ETV Bharat / lifestyle

আপোনাৰ নাকে ক’ব আপোনাৰ ব্যক্তিত্ব কেনেকুৱা...কেনে হ’ব আপোনাৰ ভৱিষ্যৎ! - PERSONALITY TRAITS

বিভিন্ন নাকৰ আকৃতিয়ে ব্যক্তিজনৰ বিষয়ে বহু কথাই কয়, আপুনিও আপোনাৰ নাকৰ আকৃতি কি আৰু আৰু আমি আগবঢ়োৱা তথ্য আপোনাৰ লগত আপোনাৰ ব্যক্তিত্ব মিল খায়নে চাওঁকছোন-

Personality Test: Your Nose shape reveals these personality traits
আপোনাৰ নাকে ক’ব আপোনাৰ ব্যক্তিত্ব কেনেকুৱা...কেনে হ’ব আপোনাৰ ভৱিষ্যৎ! (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : April 9, 2025 at 10:36 AM IST

5 Min Read

বহু বিশেষজ্ঞই বিশ্বাস কৰে যে, নাকলৈ চাই এজন ব্যক্তিৰ চৰিত্ৰৰ বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ বিষয়ে বহু কথা জানিব পাৰি ৷এই বিষয়ে আপুনি বিশ্বাস কৰে নে নকৰে সেয়া অৱশ্যে সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ৷

আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক বিভিন্ন নাকৰ আকৃতি আৰু সেইবোৰে ব্যক্তিজনৰ বিষয়ে কি বুজায় তাৰ বিষয়ে জনাম ৷ আপুনিও আপোনাৰ নাকৰ আকৃতি কি আৰু আমি আগবঢ়োৱা বৰ্ণনা আপোনাৰ লগত আপোনাৰ ব্যক্তিত্ব মিল খায়নে চাওঁকছোন-

Personality Test: Your Nose shape reveals these personality traits
আপোনাৰ নাকে ক’ব আপোনাৰ ব্যক্তিত্ব কেনেকুৱা...কেনে হ’ব আপোনাৰ ভৱিষ্যৎ! (ETV Bharat)
  • বটন নাক

বটন নউজ বা বটন নাক বুলি ক’লে এক সামান্য বৃত্তাকাৰ নাকৰ মুৰৰ সৈতে এটা সৰু নাকক বুজা যায় ৷বটন নাকবোৰ বহুতে আটাইতকৈ আকৰ্ষণীয় বুলি গণ্য কৰে ৷এই আকৃতিৰ নাক থকা লোকসকল সাধাৰণতে যথেষ্ট সৃষ্টিশীল আৰু কল্পনাশীল হয় ৷ তেওঁলোক মৰমীয়াল, যত্নশীল আৰু দয়ালু ৷ তেওঁলোক যথেষ্ট আশাবাদী আৰু আৱেগিক ৷

  • গ্ৰীক নাক

সৰু, ঠেক আৰু সম্পূৰ্ণ পোন হয় গ্ৰীক নাক ৷ গ্ৰীক নাক থকা লোকসকল সাধাৰণতে অতি বুদ্ধিমান, যুক্তিসঙ্গত আৰু নিৰ্ভৰযোগ্য ৷ আপুনি এই নাকৰ গৰাকীক চকু মুদি ভৰসা কৰিব পাৰে ৷

  • সামান্য ওপৰলৈ উঠা নাক

সামান্য ওপৰলৈ উঠা নাকৰ গৰাকীসকল সাধাৰণতে অতি আশাবাদী, প্ৰফুল্ল আৰু দুঃসাহসী হয় ৷ তেওঁলোকে অতি আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ জীৱন যাপন কৰে ৷ তেওঁলোক বন্ধু বৰ্গ আৰু পৰিয়ালৰ প্ৰতিও অতি নিষ্ঠাৱান হয় আৰু তেওঁলোকে সকলোকে সুৰক্ষা দিবলৈ ইচ্ছুক ৷

  • বহল নাক

বহল নাক থকা লোকসকল প্ৰাকৃতিক নেতা আৰু তেওঁলোকৰ ব্যক্তিত্ব অতি শক্তিশালী হয় ৷ তেওঁলোক প্ৰায়ে ব্যৱসায়ত সফল হয় ৷আনহাতে, তেওঁলোক একেবাৰেই শান্ত প্ৰকৃতিৰ নহয় আৰু সোনকালে খং উঠে ৷

  • ফ্লেছী নাক

ফ্লেছী নাক গুৰিৰ পৰা যথেষ্ট ঠেক যদিও মুৰৰ ফালে বহল হৈ দেখাত আকৰ্ষণীয় হৈ পৰে ৷ এই নাকৰ গৰাকীসকল দ্ৰুত চিন্তাবিদ হোৱাৰ লগতে তেওঁলোকৰ দ্ৰুত সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকে ৷ সময় অপচয় কৰিবলৈ ভাল নাপায় বাবে এনে লোকসকলে সকলোবোৰ কাম লগে লগে কৰে ৷

  • স্নুব নাক

স্নুব নাকৰ আধাৰ যথেষ্ট ঠেক যদিও মুৰৰ ফালে ঘূৰণীয়া হয় ৷ স্নুব নাক থকা লোকসকল সাধাৰণতে তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী হয় ৷ তেওঁলোকৰ ভাল হাস্যৰসৰ প্ৰৱণতা আছে আৰু তেওঁলোকৰ বন্ধুবৰ্গক উৎসাহিত কৰিবলৈ সদায় সাজু ৷

  • ভাঁজ থকা নাক

নাকত এটা বা তাতোধিক ভাঁজ থকা বা Crooked নাকৰ ব্যক্তিসকলে জীৱনত নিজৰ পথ নিজে তৈয়াৰ কৰে ৷ তেওঁলোকে নেতাসকলক অনুসৰণ কৰিবলৈ ভাল নাপায় আৰু সকলো ক্ষেত্ৰত নিজৰ সিদ্ধান্ত নিজে লয় ৷ তেওঁলোক যথেষ্ট জেদী আৰু আনে কি ভাবে তাৰ প্ৰতি তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিয়ে ৷

  • ভাটৌ ঠোঁটীয়া নাক

ভাটৌ ঠোঁটীয়া নাক থকা লোকসকল শৈল্পিকভাৱে প্ৰতিভাশালী আৰু সৃষ্টিশীল হোৱাৰ প্ৰৱণতা থাকে ৷ তেওঁলোকৰ সাধাৰণতে এক শক্তিশালী ইচ্ছা থাকে আৰু যদি তেওঁলোকে কিবা কৰিবলৈ সংকল্পবদ্ধ হয় তেওঁলোকক কোনেও বাধা দিব নোৱাৰে ৷

  • ৰোমান নাক

যদি আপোনাৰ ৰোমান নাক আছে তেন্তে আপোনাৰ ব্যক্তিত্ব অতিকৈ শক্তিশালী । এনে লোক সাধাৰণতে অতি উচ্চাকাংক্ষা ৰখা ব্যক্তি হয় । প্ৰত্যাহ্বানত আপুনি আনন্দ বিচাৰি পায় । এনে লোকৰ ক্ষেত্ৰত এগৰাকী লিডাৰ হোৱাৰ ক্ষমতা থাকে । কামবোৰ সম্পন্ন কৰিবলৈ বা আপোনাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ আপোনাৰ ষ্টেমিনাৰ অভাৱ খুব কমেইহে হয় ।

আমোদজনক তথ্য: জানেনে আপোনাৰ নাকে আপোনাৰ বিষয়ে বহু কথাই কয়!

তথ্য ১: ফেচ ৰিডিঙৰ ওপৰত কৰা গৱেষণা অনুসৰি আপোনাৰ নাকে আপোনাৰ ৪০ বছৰ কেনেকুৱা যাব সেই বিষয়েও বহু কথাই কয় ।

তথ্য ২: চীনা ফেচ ৰিডিঙৰ ওপৰত কৰা গৱেষণা অনুসৰি এই নাকে আপোনাৰ ধনৰ প্ৰতিফলন হিচাপে গণ্য কৰা হয় ।

তথ্য ৩: এগৰাকী মহিলাৰ নাকে স্বামীৰ ধন ঘটাৰ ক্ষমতাৰ কথা ক’ব পাৰে ।

তথ্য ৪: যদি আপোনাৰ নাকৰ ফুটাবোৰ সন্মুখৰ পৰা দেখা যায়, তেন্তে আপুনি ধন সঞ্চয় কৰাত ভাল ।

তথ্য ৫: ডাঙৰ নাক থকা মানুহবোৰ বিশেষকৈ মহিলাসকলে হয় ছুপাৰ ৰিচ নহয় কোনোৱা ধনী ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।

উৎস:-https://pubmed.ncbi.nlm.nih.gov/26579860/

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. যদি আমি নাকৰ সলনি মুখেৰে উশাহ লও তেন্তে কি হ’ব ? - Mouth Breathing
  2. ঘৰতে থকা এইবোৰ সামগ্ৰীৰ দ্বাৰা কৰক কাঁহ-চৰ্দিৰ চিকিৎসা
  3. এয়া আছিল প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.