বিষ্ণু ৰাভা দিৱস 2025: বিষ্ণু প্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত এই ১০টি গীতেৰে পুনৰবাৰ তেওঁক স্মৰণ কৰো আহক
অসমীয়া সাংস্কৃতিক জগত-স্বাধীনতা সংগ্ৰামত নিজৰ অগ্ৰণী ভূমিকা পালন কৰা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ২০ জুনৰ দিনা বিষ্ণু ৰাভা দিৱস পালন কৰা হয়-

Published : June 20, 2025 at 5:06 AM IST
নিজৰ কালজয়ী গীতেৰে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল তেওঁ গীত, নৃত্য তথা অভিনয়েৰে সাংস্কৃতিক জগতখনক এক নতুন দিশ প্ৰদান কৰিছিল তেওঁ ৷ অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা সেই মহান ব্যক্তিগৰাকীৰ স্মৃতিৰাজিক সুঁৱৰি আজিৰ দিনটোতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয় ৷
অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল । অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মানেৰে সন্মানিত কৰে ৷

অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয় বিষ্ণু প্ৰসাদ ৰাভা ৷ তেখেত আছিল মানৱতাৰ পূজাৰী, মানুহৰ শিল্পী আৰু এগৰাকী আজন্ম শিল্পী ৷ তেওঁ আছিল সীমাহীন সৃজনীশীল কৰ্মৰ অফুৰন্ত ভাণ্ডাৰ ৷ বহুমুখী প্রতিভাৰ অধিকাৰী ৰাভা এগৰাকী আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্য কলা বিশাৰদ, নাট্যকাৰ, সুদক্ষ খেলুৱৈ, বুৰঞ্জীবিদ, গৱেষক, সু সাহিত্যিক, কবি আৰু ৰাজনীতিজ্ঞ তথা মহান দেশপ্রেমিক ৷ ৰাভাৰ এই বিশাল গুণৰাজি আৰু তেওঁৰ সৃষ্টিশীল মনোভাৱ মাথোঁ তিনিকুৰি বছৰীয়া জীৱনকালৰ বিভিন্ন কৰ্মৰ মাজেদি প্রতিফলিত হৈছে ৷

১৯০৯ চনৰ ৩০ জানুৱাৰী ঢাকাৰ সামৰিক চাউনীৰ বাসভৱনত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ৷ তেখেত আছিল ৰায় বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ অষ্টম সন্তান ৷ তেওঁৰ পিতৃ গোপাল চন্দ্র ৰাভা আসাম ৰাইফলছ বাহিনীৰ চুবেদাৰ মেজৰ আছিল ৷

তেওঁ ৰচিত গীতসমূহক আজিৰ সমাজত বিষ্ণু সংগীত নামেৰে জনা যায় ৷ গীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্র চালনাতো ৰাভা নিপুণ আছিল ৷ বিভিন্ন বাদ্যযন্ত্র যেনে বাঁহী, চেহনাই, বেহেলা, গগনা, তানপুৰা, চিটাৰ, টোকাৰী, তবলা, ঢোল, খোল, মাদল আদি তেওঁৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছিল ৷ বিষ্ণু প্রসাদ ৰাভাই আঠ বছৰ বয়সৰ পৰাই ওস্তাদ কালাচন্দ্ৰৰ অধীনত নৃত্যৰ শিক্ষা লাভকৰিছিল ৷ নৃত্যৰ ক্ষেত্ৰত তেওঁ ৰুচিয়াৰ বিশ্ব বিখ্যাত নৃত্য পটীয়সী প্রাইমা বেলেৰিমা আনা পাভলোভাৰ দ্বাৰা অনুপ্রাণিত হৈছিল ৷

গীতিকাৰৰূপে ৰাভাই অসমৰ সংগীত জগতখনি অজস্ৰ গীতেৰে সমৃদ্ধ কৰি থৈ গ’ল ৷ ৰাভাই নিজে ৰচনা কৰা গীতসমূহৰ লগতে তেওঁৰ সুৰৰোপিত বহু গীতে সংগীতপ্রেমীৰ মাজত এক সুকীয়া স্থান লাভ কৰি আছে ৷ আজি তেওঁৰ দ্বাৰা ৰচিত তেনেই ১০টি গীতেৰে পুনৰবাৰ তেওঁক স্মৰণ কৰো আহক-

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১০টি চিৰসেউজ গীত
১/ লগন উকলি গ’ল
লগন উকলি গ’ল
তেও যে ন’হল কোৱা,
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা ।
২/ অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল ?
৩/ উলাহেৰে নাচি বাগি
উলাহেৰে নাচি বাগি
উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল
তালে তালে হালি জালি
কৰিলি আকুল ।

৪/ সুৰৰে দেউলৰে
সুৰৰে দেউলৰ
ৰুপেৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’
সুন্দৰ পূজাৰী
৫/ বিশ্বৰ ছন্দে ছন্দে
বিশ্ব ছন্দে ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা
নাছা তমোহৰ দেউ!নাচা!
৬/ নাহৰ ফুলে নুশুৱায়
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব।
তগৰ ফুলে নুশুৱায়
কপউ ফুলে শুৱাব ।
৭/ কাষতে ক’লচি ল’ই
কাষতে ক’লচি ল’ই
যাই অ’ ৰচকী বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱলা সুৰেৰে এচাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ’ ৰচকী বাই ।
৮/ বিলতে হালিছে
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল ।
সেই ফুলে ফুলে পখীলাই চুমিছে
সানিছে ৰেণুৰে বোল ।

৯/ মোৰ কবিতাৰ ছন্দ লাগি
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে ?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে ?
১০/ ব’ল ব’ল ব’ল ব’ল
ব’ল ব’ল ব’ল ব’ল
ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল ।
লগতে পঢ়ক

