ETV Bharat / lifestyle

জন্মৰ তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ?

সংখ্যা অনুসৰি কেনে হ'ব ২০২৫ বৰ্ষ? জন্মৰ তাৰিখৰ মূল্যাংক অনুসৰি কেনে হ'ব ২০২৫ বৰ্ষ ? এই সন্দৰ্ভত জনালে সংখ্যাতত্ত্ববিদ অৰ্চনা বৰ্মনে-

NUMEROLOGY PREDICTIONS FOR 2025
জন্মৰ তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 28, 2024 at 2:06 PM IST

7 Min Read
Choose ETV Bharat

সংখ্যাতত্ত্ব অনুসৰি ২০২৫ বৰ্ষটোৰ মূল্যাংক হৈছে ৯ নম্বৰ ৷ ৯ নম্বৰটোয়ে মঙ্গলক বুজাই ৷ সেয়ে সংখ্যাতত্ত্ব অনুসৰি ২০২৫ বৰ্ষটো মংগলৰ বছৰ বুলি কোৱা হৈছে ৷ যিসকলে জীৱনত বহুত বেছি নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ৷ ২০২৫ বৰ্ষটো ভালো হ'ব, বেয়াও হ'ব ৷ ধনাত্মক দিশৰ পৰা চালে যি সকল লোকে বিয়া পাতিম বুলি ভাৱি আছে তেওঁলোকৰ বিয়া হ'ব, চৰকাৰী চাকৰিৰ বাবে যি সকলে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে ২০২৫ বৰ্ষটো খুৱ বেছি ভাল হ'ব ৷ আনহাতে ঋণাত্মক দিশৰ পৰা কাজিয়া-পেচাল এই বছৰটোত বহুত বেছি হ'ব, কোর্ট-কছাৰীৰ মুকৰ্দামা বৃদ্ধি পাব, আইন ক্ষেত্ৰত কিছু নতুন নীতি-নিৰ্দেশনা আহিব ৷

জন্মৰ তাৰিখৰ মূল্যাংক অনুসৰি কেনে হ'ব ২০২৫ বৰ্ষৰ ?

১,১০,১৯,আৰু ২৮ তাৰিখত জন্ম হোৱা লোক সকলৰ ১ মূল্যাংক হয় ৷ ১ মূল্যাংকই সূৰ্য্যক বুজাই ৷ এই মূল্যাংক লোক সকলৰ বাবে ২০২৫ বৰ্ষটো খুৱ বেছি ভাল হ'ব ৷ চাকৰি, বিবাহ, ব্যৱসায় আদিৰ ক্ষেত্ৰ খুব ভাল ফল ভাল কৰিব ৷ কিন্তু জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ অকণমান ধীৰ গতি হ'ব ৷ মার্চৰ পাছত কষ্ট অনুসৰি ফল লাভ কৰিব ৷

২,১১,২০, আৰু ২৯ তাৰিখত জন্ম হোৱা লোক সকলৰ ২ মূল্যাংক হয় ৷ ২ মূল্যাংকই চন্দ্ৰক বুজাই ৷ এই নম্বৰৰ লোকক সকলক ২০২৫ বর্ষটোত নিজকে প্ৰতিপন্ন কৰিবলৈ আনৰ সমৰ্থন লাগিব ৷ কিছুক্ষেত্ৰত সাৱধান হোৱাটো উচিত ৷ নিজৰ আৱেগিক ভাৱে শক্তিশালী হ'ব লাগিব ৷ সম্পৰ্কৰ ক্ষেত্ৰত ২০২৫ বৰ্ষটো খুৱ এটা ভাল নহ'ব ৷ চাকৰিৰ ক্ষেত্ৰত সুযোগ আহিব, কিন্তু নিজে সিদ্ধান্ত ল'ব লাগিব যে কোনো সুযোগ গ্ৰহণ কৰিলে ভাল হ'ব ৷ বিত্তীয় দিশত মোটামুটি ভালে যাব ৷ টকা যিদৰে আহিব তেনেদৰে খৰছো হ'ব ৷

৩,১২,২১ আৰু ৩০ তাৰিখত জন্ম হোৱা লোক সকলৰ ৩ মূল্যাংক হয় ৷ ৩ মূল্যাংকই বৃহস্পতিক বুজাই ৷ ২০২৫ বৰ্ষটো বৃহস্পতি আৰু মংগল গ্ৰহৰ বাবে খুব ভাল ৷ জীৱনলৈ বহুত বেছি সুযোগ আহিব ৷ চাকৰিৰ প্ৰস্তাৱ আহিব ৷ নতুন ব্যৱসায়ৰ ক্ষেত্ৰতো ভালফল লাভ কৰিব ৷ পুৰণি তথা আধাতে এৰা কাম সমূহ ২০২৫ বর্ষত সম্পূৰ্ণ হ'ব ৷

সংখ্যাতত্ত্ববিদ অৰ্চনা বৰ্মনৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

৪,১৩,২২ আৰু ৩১ তাৰিখত জন্ম হোৱা লোক সকলৰ ৪ মূল্যাংক হয় ৷ ৪ মূল্যাংকই ৰাহুক বুজাই ৷ ৰাহুক আৰু মংগল অৰ্থাৎ ৪ নম্বৰ আৰু ৯ নম্বৰৰ মিলটো ইমান এটা ঠিক নহয় ৷ সেয়ে এই বৰ্ষটো ৪ নম্বৰৰ লোকসকলে খুৱ বেছি সাৱধান হ'ব লাগিব ৷ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব লাগিব ৷ শত্ৰুৰ সমূহ সন্মুখলৈ আহিব ৷ কোর্ট-কাচাৰী সৈতে সম্ভৱনা আছে, গাড়ী যদি নথি-পত্ৰ ঠিকেই নাই সেই সমূহ ঠিক কৰি ল'ব ৷ মদ্যপান কৰি গাড়ী নচলাব নহলে সমস্যাহোৱাৰ সম্ভাৱনা আছে ৷ কামত অকণমান সময় বেছিকৈ দিলে বহুত বেছি ভাল হ'ব ৷

৫,১৪,আৰু ২৩ তাৰিখত জন্ম হোৱা লোকসকলৰ ৫ মূল্যাংক হয় ৷ ৫ মূল্যাংকই বুধ গ্ৰহক বুজাই ৷ এই নম্বৰৰ মানুহে সকলোৰে লগত মিলি যায় ৷ এওঁলোকৰ ইমান বেছি শত্ৰুতা নাথাকে ৷ ২০২৫ বৰ্ষটো এই নম্বৰৰ লোক সকলৰ বাবে মধ্যমীয়া হ'ব ৷ চাকৰিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব, উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সকলৰ বাবে ভাল হ'ব, চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিম বুলি পৰিকল্পনা কৰা সকলৰ বাবে ভাল হ'ব ৷ বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে ৷ এটা বস্তুতে গুৰুত্ব দি আগবাঢ়ি গলে খুৱ বেছি ভালফল লাভ কৰিব ৷

৬,১৫ আৰু ২৪ তাৰিখত জন্ম হোৱা লোক সকলৰ ৬ মূল্যাংক হয় ৷ ৬ মূল্যাংকই শুক্ৰ গ্ৰহক বুজাই ৷ ২০২৫ বৰ্ষটো এই নম্বৰৰ লোক সকলৰ বাবে মধ্যমীয়া হ'ব ৷ কিছুক্ষেত্ৰত যদি ভাল ফল লাভ কৰিব কিছু ক্ষেত্ৰত বেয়া ফল লাভ কৰিব ৷ এইবর্ষটো গাড়ী, সম্পত্তি আদি ক্ৰয়ৰ ক্ষেত্ৰত অকণমান বেয়া দেখা গৈছে ৷ বিয়া পাতিম বুলি ভাবি থকা সকলে এই বছৰটোতে বিয়া পাতি লওক ৷ প্ৰেমৰ ক্ষেত্ৰত বিচ্ছেদ হ'ব পাৰে বা বহু মাহ কথা নপতাকৈয়ে থাকিব পাৰে ৷ ভুল বুজা-বুজি হ'ব পাৰে ৷ সকলো ক্ষেত্ৰত সাৱধান হ'ব লাগিব ৷

সংখ্যাতত্ত্ববিদ অৰ্চনা বৰ্মনৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

৭,১৬ আৰু ২৫ তাৰিখত জন্ম হোৱা লোক সকলৰ ৭ মূল্যাংক হয় ৷ ৭ মূল্যাংকই কেতু গ্ৰহক বুজাই ৷ ১৬ নম্বৰটোত বৈবাহিক ক্ষেত্ৰত অকণমান অসুবিধা থাকে , এইবাৰ আৰু অসুবিধা আহিব পাৰে ৷ ৭ আৰু ২৫ নম্বৰটো বৈবাহিক ক্ষেত্ৰত অসুবিধা আহিব পাৰে ৷শত্ৰুৰ সমূহ সন্মুখলৈ আহিব ৷ নতুন চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল হ'ব ৷ নতুন বস্তু শিকিব বিচাৰিলে বহুত খিনি উন্নতি লাভ হ'ব ৷ বিবাহ বিচ্ছেদ বিচাৰি থকা সকলে বিবাহ বিচ্ছেদ ল'ব পাৰে ৷

৮,১৭ আৰু ২৬ তাৰিখত জন্ম হোৱা লোক সকলৰ ৮ মূল্যাংক হয় ৷ ৮ মূল্যাংকই শনি গ্ৰহক বুজাই ৷ শনিৰ নম্বৰৰ লোকসকলে খুৱ বেছি পৰিপাটিকৈ থকা উচিত, কোনো ধৰণৰ দুই নম্বৰি কাম কৰিব নালাগে ৷ সকলোকে সহায় কৰিব ৷ ২০২৫ বৰ্ষটোত এই নম্বৰৰ লোক সকলে কিছুমান বস্তুত সাৱধান থাকিব লাগিব ৷ কৰ্মক্ষেত্ৰত অসুবিধা সন্মুখীন হ'ব পাৰে ৷ বিশেষকৈ মার্চ, এপ্ৰিল আৰু মে মাহত অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে ৷ ধৈৰ্য শক্তি বঢ়াব লাগিব ৷ টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ৷

৯,১৮ আৰু ২৭ তাৰিখত জন্ম হোৱা লোক সকলৰ ৯ মূল্যাংক হয় ৷ ৯ মূল্যাংকই মংগল গ্ৰহক বুজাই ৷ ২০২৫ বৰ্ষটো যিহেতু মংগলৰ বৰ্ষ সেয়ে এনাৰ্জী বৃদ্ধি হ'ব যাৰ ফলত খং ৰাগ আদি বৃদ্ধি হ'ব ৷ ডাঙৰ ডাঙৰ সুযোগ হেৰুৱাই দিব পাৰে ৷ সেয়ে ধৈৰ্য্য শক্তি বঢ়াব লাগিব ৷ আসন কৰক, হনুমান চলিছা আদি পঢ়িলেও ভাল ফল পাব ৷ IT, মিলিটেৰী, আইন আদি বিভাগৰ সকলে খুব বেছি ভাল ফল লাভ কৰিব ৷ ৰৈ থকা কাম সমূহ সোনকালে সম্পূৰ্ণ কৰক তেতিয়া হে নতুন সুযোগ লাভ কৰিব ৷

সংখ্যাতত্ত্ববিদ অৰ্চনা বৰ্মনৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক:

  1. টেৰ’ কাৰ্ড ভৱিষ্যদ্বাণী: জন্ম তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ আগন্তুক বৰ্ষটো ?
  2. জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ?
  3. শনি মাৰ্গী হোৱাৰ ফলত ৰাশিফল অনুসৰি কি কি প্ৰভাৱ পৰিব ?