ETV Bharat / lifestyle

প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম

শিৱৰাত্রিৰ দিনা কেনেদৰে শিৱক আৰাধনা কৰিব? কি কৰিলে সন্তুষ্ট হব মহাদেৱ ? এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশ মণি শৰ্মাই

Astro tips
প্ৰেমৰ সম্পর্কত কিবা সমস্যা হৈ আছে নেকি তেন্তে শিৱ পূজাৰ দিনা কৰক এই কাম (Etv Bharat)
author img

By ETV Bharat Lifestyle Team

Published : February 22, 2025 at 12:51 PM IST

4 Min Read
Choose ETV Bharat

শিৱক হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা বুলি গণ্য কৰা হয় ৷ সনাতন ধৰ্মৰ শাস্ত্ৰত তেওঁৰ এক বিশেষ স্থান আছে ৷ সৃষ্টি, অস্তিত্ব আৰু ধ্বংস তিনিটাৰে হৈছে কাৰণ শিৱ ৷ তেওঁৰ ৰূপ ৰুদ্ৰ হৈছে ধ্বংস, বিনাশ আৰু বিপৰ্যয়ৰ দেৱতা ৷ উচ্চতম পৰ্যায়ত শিৱক অপৰিৱৰ্তিত পৰম ব্ৰহ্ম বুলি গণ্য কৰা হয় ৷

কোৱা হয় যে, ভোলানাথৰ আৰাধনা কৰিলে ভক্তৰ সকলো দুখ কষ্ট হৰি নিয়ে আৰু নিজৰ আশীৰ্বাদ সদায় বনাই ৰাখে ৷ মহা শিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ আৰাধনাৰ বাবে আটাইতকৈ উত্তম দিন ৷ এই দিনটোত যদি ভক্তিসকলে তেওঁৰ পূজা কৰে তেন্তে ইচ্ছা সকলো মনোকামনা মহাদেৱে পূৰণ কৰে বুলি বিশ্বাস কৰা হয় ৷ প্ৰতিবছৰে তিথি অনুযায়ী বিভিন্ন তাৰিখে পালন কৰা হয় ৷ এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব ৷ মহাশিৱৰাত্ৰিৰ দিনটো শিৱভক্তসকলৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয় ৷ এই দিনটো শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহৰ দিন হিচাপে গণ্য কৰা হয় ৷ প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে তথা স্বামী-স্ত্ৰীৰ বাবে আজিৰ দিনটো খুবেই বিশেষ বুলি গণ্য কৰা হয় ৷ কোৱা হয় হয় মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ আৰাধনা কৰিলে এনে লোকৰ সম্পৰ্কত থকা সকলো সমস্যা দূৰ হয় ৷

সেয়ে শিৱৰাত্রিৰ দিনা যিহেতু ৰাতিৰ ভাগত পূজা কৰা হয়, সেয়ে যদি পাৰে সেইদিনা দিনৰ ভাগৰ লগতে বিশেষকৈ ৰাতিৰ ভাগত শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল ৷ লগতে চাৰি প্ৰহৰৰ পূজাত উপস্থিত থাকিব পাৰিলে ভাল ৷ শিৱৰাত্রি দিনা কি কৰি মহাদেৱক সন্তুষ্ট কৰিব পাৰি জানো আহক-

জ্যোতিষী ড৹ পৰশ মণি শৰ্মা (ETV Bharat)

১) শিৱৰাত্রিৰ দিনা যিহেতু মন্দিৰত গৈ শিৱ লিংগটো চোৱাটো অসম্ভৱ হৈ পৰে ৷ সেয়ে যদিহে আপোনাৰ ঘৰত শিৱ লিংগ আছে তেন্তে শিৱৰাত্রিৰ দিনা পঞ্চামৃতৰ জৰিয়তে অৰ্থাৎ দৈ, গাখীৰ, ঘি, মৌ, চেনি (গুৰি কৰি দিব পাৰিলে ভাল) অভিষেক কৰিব পাৰে ৷

২) ইয়াৰোপৰি শিৱলিংগত চাউল, তিল, মিঠাতেল, কুঁহিয়াৰ ৰস, ধতুৰা ফুল আদি অৰ্পণ কৰিব পাৰে ৷

৩) শিৱ লিংগত বেলপাত, বেল অপৰ্ণ কৰাৰ লগতে আকন পাতৰ মালাও শিৱ লিংগত অৰ্পণ কৰিব পাৰে ৷

৪) শিৱৰাত্রিৰ দিনা গৰুক খাদ্য খুৱাব পৰিলেও ভাল ফল লাভ কৰাত সহায় হয় ৷

৫) ৰঙা ৰুদ্ৰাক্ষৰ মালা, ত্ৰিশূল, ভাং শিৱ লিংগত অৰ্পণ কৰিব পাৰে ৷

  • যদিহে আপুনি কিবা সমস্যাত ভুগি আছে তেন্তে শিৱ পূজাৰ দিনা কৰিব পাৰে এই কাম

যদিহে আপুনি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে তেন্তে এটা সৰু উপায় কৰিব পাৰে ৷ তাৰ বাবে আপোনাক লাগিব পানী থকা এটা শুকান নাৰিকল ৷ সেই শুকান নাৰিকলটো আপোনাৰ মূৰৰ ওপৰেদি ৭ বাৰ এন্টিক্লক ৱাইচ ঘূৰাই তাৰ পাছত আপোনাৰ সমস্যাটো কৈ সেই নাৰিকলটো যদি শিৱ লিংগৰ ওচৰত ভাগি পানীখিনিৰ লগতে ভগা নাৰিকল দুফাল যদি শিৱ লিংগত অৰ্পণ কৰিব পাৰে, তেন্তে আপোনাৰ সেই মনোকামনা পূৰ্ণ হ'ব ৷

  • যদিহে আপোনাৰ প্ৰেমৰ সম্পর্কত কিবা সমস্যাহৈ আছে তেন্তে শিৱ পূজাৰ দিনা কৰিব পাৰে এই কাম

এখন চিঙা কাগজত পতি- পত্নী বা প্ৰেমিক- প্ৰেমিকাৰ নাম লিখি এটা মৌৰ বটলত শিৱৰাত্ৰি ২-৩ দিন আগত সেই কাগজখন ভৰাই থৈ দিয়ে আৰু শিৱপূজাৰ দিনা সেই মৌ খিনিৰে যদি অভিষেক কৰাব পৰিলেও সম্পৰ্কত বহুখিনি ভাল ফল লাভ কৰিব ৷ লগতে যি কোনো দুবিধ ফল শিৱ লিংগত অৰ্পণ কৰিব পাৰে ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips
  2. মহাশিৱৰাত্ৰিত এই কাম কৰিলে সন্তুষ্ট হ’ব মহাদেৱ, পূৰণ হ’ব সকলো মনোবাঞ্ছা
  3. এই দিনটোত শনিৰ কৃপা লাভ কৰিব এই ৰাশিৰ জাতক-জাতিকাই