ETV Bharat / lifestyle

’২৫বৰ্ষত আৰ্থিক সমস্যা দূৰ-স্বাস্থ্য-প্ৰেমৰ সম্পর্ক মজবুত কৰাৰ কেইটামান ৰেমেডি

২০২৫বৰ্ষত স্বাস্থ্য আৰু প্ৰেমৰ সম্পৰ্ক ভালে ৰখাৰ লগতে আৰ্থিক সমস্যা দূৰ কৰিবলৈ কি কৰিব ? এই সন্দৰ্ভত সংখ্যাবিদ অৰ্চনা বৰ্মনৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ...

ASTRO TIPS
সংখ্যাবিদ অৰ্চনা বৰ্মন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 11, 2025 at 7:37 AM IST

3 Min Read
Choose ETV Bharat
  • ২০২৫ বৰ্ষত স্বাস্থ্য ভালে ৰাখিবলৈ কেনেধৰণৰ উপায় অৱলম্বন কৰিব :

স্বাস্থ্য ভালে থাকিলে সকলো ভালে থাকে । ২০২৫ বৰ্ষত কেনেধৰণৰ স্বাস্থ্য ভালে ৰাখিবলৈ এটা সৰু উপায় অৱলম্বন কৰিব পাৰে । তাৰ বাবে আপোনালোকে মঙলবাৰে এটা হনুমান মন্দিৰলৈ আপোনাৰ সাধ্য অনুসৰি খোলা বুন্দিয়া লৈ যাব । বুন্দিয়াখিনি কিনি প্ৰথমে আপোনাৰ মূৰৰ ওপৰেদি এন্টি ক্লক ৱাইচ এঘৰবাৰ ঘূৰাব । তাৰ পাছত মন্দিৰলৈ গৈ সেইখিনি প্ৰসাদ হিচাপে আগবঢ়াৱ ।

লগতে আপোনাৰ লগত এখন আসন লৈ যাব ৷ আসনখন ৰঙা কাপোৰৰ হ’লে ভাল । তাত সেই আসনখন পাৰি হনুমান চলিশা পঢ়িব । লগতে আপোনাৰ যিমান বিপদ বা ৰোগ আছে সেইসমূহ নোহোৱা হৈ যায় যাতে সেয়া প্ৰাৰ্থনা কৰিব । প্ৰসাদ হিচাপে আগবঢ়োৱা বুন্দিয়াখিনি আপুনি মুখত নিদিব বা কোনো ঘৰৰ মানুহকে খাবলৈ নিদিব । তাৰ পৰিৱৰ্তে মন্দিৰৰ বাহিৰত থকা মানুহক সেই বুন্দিয়াখিনি ভগাই দিব । তেওঁলোকক ভগাই দিয়াৰ ফলত আপোনাৰ লগতে তেওঁলোকৰো স্বাস্থ্য ভালে যাব । এই উপায়টো ১১ টা মঙলবাৰে কৰিব লাগিব ।

সংখ্যাবিদ অৰ্চনা বৰ্মন (ETV Bharat)

হনুমান মন্দিৰ নাপালে আঁহত গছৰ তলত কৰিব পাৰে । হনুমান মন্দিৰত গ’লে চামেলি ফুলৰ তেলৰ এগছি চাকি জ্বলাব । চাকি গচিত অকমান তিল আৰু এটা লং দিব । এনে কৰাৰ ফলত আপোনাৰ স্বাস্থ্যৰ বহু খিনি উন্নত হ'ব ।

  • ২০২৫ বৰ্ষত প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ কেনেধৰনৰ উপায় অৱলম্বন কৰিব :

যদিহে প্ৰেমৰ ক্ষেত্ৰত কিবা সমস্যা আহি আছে বা ২০২৫ বৰ্ষত কেনেধৰণৰ প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক সম্পৰ্ক ভালে ৰাখিবলৈ বিচাৰে, তেন্তে এটা সৰু উপায় অৱলম্বন কৰিব পাৰে । তাৰ বাবে আপুনি শিৱ মন্দিৰ লৈ যাব লাগিব । মন্দিৰলৈ যেতিয়া যাব তেতিয়া ৭ টা ফুল থকা লং, কৰপূৰ আৰু ৭ টা ইলাচী - এই কেইটা বস্তু লৈ যাব ।

প্ৰথমে সেই বস্তু কেইটা মা পাৰ্বতী আৰু ভগৱান শিৱৰ ওচৰত থৈ দিব । তাৰ পাছত শিৱ লিংগত পানী বা গাখীৰ ঢালিব । সেইখিনি কৰাৰ পাছত সেই বস্তুখিনি হাতত লৈ "ঔম নমঃ শিৱায়" ১০৮ বাৰ জপ কৰিব । লগতে আপোনালোকৰ মনৰ কামনাটো কৈ যাব । জপ কৰা হোৱাৰ পাছত এটা মাটিৰ চাকিত সেইবস্তু খিনি জ্বলাই দিব । এই উপায়টো ১১ টা সোমাবাৰে একেৰাহে কৰিব লাগিব ।

  • ২০২৫ বৰ্ষত কেনেধৰণৰ উপায় অৱলম্বন কৰি আৰ্থিক সমস্যা দূৰ কৰিব :

এই উপায়টোৰ বাবে আপোনালোকক লাগিব ১১ টা জালুক, ৭ টা ইলাচী, সেউজীয়া এভেঞ্চুৰিন পাথৰ (green aventurine stone)ৰ সৰু সৰু তিনিটা টুকুৰালৈ এই গোটেইকেইটা বস্তু এখন হালধীয়া কাপোৰতলৈ তাত অকমান ক’লা সৰিয়হ আৰু ৰঙা সেন্দুৰ লৈ ঘী চাকি এগছি লৈ ভালদৰে পূজা কৰিব । তাৰ পাছত সন্ধিয়া গোটেই সামগ্ৰীখিনিৰ এটা টোপোলা বনাই নিজৰ লকাৰৰ বাকছ নাইবা নিজৰ বেগৰ ভিতৰত ভৰাই থব পাৰিব । এনে কৰিলে আৰ্থিক সমস্যা দূৰ হ'ব ।

লগতে পঢ়ক : এইকেইটা সৰু উপায়ে আপোনাৰ সন্তানৰ পঢ়া-শুনাত মনোযোগ বৃদ্ধিত কৰিব সহায় - Astro Tips

লগতে পঢ়ক : ইন্টাৰভিউ দিবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম - Astro Tips