ETV Bharat / lifestyle

এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল

বৈবাহিক জীৱনত কৰা কিছুমান ভুলে সম্পৰ্কত ফাঁট মেলাব পাৰে, বিশেষকৈ এইসমূহ ভুল বৈবাহিত জীৱনত একেবাৰেই কৰা উচিত নহয় যিয়ে আপোনাৰ বৈবাহিক জীৱনক ধ্বংস কৰিব পাৰে-

Relationship Rescue: The Mistake That Can Make or Break Your Marriage
এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 12, 2024 at 10:39 AM IST

3 Min Read
Choose ETV Bharat

বিবাহক এক পবিত্ৰ বন্ধন বুলি গণ্য কৰা হয় য'ত স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ আজীৱন সংগী হৈ থকাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে ৷ কিন্তু কেতিয়াবা বৈবাহিক জীৱনত কৰা কিছুমান ভুলে এই সম্পৰ্কত ফাঁট মেলাব পাৰে ৷ সেয়ে বৈবাহিক জীৱনত এনে কিছুমান কাম কৰা উচিত, যিয়ে বৈবাহিত জীৱনক সুখী কৰি ৰখাত সহায় কৰে আৰু কিছু এনে কাৰ্য আছে যিসমূহ কৰাৰ পৰা বিৰত থকা উচিত অন্যথা বৈবাহিক জীৱনত অশান্তি কাজিয়া বা ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ৷

সকলো দম্পতীয়েই তেওঁলোকৰ সংগীৰ সৈতে অতি সুখৰে দিন পাৰ হোৱাটো কামনা কৰে । কিন্তু বহুসময়ত জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, স্বামী-স্ত্ৰীয়ে কেতবোৰ ভুল কৰে আৰু যিয়ে তেওঁলোকৰ সম্পৰ্ক কলুষিত কৰে । এনে হোৱাৰ ফলত বহুতেই পুৰুষসকলক দোষাৰোপ কৰে যদিও ইয়াত মহিলাসকলৰো বহু দোষ থাকে । যাৰ বাবে তেওঁলোকে স্বামীৰ পৰা সন্মান লাভ নকৰে ।

Relationship Rescue: The Mistake That Can Make or Break Your Marriage
এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল (FREEPIK)

কেৱল প্ৰেমেই নহয়, স্বামী-স্ত্ৰীৰ সম্পৰ্কত সন্মান আৰু বিশ্বাস থকাটোও খুবেই দৰকাৰী ৷ ইয়াৰে এটাৰো যদি অভাৱ হয়, তেন্তে সেই সম্পৰ্ক সুখৰ নহয় ৷ সকলো দম্পতীয়েই তেওঁলোকৰ সংগীৰ সৈতে অতি সুখৰে দিন পাৰ হোৱাটো কামনা কৰে ৷ কিন্তু বহুসময়ত জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, স্বামী-স্ত্ৰীয়ে কেতবোৰ ভুল কৰে আৰু যিয়ে তেওঁলোকৰ সম্পৰ্ক কলুষিত কৰে ৷ এনে হোৱাৰ ফলত বহুতেই পুৰুষসকলক দোষাৰোপ কৰে যদিও ইয়াত মহিলাসকলৰো বহু দোষ থাকে ৷ যাৰ বাবে তেওঁলোকে স্বামীৰ পৰা সন্মান লাভ নকৰে ৷ মহিলাসকলে স্বামীৰ পৰা সন্মান লাভ নকৰাৰ মূল তিনিটা কাৰণৰ বিষয়ে আজি জানো আহক-

স্বামীৰ পিতৃ-মাতৃৰ সৈতে বেয়া আচৰণ

যদি আপোনাৰ স্বামীয়ে আপোনাৰ পিতৃ-মাতৃৰ সৈতে ভাল ব্যৱহাৰ নকৰে, তেন্তে আপুনি নিশ্চিতভাৱে তেওঁৰ তেনে ব্যৱহাৰক সমৰ্থন নকৰিব ৷ হয়তো ইয়াৰ প্ৰভাৱ সম্পৰ্কতো দেখা যাব ৷ এনেদৰে যেতিয়া আপুনি নিজে আপোনাৰ স্বামীৰ পিতৃ-মাতৃৰ সৈতে বেয়া আচৰণ কৰে, তেতিয়া আপোনাৰ এই আচৰণ স্বামীয়ে সহ্য নকৰিব আৰু আপোনাৰ প্ৰতি তেওঁৰ সন্মান দিনক-দিনে কমি আহিব ৷

Relationship Rescue: The Mistake That Can Make or Break Your Marriage
এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল (FREEPIK)

টকাক লৈ অহংকাৰী

বহুসময়ত বিবাহিত দম্পতীৰ সম্পৰ্ক নষ্ট কৰে টকাই ৷ যদি পত্নীয়ে স্বামীক তেওঁৰ স্থিতি আৰু উপাৰ্জনৰ বিষয়ে বাৰে কথা শুনাই থাকে, তেন্তে ই স্বামীৰ আত্মসন্মানক আঘাত কৰে আৰু তেওঁৰ চকুত পত্নীৰ সন্মান হ্ৰাস কৰে ৷

ধনী পৰিয়ালৰ জীয়ৰী

Relationship Rescue: The Mistake That Can Make or Break Your Marriage
এটি সুখৰ সংসাৰ গঢ়ি তুলিবলৈ হ’লে কেতিয়াও নকৰিব এই ভুল (FREEPIK)

বহু সময়ত মহিলাসকলে তেওঁলোকৰ পিতৃ সম্পত্তিৰ তুলনা কৰি স্বামীক অৱনমিত কৰে ৷ সঘনাই স্বামী ঘৰৰ ব্যক্তিসকলৰ লগত নিজৰ ঘৰৰ লোকৰ তুলনা কৰি স্বামীক উপহাস কৰে ৷ পুৰুষসকলে মহিলাৰ এনে আচৰণৰ তীব্ৰ বিৰোধিতা কৰে আৰু পুৰুষসকলৰ মনত স্ত্ৰীৰ প্ৰতি সন্মান নাইকিয়া হৈ পৰে ৷

লগতে পঢ়ক: আপোনাৰ বৈবাহিক জীৱনক সফল কৰিব এই উপায়ে