মোৰ মিনতি তৰা হয় যদি...আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন
আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন ৷ উভতি নহাৰ বাটেৰে আঁতৰি যোৱা ৰাণা দাৰ অৱৰ্তমানত ৰাণা দাক সুঁৱৰিছে আজি ৰাজ্যবাসীয়ে-

Published : September 20, 2025 at 10:56 AM IST
আজি ২০ ছেপ্টেম্বৰ । কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিন । উভতি নহাৰ বাটেৰে আঁতৰি যোৱা ৰাণা দাৰ অৱৰ্তমানত ৰাণা দাক সুঁৱৰিছে আজি ৰাজ্যবাসীয়ে । অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ আছিল কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা ৷ হাজৰিকাই ‘মোৰ মিনতি’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’, ‘সোণাৰ বৰণ পাখীৰে তোৰ‘, ‘জীৱনটো যদি অভিনয় হয়’ আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল ৷
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত ২০ ছেপ্টেম্বৰ ১৯৪৩ চনত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল ৷ সকলোৱে ঘৰত ৰাণা বুলি মাতিছিল ৷ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা ৷ ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক ৷ সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল ৷ ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে ৷

জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল ৷ গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই ৷ জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হৈছিল ৷ ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰপৰা পঁচিছ টকা লৈ ঘৰৰপৰা নিৰুদ্দেশ হৈছিল ৷ পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল ৷ এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল ৷
১৯৬২ চনত কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘আগলি বতাহে কপালে কলৰে পাত’ (গীতিকাৰঃ নিৰ্মলপ্ৰভা বৰদলৈ) আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ (গীতিকাৰঃ মায়াশ্ৰী বৰকটকী) নামৰ গীত দুটা বাণীবদ্ধ কৰে ৷ এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে ৷ ইয়াৰ পাছৰ বছৰতে জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান বোলছবিৰ গানত কণ্ঠদান কৰে ৷ এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল ৷ ইয়াৰ পাছতে জয়ন্তই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে ৷ জয়ন্ত হাজৰিকাই ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল ৷
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক (বিয়াৰ আগতে মণীষা সেনগুপ্ত)ক বিয়া কৰায় ৷ তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত ৷

বাদ্যযন্ত্ৰৰ সৈতে আছিল বিশেষ সম্পৰ্ক
জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ নিগৰোৱাৰ উপৰিও কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল । তেখেতে গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল । জয়ন্ত হাজৰিকাৰ বহুতো গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাই বহু কম বয়সতে সুমধুৰভাৱে মাউথ অৰ্গেন বজোৱাৰ স্মৃতি সুঁৱৰিছিল । তেখেতৰ গীতত তেখেতে নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ডৰ সাল-সলনি তেখেতৰ বাদ্য বাদনৰ নিপুনতাৰ চিন । তদুপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলিও জনা যায় । একেসময়তে দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈ সক্ষম হোৱা মুষ্টিমেয় কেইগৰাকীমান সংগীতজ্ঞৰ ভিতৰৰে এজন আছিল জয়ন্ত হাজৰিকা ।
সংগীত জগতত তেওঁৰ অৱদান

অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ ৷ ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে ৷ তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল ৷ ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থাকে ৷ সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে ৷ তেখেতৰ সংগীতত অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ দেখা যায় ৷ স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয় ৷
১৯৭৭ চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয় ৷ তেখেতৰ পত্নী মনীষা হাজৰিকাই তেখেতৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে ৷
লগতে পঢ়ক

