আজি সমগ্ৰ অসমবাসীয়ে উদযাপন কৰিছে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু ৷ অসমীয়াৰ পৰিচয় বহন কৰা বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে সমগ্ৰ অসমবাসী ৷ অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে উদযাপন কৰে ৰঙালী বা ব’হাগ বিহু ৷ পিছে, বিহু বুলি বন্ধু-বান্ধৱী তথা আপোনজনক আপুনিও নিশ্চয় শুভেচ্ছা জনাব ৷ আপোনসকলক শুভেচ্ছা জনাবলৈ আপোনাৰ সুবিধা হোৱাকৈ তলত কেতবোৰ শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হৈছে -
গৰুৰ বিহুৰ শুভেচ্ছা
- সদৌ অসমবাসীক আজি গৰু বিহুৰ আন্তৰিক শুভকামনা জনালো ৷ অসমীয়া কৃষকৰ খেতি নদন-বদন হওঁক, ভৰি পৰক সকলোৰে ভঁড়াল ৷
- ‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷’ সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ৷
- আজি উৰুকা, কাইলৈ গৰু বিহু ৷ সকলো অসমবাসী ৰাইজক গৰু বিহুৰ শুভেচ্ছা জনালো ৷
- আৰম্ভ হ’ল হেঁপাহৰ ৰঙালী ৷ সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালো ৷
- সমগ্ৰ ৰাজ্যবাসীক গৰু বিহুৰ লগতে সাত বিহুৰ শুভেচ্ছা জনালো ৷
- আজি গৰু বিহু ৷ সকলো ৰাইজলৈ গৰু বিহু শুভকামনা ৷
- সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল ৷ এই ৰঙালীত ৰঙীন হৈ পৰক সকলোৰে জীৱন ৷তাৰেই কামনা কৰিছো ৷
- ‘দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক ৷’ সদৌ অসমবাসীক গৰু বিহুৰ শুভেচ্ছা জনালো ৷
- গৰু বিহুৰ শুভেচ্ছা জনালো ৷ শস্যৰে ভৰি পৰক সকলোৰে পথাৰ ৷ সকলোৰে ঘৰবোৰ ধান-ধনৰে ভৰি পৰক ৷
- গৰু বিহুৰ লগতে ৰঙালীৰ শুভকামনা ৷ সকলো কুশলে থাকক ৷
Happy Rongali Bihu 2025 - ৰঙালী বিহুৰ শুভেচ্ছা
- ৰঙালী বিহুৰ শুভেচ্ছা জনালো ৷ এই উৎসৱে সকলোলৈ কঢিয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা ৷
- ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালো ৷ নতুন বছৰটোয়ে আপোনালোকৰ জীৱনলৈ লৈ আনক অফুৰন্ত আনন্দ আৰু পোহৰৰ উৎস ৷
- হেঁপাহৰ ৰঙালীৰ ওলগ জনালো ৷ ৰঙালীৰ প্ৰাকক্ষণত সকলোৰে মংগল কামনা কৰিলো ৷
- আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ব’হাগ বিহুৰ শুভেচ্ছা জনালো ৷ সকলোৰে ভাল হওঁক ৷
- ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো ৷ ৰঙালীৰ দৰেই ৰঙীন হওঁক আপোনাৰ জীৱন ৷
- বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালো ৷ এই বিহুৱে কঢিয়াই আনক ঐক্য আৰু সম্প্ৰিতীৰ বতৰা ৷
- অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ প্ৰীতি আৰু শুভকামনা ৷
- সমূহ অসমবাসী ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ৷ এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা ৷
- বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছো ৷ সকলোৰে ভাল হওঁক আৰু সকলো শান্তিত থাকক ৷
- ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ৷ এই বিহু সমাজৰ প্ৰতিজন লোকৰ বাবেই হৈ পৰক আনন্দৰ উৎস ৷
- সকলো বন্ধু- বান্ধৱীক বিহুৰ শুভেচ্ছা জনালো ৷ সকলো ভালে থাকক ৷ সকলোৰে মংগল হওঁক ৷
- ৰঙালী বিহুৰ শুভেচ্ছা জনালো ৷ HAPPY RONGALI BIHU
- ‘অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু , তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো’ সকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো ৷
- আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ব'হাগ বিহুৰ আন্তৰিক শুভকামনা থাকিল ৷ নতুন বছৰটোয়ে যাতে সকলোলৈকে কঢ়িয়াই আনে সুখ-শান্তি আৰু আশাৰ বতৰা ৷
- ব’হাগ বিহুৰ ওলগ জনালো ৷ জিলিকি উঠক সকলোৰে জীৱন ৷
- সকলো অসমবাসীলৈ ব’হাগ বিহুৰ ওলগ জনালো ৷ অসমীয়াৰ প্ৰাণ বিহুটিয়ে সকলোৰে মনবোৰ মুকলি কৰক ৷
- সকলো বিষাদ দূৰ কৰি বিহুটিয়ে সকলোৰে বাবে কঢ়িয়াই আনক সুখ, সুখ আৰু কেৱল সুখ ৷ শান্তিৰে ভৰি পৰক সকলোৰে জীৱন ৷বিহুৰ শুভেচ্ছা !
- ৰঙালীৰ বতৰে সকলোৰে মনবোৰ প্ৰেম-ভালপোৱাৰে ভৰাই তোলক ৷ প্ৰেমময় হৈ পৰক সকলোৰে পৃথিৱী ৷
- বিহুৰ শুভেচ্ছা জনালো ৷ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে হেঁপাহৰ বিহুটিক আদৰো আহক ৷
- ব’হাগ আকৌ আহিল ৷ চৌদিশে এতিয়া কেৱল ঢোলৰ গুমগুমনি, তগৰ-কপৌ-নাহৰৰ গোন্ধ ৷ বিহুটিয়ে যাতে সকলোৰে জীৱন জীপাল কৰি তোলে, তাৰেই কামনা কৰিছো ৷
- ‘বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান ৷’ সদৌ অসমবাসীক বিহুৰ হিয়াভৰা ওলগ জনালো ৷
লগতে পঢ়ক