ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোৱে ব্যস্ত হৈ পৰিছে হেঁপাহৰ ব’হাগ বিহুক আদৰিবৰ বাবে ৷ ৰঙালী বিহুৰ সময়ত বিহু নাচত বিশেষকৈ ব্যৱহাৰ কৰা হয় গগনা ৷ গগনা অসমীয়া মানুহৰ এবিধ বাদ্যযন্ত্ৰ ৷ অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷ ই এক বাঁহেৰে নিৰ্মিত জৱ’চ হাৰ্প ৷ অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে ৷ গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয় ৷ গগনাৰ মাত বৰ মিঠা আৰু মিহি ৷ মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয় ৷ নাচনীৰ খোপা শুৱনি কৰা গগনাৰ কেনেদৰে প্ৰচলন হৈছিল জানেনে ?
প্ৰাচীন চিত্ৰণ হিচাপে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ চীনা ছবি আৰু চীনৰ ছানছিৰ শ্বিমাও দুৰ্গত আৱিষ্কাৰ হোৱা বক্ৰাকৃতিৰ হাড়বোৰেই জ হাৰ্পৰ অস্তিত্বৰ আটাইতকৈ প্ৰাচীন প্ৰমাণ বুলি বিশ্বাস কৰা হয় ৷ সেই দিশেৰে গগনাৰ আদিম স্বৰূপটো ১৮০০ খ্ৰীষ্টপূৰ্বৰো আগৰ ৷
জৱ'চ হাৰ্প
জৱ’চ হাৰ্প হৈছে এক লেমেলোফোন বাদ্য ৷ এই বাদ্যবিধ এটা ফ্ৰেমত সংলগ্ন নমনীয় ধাতু বা বাঁহৰ জিভা বা নলৰে গঠিত ৷ গগনাও একপ্ৰকাৰৰ বাঁহেৰে নিৰ্মিত জ হাৰ্প ৷ কথিত নামৰ বিপৰীতে এই বাদ্যৰ উৎপত্তি সম্ভৱতঃ চাইবেৰিয়াত, বিশেষকৈ আলটাই পৰ্বতমালাত বা ইয়াৰ আশে-পাশে আৰু ইহুদী জনসাধাৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ৷
গগনাৰ প্ৰকাৰ
অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায় ৷ যেনে- বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি ৷ অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা ৷
ৰামধন গগনা
ৰামধন গগনা সাধাৰণতে পুৰুষে বজাই ৷ সাধাৰণ মানুহৰ হাতত সঠিকভাৱে সোমাব পৰাকৈ ই লাহৰী গগনাতকৈ চুটি, বহল আৰু অলপ গধুৰ ৷ এই বাদ্যযন্ত্ৰটো প্ৰায়ে পৰিবেশকৰ কঁকালত বান্ধি থোৱা টঙালিত বা বাঁহী, সুতুলি আদি আন বাদ্যযন্ত্ৰৰ দৰে মূৰত বান্ধি থোৱা গামোচাত গুজি লোৱা হয় ৷
লাহৰী গগনা
মহিলাৰ হাতৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা হয়, গতিকে ই ৰামধন গগনাতকৈ অলপ চিকন আৰু দীঘল ৷ সাধাৰণতে বিহু নৃত্য পৰিৱেশন কৰাৰ সময়ত ইয়াক নাচনীৰ খোপাত গুজি থোৱা থাকে ৷
কেনেকৈ নিৰ্মাণ কৰা হয়
গগনা তিনি বা চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয় ৷ শব্দৰ ভিন্নতাৰ বাবে ইয়াৰ আকাৰ ডাঙৰ-সৰু কৰা হয় ৷ বাঁহৰ মিহিকৈ চাঁচিলোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়, ইয়াক জিভা বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক মেখেলা বোলে ৷
গগনাৰ ফ্ৰেমটো পৰিবেশকৰ বিভাজিত দাঁত বা ওঁঠৰ ওপৰত সুদৃঢ়ভাৱে ধৰি ৰখা হয়, ইয়াত মুখখনক অনুনাদক হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাদ্যযন্ত্ৰৰ আয়তন বহু পৰিমাণে বৃদ্ধি পায় ৷ দাঁতদুপাৰি যথেষ্ট বহলকৈ বিভাজিত কৰিব লাগে যাতে গগনাৰ নলখনে মুক্তভাৱে কম্পন সৃষ্টি কৰিব পাৰে, আৰু মুখৰ মাঙহাল অংশবোৰ নলৰ সংস্পৰ্শলৈ আহিব নালাগে যাতে কম্পনবোৰত সম্ভাৱ্য বাধাৰ সৃষ্টি কৰিব নোৱাৰে ৷ এইদৰে উৎপন্ন হোৱা সুৰটো পিচত স্থিৰ হয় যদিও মুখৰ আকৃতি, আৰু ইয়াত থকা বায়ুৰ পৰিমাণ সলনি কৰি কৌশলগতভাৱে পৰিবেশকে বিভিন্ন সুৰ সৃষ্টি কৰিব পাৰে ৷
লগতে পঢ়ক