনিটৰ পৰা আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজালৈ থাকিব ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ কেইটামান সৰু উপায় কৰিব পাৰে ৷
- সৰস্বতী পূজাৰ দিনা পুৱা পূজাস্থলীলৈ গৈ তাত ৩ গছ ঘি চাকি জ্বলাই লগতে তিনি পাহ বগা বা হালধীয়া ফুল যদি মাৰ শ্ৰী চৰণত অৰ্পণ কৰিব পাৰে তেন্তে ভাল ফলাফল লাভ কৰিব পাৰে ৷
- লগতে পূজাস্থলীত সৰস্বতী মাৰ চৰণত নৈবদ্য হিচাপে কল আগবঢ়াব পাৰে ৷
- পূজাৰ ভোগৰ সামগ্রী হিচাপে হালধি, মগু ডালি, বুটৰ ডালি দান কৰিব পাৰে ৷ এনে কৰিলেও ভাল ফল লাভ কৰিব ৷
- পঢ়াৰ ক্ষেত্ৰত যদি বহু বাধাৰ সন্মুখীন হৈ আছে তেন্তে সৰস্বতী পূজাৰ ভোগ বনোৱা স্থানত এটা নিমখৰ পেকেট অৰ্পণ কৰিব পাৰে ৷ এনে কৰাৰ ফলত যিসমূহ বাধা আহি আছে সেইবোৰ আঁতৰাত সহায় হ'ব ৷
- সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক আৰধনা কৰাৰ লগতে ব্ৰহ্মা দেৱতাৰ আৰধনা কৰিব পাৰে ৷ এনে কৰাৰ ফলত আপোনাৰ পঢ়াৰ ক্ষেত্ৰত প্ৰজ্ঞা বৃদ্ধি হ'ব ৷
- সৰস্বতী পূজাৰ দিনা এটা বাটিত ফিটকিৰি, কৰ্পূৰ আৰু নিমখ লৈ আপোনাৰ পঢ়া টেবুলখনৰ ওপৰত ৰাখিব পাৰে ৷
- লগতে যি কেইটা বিষয়ত অকমান টান পায় সেই বিষয় কেইটাৰ কিতাপৰ ভিতৰত এটাকৈ ময়ূৰৰ পাখি ৰাখিব পাৰে ৷
- "ঔমঃ এম হিম ক্লিম মহা সৰস্বতী দেৱীঐ নমঃ" এই মন্ত্ৰ এখন হালধীয়া ৰঙৰ বৰ্গকাৰ কাগজত ৰঙা চিয়াঁহীৰে লিখি পঢ়া টেবুলৰ মা সৰস্বতীৰ ফটোখনৰ লগত ফ্ৰেম কৰি ৰাখি দৈনিক ২১ বাৰকৈ এই মন্ত্ৰটো পাঠ কৰিলে পঢ়া-শুনাত থকা বাধাসমূহ নাইকীয়া হ'ব ৷
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক

