বৰ্তমান অসমৰৰ ঠায়ে ঠায়ে অতি আনন্দ উল্লাসেৰে উদযাপিত হৈছে বাপতি সাহোন ৰঙালী বিহু ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিগৰাকী অসমীয়া । বৰ্তমানৰ ইণ্টাৰনেট, ম’বাইল আৰু চাকৰিৰ খোজত বহুতৰে বিহুটিৰ প্ৰতি পূৰ্বৰ তুলনাত আগ্ৰহী নহয় যদিও, ৰাজ্যৰ গাঁওসমূহত ৰঙালীৰ প্ৰতি পূৰ্বৰ দৰে আগ্ৰহ এতিয়াও দেখিবলৈ পোৱা যায় । আপুনি বাৰু ৰঙালী বিহুৰ উপলক্ষে ঐকিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি ? আজি এই প্ৰতিবেদনৰ জৰিয়তে অসমীয়া ব’হাগ মাহত ভ্ৰমণ কৰিবলগীয়া কেইখনমান বিশেষ ঠাইৰ বিষয়ে উল্লেখ কৰিছোঁ । এই ঠাই কেইখন ভ্ৰমণ কৰি ঐতিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিব পাৰিব ।
ঐতিহাসিক ৰংঘৰৰ বাকৰি বিহু চাবলৈ শিৱসাগৰলৈ যাওক
পহিলা ব’হাগত ৰংঘৰৰ বাকৰিত বিহু চাবলৈ সকলোৰে এটা হেঁপাহ থাকে । আহোম স্বাৰ্গদেউৰ ইতিহাস সমৃদ্ধ ৰংঘৰৰ বাকৰিত বিহু চাবৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰে । ৰাজ্যৰ বাহিৰৰ পৰাও আহি বহু পৰ্যটকে ৰংঘৰৰ বাকৰিত বিহু চাবৰ বাবে ভিৰ কৰা দেখা যায় । পহিলা ব’হাগ তথা মানুহৰ বিহুৰ দিনটোত ৰংঘৰৰ বাকৰিত উদযাপন কৰা হয় ৰঙালী বিহু । স্বৰ্গদেউৰ দিনৰে পৰা ৰংপুৰৰ ৰংঘৰৰ বাকৰিত চলি আহিছে ৰঙালীৰ ৰং-ধেমালি । যদি পহিলা ব’হাগত বিহু উপভোগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে যাওক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিলৈ ।
ঐতিহাসিক লতাশিলৰ বিহু
গুৱাহাটীৰ আটাইতকৈ পুৰণি বিহুতলী লতাশিল ৰাজ্যৰ প্ৰথমখন বিহু মঞ্চ । লতাশিলৰ পৰাই প্ৰথম মঞ্চ বিহু আৰম্ভ হৈছিল বুলি কোৱা হয় । লতাশিলৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ৰ আদিৰ আছে সুকীয়া সন্মান । ১৯৫২ চনৰ পৰা ঐতিহাসিক লতাশিল খেলপথাৰত উদযাপন কৰি অহা হৈছে আমাৰ বাপতি সাহোন ৰঙালী বিহু । কিন্তু আপুনি যদি গুৱাহাটীৰ আশে-পাশে বিহু উপভোগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লতাশিল খেলপথাৰলৈ এবাৰ হ’লেও যাব পাৰে । সুস্বাদু খাদ্য সম্ভাৰৰ সৈতে বিহুনাচ,বৰবিহুৱতী প্ৰতিযোগিতা উপভোগ কৰিবলৈ পৰিয়ালৰ সৈতে আপুনিও লতাশিল বিহুতলীলৈ যাব পাৰে ৷
ৰাতি বিহু চাবলৈ তিনিচুকীয়ালৈ যাওক
মৰাণ জনজাতিৰ লোকসকলৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক হৈছে ৰাতি বিহু । মৰাণ লোকসকলৰ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্যক পৰিচিত কৰি আহিছে ৰাতি বিহুৱে । মৰাণ সকলৰ ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত মৰা বিহুক ৰাতি বিহু বুলি কোৱা হয় । ৰাতি বিহু ডেকা-গাভৰুৱে একেলগে মাৰে । কোৱা হয় যে,গাঁৱৰ ডেকাসকলে সাজি লোৱা দুই কোঠালিযুক্ত বিহুঘৰত নিশা ভাগত ডেকা-গাভৰুৱে একেলগে বিহু মাৰে। আৰু ইয়াক ৰাতি বিহু হিচাপে জনাজাত । যদি ৰাতি বিহু উপভোগ কৰিব বিচাৰে তিনিচুকীয়া কাকপথাৰৰ দৰে মৰাণ লোকসকলে বসবাস কৰা গাঁওসমূহ ভ্ৰমণ কৰিব পাৰে ।
ফাট বিহু চাবলৈ ঢকুৱাখানালৈ যাওক
ফাট বিহু মানেই লখিমপুৰ জিলাৰ ঢকুৱাখানা, ফাট বিহু মানেই ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰি । ব’হাগৰ ফাট বিহু পাছত পালন কৰা হয় ফাট বিহু । ফাট বিহু হৈছে অসমীয়া সাংস্কৃতিক বৈশিষ্ট আৰু ঐতিহ্যৰ বাহক স্বৰূপ । সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত একেলগে কেইবাটাও জনগোষ্ঠীয় লোকে ফাট বিহু মাৰিছিল। বৰ্তমান ব’হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে মʼহঘূলি চাপৰিত পালন কৰা হয় ফাট বিহু । আপুনি যদি ফাট বিহু উপভোগ কৰিব বিচাৰে তেন্তে এই ব’হাগতে লখিমপুৰ জিলাৰ ঢকুৱাখানা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।
চহা গাঁওসমূহ ভ্ৰমণ কৰক
ৰাজ্যৰ এনে কিছুমান গাঁও আছে য’ত এতিয়াও ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহু পালন কৰে । অসমীয়া পুৰণি ৰীতি-নীতিৰে পালন কৰা বিহু যদি উপভোগ কৰিব বিচাৰে তেন্তে সেই গাঁওসমূহ ভ্ৰমণ কৰিব পাৰে । গাঁওসমূহত পাব নিভাঁজ গাঁৱৰ পৰিবেশ । সেই গাঁওসমূহত দেখা পাব কৃত্ৰিমতাৰ প্ৰভাৱ নথকা অসমৰ গঞা জীৱনৰ এক বাস্তৱ প্ৰতিচ্ছবি । সেই গাঁওসমূহত অনুভৱ কৰিব প্ৰকৃত ৰঙালীৰ ৰং । পলম নকৰিব এতিয়াই কৰক ভ্ৰমণৰ পৰিকল্পনা ।
লগতে পঢ়ক