ETV Bharat / lifestyle

শীতকালত ছালৰ ৰুক্ষ ভাৱ দূৰ কৰিবলৈ অনুসৰণ কৰিব পাৰে মালা মহন্তই দিয়া এই উপায়

ৰাজ্যৰ চাৰিওফালে কেৱল ভোগালীৰ আনন্দ । এই সময়ছোৱাত আপোনাৰ ছালখনৰ কেনেদৰে যত্ন ল'ব এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Skin care tips
শীতকালত ছালৰ ৰুক্ষ ভাৱ দূৰ কৰিবলৈ অনুসৰণ কৰিব পাৰে মালা মহন্তই দিয়া এই উপায় (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : January 13, 2025 at 3:32 PM IST

3 Min Read
Choose ETV Bharat

শীতকালৰ এই সময়ছোৱাত যিহেতু বহুতৰে হাত ভৰিৰ ছাল সমূহ খহতা হোৱা দেখা যায় ৷ ঘৰুৱা পদ্ধতিৰে আপুনি আপোনাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ বৰ্তমান সময়ৰ সকলোৰে ঘৰৰ নাৰিকল, খিচমিছকে ধৰি ভিন্ন ড্ৰাই ফ্ৰুটছ আদিকে ধৰি ভিন্ন ধৰণৰ বিহুৰ আপ্যায়নৰ সামগ্ৰী আছে, এই সামগ্ৰীসমূহৰে আপোনাৰ ছালখনৰ যতন ল'ব পাৰিব ৷

  1. ইয়াৰ বাবে আপোনাক লাগিব এবটি মান ৰুকি লোৱা নাৰিকল,লগতে ১০-১৫ টা মান খিচমিচ(খিচমিচ কেইটা পানীত তিয়াই ল'ব লাগিব) আৰু লগতে লাগিব ৪ চামুচ চুজি ৷
  2. প্ৰথমে এই গোটেই কেইটা সামগ্ৰী অৰ্থাৎ ৰুকি লোৱা নাৰিকল, তিয়াই থোৱা খিচমিচ আৰু চুজি এই খিনি খুব ভালদৰে মিহলাই ল'ব লাগিব ৷ খিচমিচ খিনি ভালদৰে হাতেৰে পিটিকি দিব পাৰিব ৷
  3. মিহলাই লৈ তাৰ লগত অকমান নাৰিকলৰ তেল মিহলাই ল'ব ৷ যাৰ ফলত এটা সুন্দৰ পেষ্ট তৈয়াৰ হ'ব, সেই পেষ্টত অকমান কেঁচা গাখীৰ মিহলাই ল'ব পাৰে ৷
  4. তাৰ পাছত এই পেষ্টটো আপোনাৰ মুখ, ডিঙি আৰু হাত-ভৰিৰ ছালত ভাল দৰে লগাব ৷ এই পেষ্টটো লগাই ১৫ মিনিট মান সময় ৰৈ দিব ৷
  5. তাৰ পাছত আঙুলিৰে ঘূৰাই ঘূৰাই ঘহি ল'ব ৷
  6. তাৰ পাছত কুহুমীয়া পানীৰে গাটো ধুই ল'ব ৷
সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat)

সপ্তাহত অন্তত এদিনকৈ যদি এনেদৰে কৰিব পাৰে তেন্তে আপোনালোকৰ ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি হ'ব ৷ মৃতকোষবোৰ নাইকীয়া হোৱাৰ বাবে ছালখন যথেষ্ট উজ্জ্বল দেখাব ৷ লগতে ছালৰ খহতা ভাৱটোও নাইকীয়া হ'ব ৷ উল্লেখযোগ্য যে, নাৰিকলৰ এনে এক গুণ আছে যিয়ে আমাৰ ছালখন উজ্জ্বল আৰু বগা দেখাই আৰু নাৰিকলৰ তেলত ছালৰ শুকান ভাব নাইকিয়া কৰাৰ গুণ আছে, লগতে খিচমিচেও ছালখন উজ্জ্বল কৰে ৷ কাৰণ খিচমিচত যথেষ্ট পৰিমাণৰে ভিটামিন C, ভিটামিন E আৰু ভিটামিন A থাকে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. বয়সৰ চাপ কমাবলৈ বন্ধাকবিৰে এনেদৰে লওক ছালৰ যতন
  2. মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম
  3. জেতুকা পাত ব্যৱহাৰ কৰি আপোনাৰ চুলিকোছা কেনেদৰে ধুনীয়াকৈ ৰাখিব ? - Jetuka leafs benefit