ETV Bharat / lifestyle

পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ কি কৰিব, কি নকৰিব ?

সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা । আগন্তুক পৰীক্ষাত শুভফল পাবলৈ কি কৰিব ? জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

Remedies to get good results in upcoming HSLC and HS exams
পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ কি কৰিব (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 10:01 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'বলৈ মাজত মাথোঁ কেইটামান দিন বাকী । কেইটামান সৰু উপায়ৰে আপুনি বা আপোনাৰ সন্তানে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগতে অন্যান্য পৰীক্ষাসমূহত ভাল ফলাফল লাভ কৰিব পাৰে । এই উপায়কেইটা আগবঢ়াইছে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

উপায় কেইটা হ'ল:

  • শিক্ষাৰ্থীসকলে পঢ়াৰ সময়ত সদায় মুখখন উত্তৰ-পূৱ দিশ কৰি পঢ়িব লাগে ।
  • পঢ়া টেবুলত সদায় এখন ষ্টিল বা কাঁচৰ প্লেটত ভীমচেনী, কৰ্পূৰৰ এটা টুকুৰা থ'ব পাৰে । এনে কৰিলে পঢ়াৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব ।
  • পঢ়া কোঠাত সেউজীয়া ৰঙৰ পৰ্দা বা সেউজীয়া ৰঙৰ ছবি, গছ আদি ৰাখিব পাৰে । সেউজীয়া ৰঙটোয়ে একাগ্ৰতা বৃদ্ধিৰ লগতে স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে ।
  • লগতে একাগ্ৰতা বৃদ্ধিৰ বাবে এচামুচ মৌৰ লগত এচামুচ তুলসীৰ ৰস মিহলাই আপোনাৰ সন্তানক খুৱাব পাৰে ।
  • দেওবাৰৰ দিনটোত পঢ়া-শুনা কৰা ল'ৰা-ছোৱালীবোৰে খাদ্যত নিমখ কমকৈ খাব পাৰিলে ভাল ।
  • একেৰাহে ৩ টা বৃহস্পতিবাৰে ৫ বিধ মিঠাই আৰু ২ টা ইলাচী আঁহত গছৰ তলত দিব পাৰিলে ভাল ফলাফল লাভ কৰিব ।
  • যদিহে কিবা বিষয়ত টান পায় আছে তেন্তে দেওবাৰে তেতেলী গছৰ ২২ টা পাত চিঙি আনি তাৰে ১১ টা পাত তামৰ গিলাচত পানীৰ লগত মিহলি কৰি সূৰ্য দেৱতাক অৰ্পণ কৰিব আৰু বাকী ১১ টা পাত যিটো বিষয়ত টান পায় তাৰ ভিতৰত থ'ব ।
  • পঢ়া কোঠালীৰ দক্ষিণ-পশ্চিম দিশে যদি বিচনা পাৰি শুব পাৰে তেন্তে তেওঁলোকৰ বাবে ভাল ।
  • পুৱাৰভাগত গায়ত্ৰী মন্ত্ৰ পাঠ কৰিব পাৰিলে খুব ভাল, যদিহে পুৱাৰ ভাগত অসুবিধা হয় তেন্তে সন্ধিয়াৰ ভাগত ২১ বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰিলে খুৱ ভাল ।

লগতে পঢ়ক: শিশুৰ হাড় তথা পেশী শক্তিশালী কৰাত খুবেই লাভদায়ক এই ৫বিধ তেল - BEST OIL FOR BABY MASSAGE

পেন্টৰ পিছৰ পকেটত মানিবেগ ৰাখে নেকি ? তেন্তে সৰ্বনাশ! - BACK POCKET WALLET HEALTH RISKS