৭০ বছৰ বয়সতো কিদৰে নিজৰ ছাল-চুলিক ধুনীয়া কৰি ৰাখিছে ৰেখাই ?
৭০ বছৰ বয়সতো আকৰ্ষণীয় ব্যক্তিত্ব তথা ছাল-চুলিৰে অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী হৈ আছে অভিনেত্ৰী ৰেখা ইয়াৰ আঁৰৰ ৰহস্য কি জানো আহক-

Published : March 3, 2025 at 10:32 AM IST
বলীউডৰ ‘এভাৰগ্ৰীণ বিউটি’ বুলি ক’লে হয়তো সকলোৱে একেমুখে ৰেখাৰ নামেই ল’ব ৷ নল’বনো কিয় ! ৭০ বছৰ বয়সতো আকৰ্ষণীয় ব্যক্তিত্ব তথা ছাল-চুলিৰে অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী হৈ আছে এইগৰাকী অভিনেত্ৰী ৷ এতিয়াও তেওঁক দেখিলে তেওঁক খুব কম বয়সৰ মহিলা যেনেই লাগে ৷ পিছে কিদৰে তেওঁ ইমান ধুনীয়া হৈ আছে জানেনে ? অভিনেত্ৰীগৰাকীয়ে নিজকে সুন্দৰ কৰি ৰাখিবলৈ এনে কি উপায় অনুসৰণ কৰে ৷ যদি আপোনালোকে এইবিষয়ে নাজানে তেন্তে আপোনালোকক জনাই দিও যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৌন্দৰ্য চৰ্চাৰ বাবে সদায়েই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰে ৷ হয় সঁচৰাচৰ দিনত ব্যৱহৃত হৈ অহা ঘৰুৱা সামগ্ৰীৰে জ্যেষ্ঠ অভিনেত্ৰীগৰাকীয়ে নিজৰ ছালৰ যতন লয় ৷ এটি সাক্ষাতকাৰত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য সকলোৰে সৈতে শ্বেয়াৰ কৰে আজি তেওঁৰ সৌন্দৰ্যৰ এই গোপন কথাবোৰৰ বিষয়ে জানো আহক-
কিদৰে লয় নিজৰ যতন ?
সকলো বয়সৰ মাজত সমানেই জনপ্ৰিয় এই অভিনেত্ৰীগৰাকীয়ে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ সদায় যোগাসন কৰে ৷ তেওঁৰ মতে, যোগাসন কৰিলে মানুহ বয়সতকৈ সৰু আৰু ধুনীয়া দেখায় ৷ সেয়েহে তেওঁ সকলোকে যোগ নিশ্চিতভাৱে তেওঁলোকৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিবলৈ উপদেশ দিয়ে ৷ আনহাতে, তেওঁ সৌন্দৰ্যৰ বাবে খুব কমহে বজাৰৰ সামগ্ৰী ব্যৱহাৰ কৰে ৷ ঘৰুৱা প্ৰতিকাৰত তেওঁ বেছি বিশ্বাসী ৷ জনাই দিও যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ছাল-চুলি স্বাস্থ্যৱান কৰি ৰাখিবলৈ বেচন ব্যৱহাৰ কৰে ৷ তেওঁ বেচনত এক চিকুট হালধি, গাখীৰ বা ক্ৰীম মিহলি কৰি মুখত লগায় ৷ বেচনে আপোনাৰ ছালৰ পৰা অতিৰিক্ত তেল শোষণ কৰাৰ লগতে মৃত ছাল আঁতৰ কৰে ৷
ৰেখাৰ ক'লা, ঘন আৰু দীঘল চুলিৰ বিষয়ে পুনৰাই কোৱাৰ হয়তো প্ৰয়োজন নাই ৷ এই দীঘল চুলিৰ ৰহস্য হৈছে বুটৰ দাইলৰ পেষ্ট ৷ হয়, ৰেখাই চুলিত বেচন আৰু দৈৰ মাস্ক প্ৰয়োগ কৰে ৷ আমাৰ চুলিৰ বিকাশৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ ৷ বুটৰ দাইলত যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে ৷ এই মাস্কটো প্ৰয়োগ কৰিলে চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু লগতে চুলি শক্তিশালী হয় ৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চুলিত খুব ঘনাই তেলো প্ৰয়োগ কৰে ৷
ৰেখাই চুলিত লগোৱা পেষ্টটো তৈয়াৰ কৰিবলৈ আপুনি ৰাতি আধা বাটি বুটৰ দাইল পানীত তিয়াই ৰাখিব ৷ পুৱা দালিৰ পৰা পানী পৃথক কৰি তাত গাখীৰ বা দৈ যোগ দি ভালদৰে মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব ৷ এতিয়া এই পেষ্টটো চুলিত প্ৰয়োগ কৰক আৰু ইয়াক ৩০ মিনিটৰ বাবে থৈ দিয়ক ৷ পাছত চেম্পুৰে মূৰটো ধুই পৰিস্কাৰ কৰি ল’ব ৷ তদুপৰি, ৰেখাই ছালখনক কৰি হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী, নাৰিকল পানী, পাচলিৰ ৰস, ফলৰ ৰস আদি পান কৰে ৷ আহাৰত তেওঁ ঘৰতে ৰন্ধা খাদ্য খাবলৈ ভাল পায় ৷ তেওঁ ভজা-পোৰা খাদ্য একেবাৰে পৰিহাৰ কৰে ৷ আপুনিও আপোনাৰ জীৱনশৈলী স্বাস্থ্যকৰ কৰি ৰাখিবলৈ তথা নিজকে সদায় কম বয়সীয়া দেখাবলৈ পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজন ৷ এই সৰু সৰু টিপছবোৰ অনুসৰণ কৰিলে চুলি আৰু ছাল স্বয়ংক্ৰিয়ভাৱে স্বাস্থ্যৱান হ'ব ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

