ETV Bharat / lifestyle

এই কাৰণতে পালন কৰা হয় পবিত্ৰ ৰাখীবন্ধন, জানি লওক এই দিনটোৰ মহত্ব তথা শুভেচ্ছাবাণী

আজি পবিত্ৰ ৰাখীবন্ধন, হিন্দু ধৰ্মত এই দিনটো ভাতৃ-ভগ্নীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে, এই উৎসৱ কিয় কেতিয়াৰ পৰা পালন হৈ আহিছে জানেনে ?

Raksha Bandhan 2025: History, Significance & Importance of Rakhi
এই কাৰণতে পালন কৰা হয় পবিত্ৰ ৰাখীবন্ধন, জানি লওক এই দিনটোৰ মহত্ব তথা শুভেচ্ছাবাণী (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : August 9, 2025 at 11:43 AM IST

4 Min Read
Choose ETV Bharat

ৰাখীবন্ধনত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে ৷ এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগলকামনা ৷ লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি ৷ সেয়ে ভাতৃ-ভগ্নীৰ ইজনৰ আনজনৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয় ৷

এগৰাকী ভনীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে হাতত ৰাখী পিন্ধায় ৷ ভাতৃয়ে ইয়াৰ বিনিময়ত ভগ্নীক উপহাৰ দিয়ে আৰু চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাখী বন্ধনে ভাই- ভনীৰ মাজৰ সম্পৰ্ক আৰু মজবুত কৰে ৷ তেজৰ সম্পৰ্কৰ উৰ্দ্ধত এই ৰাখী বন্ধন ৷

ইতিহাস

ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে ৷ পুৰণি এটা আখ্যান মতে— দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ হ’ল; তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল ৷ বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে ৷ সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে ৷

মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে ৷ এই কাৰ্যত কৃষ্ণ অভিভূত হৈ যায় ৷ তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল ৷ কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ’ল ৷

আন এটি গল্পৰ মতে— দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল ৷ বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে ৷ বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে ৷ লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে ৷ বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ’ল ৷ শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে ৷ সাধাৰণ মহিলাগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোঁতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক’লে ৷ তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায় ৷ বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয় ৷

ৰাখী বন্ধনত ভাতৃ/ভগ্নীক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰক

  • আমাৰ মাজত প্ৰেমৰ বান্ধোন সদায় দৃঢ় হৈ থাকক ৷ ৰাখীবন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
  • ভাগ্যশালী সেইসকল ভগ্নী, যাৰ মূৰত ভাতৃৰ হাত থাকে, সকলো সমস্যাতে ভগ্নীৰ সৈতে থকা, কাজিয়াৰ পৰা মৰমেৰে আলপৈচান ধৰা ৷ সেয়ে ভাতৃ–ভগ্নীৰ এই সম্পৰ্কত অটুত মৰম থাকে ৷ শুভ ৰাখীবন্ধন ৷
  • জনম জনমৰ সম্বন্ধ আমাৰ, বিশ্বাস আৰু মৰমেৰে ভৰা, ব’লা ইয়াক মৰমৰ এনাজৰীৰে বান্ধো, ৰাখীৰ মৰমৰ বান্ধোনত ৷Happy Raksha Bandhan 2025.
  • কিছুমান সম্পর্কই জীৱনতটো জীপাল কৰি ৰাখে, তাৰ ভিতৰত ভাই – ভনীৰ সম্পর্কটো হ’ল শ্রেষ্ঠ…শুভ ৰাখীবন্ধন
  • ভাল বেয়া সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দিয়া, তুমি মোৰ শক্তি আৰু সাহস ভাতৃ/ভগ্নী ৷ ৰাখীবন্ধনৰ শুভেচ্ছা ৷
  • এই ৰাখী বন্ধন আপোনাৰ বাবে বিশেষ হওঁক আৰু ই আপোনালোকৰ বাবে পৃথিৱীৰ সকলো সুখ কঢ়িয়াই আনক ৷ ৰাখী বন্ধনৰ শুভেচ্ছা!
  • Dear Brother ৰাখী বন্ধাৰ পিছত ভাল Gift দিবলৈ সাজু হৈ থাকা, শুভ ৰাখীবন্ধন
  • ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন…শুভ ৰাখীবন্ধন

লগতে পঢ়ক

  1. ভুলতেও ভাতৃৰ হাতত নাবান্ধিব এই ৰাখী, কঢ়িয়াই আনিব শুভৰ ঠাইত অশুভ ফল
  2. ৮ নে ৯ ? ৰাখীবন্ধনৰ শুভ সময় কি তথা এই সময়ত ৰাখী বান্ধিলে পাব দুগুণ লাভ
  3. চকলেট-কাপোৰ-টকা দিয়াতকৈ এইবাৰ ৰাখীবন্ধনত ভগ্নীক দিয়ক এইসমূহ অনন্য উপহাৰ