ETV Bharat / lifestyle

অভিনেত্ৰী প্ৰীতি কংকনাই কেনেদৰে লয় নিজৰ স্বাস্থ্যৰ যতন ?

অভিনেত্ৰী প্ৰীতি কংকনাৰ দৈনিক ৰুটিন কি ? কেনেধৰণৰ খাদ্য খাই ভালপায় অভিনেত্ৰী গৰাকীয়ে ? ছালৰ যতন কেনেদৰে লয় অভিনেত্ৰী গৰাকীয়ে ? পঢ়ক সবিশেষ...

preety kongana's Daily Routine
অভিনেত্ৰী প্ৰীতি কংকনাই কেনেদৰে লয় নিজৰ স্বাস্থ্যৰ যতন ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : March 7, 2025 at 12:54 PM IST

4 Min Read
Choose ETV Bharat

অসমীয়া ছবি তথা ধাৰাবাহিক জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা ৷ নিজৰ অভিনয়শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীয়ে অনুৰাগীৰ সংখ্যাও যথেষ্ট ৷ বিউটি বেটাৰা, জিলেলে জিলেলে, ডেগাৰ মাৰি মৰি যাম, লৈ আহিছো কেমেৰাৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত অভিনয় কৰাৰ লগতে 2023 বৰ্ষত বক্স অফিচত অভিলেখ গঢ়া ছবি শ্ৰী ৰঘুপতি ছবিতো অভিনেত্ৰী গৰাকীয়ে নিজৰ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয় ৷ ইফালে সৌন্দৰ্যৰ ক্ষেত্ৰত কোনোগুণে কম নহয় অভিনেত্ৰীগৰাকী ৷

নিজকে সদায় ধুনীয়াকৈ ৰখা অভিনেত্ৰী গৰাকীয়ে কেনেদৰে ৰাখে স্বাস্থ্য যতন ? শ্বুটিঙৰ হেভী মেকআপৰ পিছতো কিদৰে নিজৰ ছালখনক ধুনীয়া কৰি ৰাখিছে অভিনেত্ৰীগৰাকীয়ে ? নিতৌ কেনেধৰণৰ খাদ্য খাই ভালপায় অভিনেত্ৰী গৰাকীয়ে ? ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত অভিনেত্ৰী গৰাকীয়ে জনায় তেওঁৰ দৈনিক ৰুটিন পৰা আৰম্ভ কৰি ছালৰ যতনলৈ বহু কথা ৷

অভিনেত্ৰী প্ৰীতি কংকনাৰ সৈতে বিশেষ সাক্ষাতকাৰ (ETV Bharat)

দৈনিক ৰুটিনৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীৰ মন্তব্য

'দৈনিক ৰুটিন হিচাপে মোৰ কোনো তেনেকুৱা নিৰ্দিষ্ট ৰুটিন নাই ৷ অভিনেত্ৰী গৰাকী কয়, 'মোৰ ৰাতি টোপনি যাওঁতে প্ৰায়ভাগেই পলম হয়, সেয়ে পুৱা উঠোতে প্ৰায়ে পলম হয় ৷ মই টোপনিটোত বেছি গুৰুত্ব দিও ৷ কাম নাথাকিলে মোৰ প্ৰায় ভাগ শুৱাই হয় ৷ পানী বহুত বেছি খাওঁ, লগতে দৈনিক দুসাঁজ ভাত খুৱাই হয় ৷ ব্যয়াম কৰিব বুলি ভাৱো যদিও কৰা নহয়, সেয়ে ঘৰতে এটা কাম উলিয়াই লওঁ ৷ খাদ্য গ্ৰহণ কৰিয়ে শোৱাটো বেয়া ৷ জৰুৰী নহয় যে জিম বা যোগ কৰিবলৈ লাগিব ৷ তাৰ মাজতে দৈনিক আমাৰ নিত্য নৈমিত্তিক কামৰ মাজতো জীৱন চলাই যোৱাটো জৰুৰী ৷'

কেনেধৰণৰ খাদ্য খাই ভালপায় অভিনেত্ৰী গৰাকীয়ে ?

'মই গাৱলীয়া তথা ঘৰুৱা খাদ্য খাই খুব ভাল পাওঁ ৷ বাহিৰৰ খাদ্য তেনেদৰে খোৱা নহয় ৷ ঘৰুৱা খাদ্যৰ ভিতৰত আটাইতখিনিয়ে খাওঁ- শাক, মাছ-মাংস আদি সকলো ৷ প্রিয় খাদ্য বুলি ক’বলৈ গ’লে শাক, তিতা কেৰেলা, খাৰ, মাছৰ টেঙা, মাহৰ দাইলেৰে মুৰ্গীৰ মাংস ৷'

ছালৰ যতন কেনেদৰে লয় অভিনেত্ৰী গৰাকীয়ে ?

আমি যিহেতু সদায় মেকাপ ব্যৱহাৰ কৰিব লাগে, সেয়ে অন্য কিবা কৰিব পাৰিলে বা নোৱাৰিলেও ছাল খন যাতে চাফা কৰি ৰাখিব পাৰো তাৰ ওপৰত গুৰুত্ব দিও ৷ ছালখন ভালদৰে চাফা কৰি বেছিকৈ মশ্বেইৰাইজাৰ লগাই ছালখন হাইড্ৰেট কৰি শুবলৈ চেষ্টা কৰো ৷ বহুত বেছি পানী খোৱা হয় ৷ মেকাপ লৈ কেতিয়াও শুব নালাগে, অন্য কিবা নহলেও সেইটো কৰাটো উচিত ৷ দৈনিক ক্লিনজিং কৰাৰ পাছত টনিং আৰু মশ্বেইৰাইজাৰ ব্যৱহাৰৰ কৰা হয় ৷ লগতে শোৱাৰ আগত অকনমান আই ক্ৰীমো লগাব লাগে ৷ আই ক্ৰীমে চকুৰ তলৰ ক’লা দাগবোৰ দূৰ কৰাত সহায় কৰে ৷

যিমান পাৰোঁ সিমান ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰো ৷ লগতে শ্বুটিং নাথাকিলে মাজে মাজে গা ধুই আইছ বাটি এটাত লৈ পানীৰ সৈতে মিহলি কৰি যিমান পাৰোঁ উশাহ লবলৈ চেষ্টা কৰো ৷ বাহিৰলৈ ওলাই গলে ছানস্ক্ৰীন আৰু ৰাতি নাইট ক্ৰীম ব্যৱহাৰ কৰো ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শালমনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱাভাৱে কৰক এই উপায়
  2. ৭০ বছৰ বয়সতো কিদৰে নিজৰ ছাল-চুলিক ধুনীয়া কৰি ৰাখিছে ৰেখাই ?
  3. ৭0-৮০ দশকত বলীউডত দপ-দপাই থকা অভিনেত্ৰী জীনাত আমানৰ ফিটনেছৰ ৰহস্য কি ?