ETV Bharat / lifestyle

প্ৰৱঞ্চনাৰ বলি হ’ল টিভি জগতৰ ‘পাৰ্বতী’! এই উপায় অৱলম্বন কৰি আপুনিও হওঁক সাৱধান

২০২০ চনত বিবাহপাশত আবদ্ধ হোৱা পূজা বেনাৰ্জী-কুনাল বৰ্মা পৰিছে বিত্তীয় প্ৰৱঞ্চনাৰ কৱলত সেয়ে জানি লওক আপুনিও এনে প্ৰৱঞ্চনাৰ পৰা কিদৰে নিজকে বচাই ৰাখিব পাৰে-

PUJA BANERJEE KUNAL VERMA SCAM
প্ৰৱঞ্চনাৰ বলি হ’ল টিভি জগতৰ ‘পাৰ্বতী’! এই উপায় অৱলম্বন কৰি আপুনিও হওঁক সাৱধান (INSTAGRAM)
author img

By ETV Bharat Lifestyle Team

Published : June 14, 2025 at 11:00 AM IST

4 Min Read
Choose ETV Bharat

শেহতীয়াকৈ টিভি উদ্যোগৰ পৰিচিত দম্পতি পূজা বেনাৰ্জী আৰু কুনাল বৰ্মাই প্ৰকাশ কৰিছে যে, তেওঁলোক এক বৃহৎ আৰ্থিক প্ৰৱঞ্চনাৰ বলি হৈছে ৷ তেওঁলোকে ছ’চিয়েল মিডিয়াত কয় যে, তেওঁলোকে গোটেই জীৱনৰ উপাৰ্জন এটা আঁচনিত বিনিয়োগ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে সেই ধন হেৰুওৱাবলগীয়া হ’ল ৷

তেওঁলোকে কয় যে– "আমাৰ বৃহৎ লোকচান হৈছে ৷ আমি আমাৰ সকলো জমা ধন হেৰুৱালো ৷" এই ঘটনাই পুনৰবাৰ মানুহক সতৰ্ক কৰি দিছে যে প্ৰৱঞ্চনামূলক বিনিয়োগ আৰু কেলেংকাৰী কিমান বিপজ্জনক হ’ব পাৰে ৷ এনে প্ৰৱঞ্চনাৰ পৰা আপুনি নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰে সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

বিত্তীয় কেলেংকাৰী মানে কি ?

বিত্তীয় কেলেংকাৰী মানে হৈছে এক অৰ্থনৈতিক প্ৰৱঞ্চনা – আকৰ্ষণীয় লাভৰ প্ৰতিশ্ৰুতি দি মানুহক কৰা প্ৰৱঞ্চনা আঁচনি বা বিনিয়োগৰ প্ৰস্তাৱ ৷ এইবোৰত সাধাৰণতে মানুহ সহজ ধন ঘটাৰ লোভত আবদ্ধ হৈ পৰে আৰু পিছত সকলো হেৰুৱাই পেলায় ৷

বিত্তীয় কেলেংকাৰীৰ ফান্দ কেনেকৈ পেলোৱা হয় ?

  • ভুৱা প্ৰতিশ্ৰুতি: প্ৰৱঞ্চনাকাৰীয়ে ২০%–৩০% পৰ্যন্ত মাহেকীয়া ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিয়ে, যিটো অস্বাভাৱিক আৰু অবাস্তৱ ৷
  • ভুৱা কোম্পানী বা এপ: ভুৱা ৱেবছাইট, ম’বাইল এপ বা পঞ্জীয়নবিহীন কোম্পানী সৃষ্টি কৰি মানুহক বিপথে পৰিচালিত কৰা হয় ৷
  • ৰেফাৰেল চিষ্টেম বা চেইন মাৰ্কেটিং: পুৰণি বিনিয়োগকাৰীক নতুন লোকৰ পৰা ধন আদায় কৰি ধন দিয়া হয়- যেতিয়া নতুন মানুহ অহা বন্ধ হয় তেতিয়া বাকী থকা ধন প্ৰৱঞ্চকে আত্মসাৎ কৰি পলায়ন কৰে বা অন্তৰ্ধান হৈ পৰে ৷
  • ছ’চিয়েল মিডিয়াৰ প্ৰচাৰ:
  • ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউবত প্ৰভাৱশালী লোকৰ দ্বাৰা কৰা প্ৰচাৰ বা ভুৱা বিষয়বস্তু ৷

জনপ্ৰিয় লোক প্ৰৱঞ্চনাৰ বলি হোৱাটো কিয় চিন্তনীয় ?

পূজা বেনাৰ্জী, কুনাল বৰ্মাৰ দৰে চেলিব্ৰিটিও যেতিয়া প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে, তেতিয়া সাধাৰণ লোকৰ বাবে বিপদ আৰু অধিক বাঢ়ি যায় ৷ সাধাৰণতে মানুহে ভাবে যে যদি কোনো বিখ্যাত ব্যক্তি কোনো আঁচনিৰ অংশ হয়, তেন্তে সেয়া নিৰাপদ হ’ব ৷ কিন্তু এইটো প্ৰয়োজনীয় নহয় ৷

বিত্তীয় কেলেংকাৰীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

১/ শীঘ্ৰে ধনী হোৱাৰ আঁচনিবোৰ এৰাই চলক

যদি কোনো আঁচনিয়ে অতি উচ্চ আৰু অতি ক্ষীপ্ৰ ৰিটাৰ্ণ দিয়াৰ দাবী কৰিছে তেন্তে সেয়া প্ৰৱঞ্চনা হ’ব পাৰে ৷

২/ কোম্পানীটোৰ পঞ্জীয়ন আৰু পটভূমি পৰীক্ষা কৰা

SEBI (চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া), আৰ বি আই, এ এম এফ আই আদি চৰকাৰী সংস্থাৰ পৰা আঁচনিৰ বৈধতা পৰীক্ষা কৰক ৷

৩/ ছচিয়েল মিডিয়াৰ প্ৰচাৰক অন্ধভাৱে বিশ্বাস নকৰিব

যদি কোনো ইউটিউবাৰ বা চেলিব্ৰিটিয়ে কোনো এপ বা বিনিয়োগ আঁচনিৰ প্ৰচাৰ কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত নথি-পত্ৰ আৰু অনুমতিসমূহ পৰীক্ষা কৰক ৷

৪/ কেতিয়াও কাৰো লগত OTP বা ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব

প্ৰৱঞ্চকে বেংক বা KYC আপডেটৰ অজুহাতত আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰিবলৈ চেষ্টা কৰিব পাৰে ৷

৫/ বিত্তীয় উপদেষ্টাৰ সহায় লওক

যিকোনো বিনিয়োগ কৰাৰ পূৰ্বে এজন প্ৰমাণিত বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লওক ৷

৬/ আপোনাৰ চাইবাৰ সুৰক্ষা আপডেট কৰি ৰাখক

বেংকিং এপত OTP, বায়’মেট্ৰিক আৰু দুটা স্তৰৰ নিৰাপত্তা ব্যৱহাৰ কৰক ৷

কেলেংকাৰী হ’লে কি কৰিব ?

  • বেংকক তৎক্ষণাত অৱগত কৰক–লেনদেন বন্ধ কৰিবলৈ চেষ্টা কৰক ৷
  • চাইবাৰ অপৰাধ পৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক – যেনে cybercrime.gov.in
  • ওচৰৰ থানাত এফআইআৰ দাখিল কৰক
  • ডিজিটেল প্ৰমাণ সুৰক্ষিত ৰাখক – স্ক্ৰীণশ্বট, বাৰ্তা, কল ৰেকৰ্ডিং ইত্যাদি ৷

উপসংহাৰ

সজাগ হোৱাটোৱেই হৈছে বিত্তীয় কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় ৷ সাধাৰণ মানুহ হওক বা চেলিব্ৰিটি হওক, লোভ আৰু অসাৱধানতাই যিকোনো ব্যক্তিৰ ক্ষতি কৰিব পাৰে ৷ পূজা বেনাৰ্জী আৰু কুনাল বৰ্মাৰ সৈতে হোৱা এই ঘটনাই এটা ডাঙৰ শিক্ষা যে জীৱনজোৰা উপাৰ্জন হেৰুৱাতকৈ সময়োপযোগী সিদ্ধান্ত লোৱা আৰু সাৱধান হোৱাটোৱেই নিজৰ বাবে উত্তম ৷

আজিৰ সময়ত “জানি-বুজি বিনিয়োগ কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ বুদ্ধিমত্তাৰ কাম ৷ ”

লগতে পঢ়ক

  1. UPI ব্য়ৱহাৰকাৰীৰৰ বাবে ডাঙৰ সকাহ : ভুলতো আন ব্য়ক্তিলৈ নাযায় পেমেন্ট
  2. সাৱধান! ভাৰতীয়ক লক্ষ্য কৰিয়েই মুকলি কৰা হৈছে এটা নতুন ভুৱা বেংকিং এপ; পৰিত্ৰাণৰ উপায় কি ?
  3. বিত্তীয় প্ৰৱঞ্চনা তথা হেকাৰৰ পৰা কেনেকৈ নিজৰ স্মাৰ্টফোনটো ৰক্ষা কৰিব ?