লক্ষ্মী দেৱীয়ে কিয় বিষ্ণুৰ চৰণ স্পৰ্শ কৰি থাকে ? জানো আহক জ্যোতিষশাস্ত্ৰবিদৰ পৰা
আজি লক্ষ্মী পূৰ্ণিমা, এই দিনটোতেই ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক আৰাধনা কৰা হয়, এই দিনটোতেই লক্ষ্মী দেৱী মৰ্ত্যৰ সকলোৰে ঘৰলৈ আহে বুলি বিশ্বাস আছে-

Published : October 6, 2025 at 1:13 PM IST
আজি লক্ষ্মী পূৰ্ণিমা ৷ এই দিনটোতেই ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক আৰাধনা কৰা হয় ৷ এই দিনটোতেই লক্ষ্মী দেৱী মৰ্ত্যৰ সকলোৰে ঘৰলৈ আহে বুলি প্ৰবাদ আছে ৷ যিহেতু মা লক্ষ্মীয়ে অতি পৰিস্কাৰ পৰিচ্ছন্ন ঠাইত বাস কৰে বুলি বিশ্বাস কৰা হয় সেয়ে সকলোৱে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি দেৱীক ঘৰলৈ আদৰে ৷ শুদ্ধ চিত্তে মা লক্ষ্মীক আৰাধনা কৰে যাতে বছৰটোলৈ লক্ষ্মীৰ বসতি হয় ৷
ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আমি সদায়েই ভগৱান শ্ৰীবিষ্ণুৰ সৈতে আমি দেখা পাওঁ ৷ তেওঁ সদায়েই ভগৱান বিষ্ণুৰ চৰণ স্পৰ্শ কৰি থাকে, কিন্তু কাৰণটো কি আমি বহুতেই নাজানো ৷ শাস্ত্ৰত উল্লেখ থকা মতে মা লক্ষ্মী বিষ্ণুৰ অৰ্ধাংগিনী ৷ যিদৰে সকলো দেৱতাৰ লগতে তেওঁলোকৰ অৰ্ধাংগিনী দেৱী থাকে ঠিক সেইদৰে বিষ্ণুৰ কাষত সদায়েই লক্ষ্মী দেৱী বিৰাজমান হৈ থাকে ৷ সেয়ে ভগৱান বিষ্ণুক পূজা কৰিলেও মা লক্ষ্মী সন্তুষ্ট হয় আৰু মনোকামনা সিদ্ধি কৰে ৷
শ্ৰীবিষ্ণুৰ চৰণ স্পৰ্শ কৰি থকা সন্দৰ্ভত বিশিষ্ট পুৰোহিত তথা শাস্ত্ৰবিদ ৰবি শংকৰে কয় যে, শাস্ত্ৰত উল্লেখ থকা অনুসৰি নাৰদ মুনিয়ে এবাৰ লক্ষ্মী দেৱীক ভগৱান বিষ্ণুৰ চৰণত থকাৰ কাৰণ সুধিলে সেই প্ৰশ্নৰ উত্তৰত মা লক্ষ্মীয়ে ক'লে যে প্ৰতিজন দেৱতা অথবা দেৱীৰ ওপৰত গ্ৰহৰ প্ৰভাৱ থাকে ৷ গ্ৰহৰ সঞ্চালনে তেওঁলোকৰ ওপৰত বহু প্ৰকাৰে প্ৰভাৱ পেলায় ৷
মহিলাসকলৰ হাতবোৰ বৃহস্পতি (গুৰু)ৰ দ্বাৰা প্ৰভাৱিত হয়, দেৱগুৰুৱে হাতত বাস কৰে আৰু পুৰুষৰ চৰণত দৈত্যগুৰু শুক্ৰাচাৰ্যই বাস কৰে সেয়ে বিশ্বাস কৰা হয় যে যেতিয়া দৈত্য আৰু দেৱতাৰ সংযোগ হয় তেতিয়া ধন প্ৰাপ্তিৰ যোগ গঠন হয় ৷ অৰ্থাত ধনাত্মক আৰু ঋণাত্মক গ্ৰহীয় শক্তিৰ সংমিশ্ৰণত ঋণাত্মক গ্ৰহীয় প্ৰভাৱসমূহ নিস্ক্ৰিয় হয় আৰু জগতৰ মঙ্গল নিশ্চিত হয় ৷
ঠিক সেইদৰে মহিলাসকলে যদি তেওঁলোকৰ স্বামীৰ চৰণ স্পৰ্শ কৰে তেন্তে দেৱ আৰু দৈত্যৰ সংযোগত ধন প্ৰাপ্তি হয় ৷ যিসকল লোকৰ জীৱনত মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপা থাকে তেওঁলোকৰ জীৱনৰ পৰা সকলো দুখ-কষ্ট নোহোৱা হয় ৷
দেৱী লক্ষ্মী আৰু বিষ্ণুৰ সৈতে জড়িত কিছু তথ্য
- লক্ষ্মী পূৰ্ণিমা দেৱী লক্ষ্মী পূজাৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হয় ৷ সমৃদ্ধি, উজ্জ্বলতা আৰু ধনাত্মক শক্তিৰ প্ৰতীক এই দিনটোত চন্দ্ৰ পূৰ্ণ ৰূপত থাকে ৷
- মা লক্ষ্মীৰ জন্ম হৈছিল সাগৰৰ মন্থনৰ পৰা, সেয়েহে তেওঁক "ক্ষীৰ্সাগৰ নন্দিনী" বুলিও জনা যায় ৷
- ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক সৃষ্টিৰ ভাৰসাম্যৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ বিষ্ণু হৈছে সংৰক্ষক, আৰু লক্ষ্মী হৈছে সমৃদ্ধিৰ দেৱী—দুয়োজনে মিলি জগতৰ স্থিৰতা বজাই ৰাখে ৷
- লক্ষ্মী ভগৱান বিষ্ণুৰ চৰণত বাস কৰা বুলি কোৱা হয়, ইয়াৰ প্ৰতীক যে ধন আৰু সমৃদ্ধি সদায় ধৰ্ম আৰু ভক্তিৰ ভেটিত নিৰ্ভৰশীল ৷
- হাত আৰু ভৰিৰ সৈতে জড়িত গ্ৰহৰ প্ৰভাৱ—জ্যোতিষ শাস্ত্ৰত বৃহস্পতি (গুৰু) নাৰীৰ হাতত, আৰু শুক্ৰ (দৈত্য গুৰু) পুৰুষৰ ভৰিত বাস কৰে ৷ সেয়ে দুয়োৰে লগ হ’লে ধন-সম্পত্তি আৰু সৌভাগ্যৰ সমন্বয়ৰ সৃষ্টি হয় ৷
- লক্ষ্মীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শৃংখলা পচন্দ কৰে সেয়ে লক্ষ্মী পূজা কৰাৰ পূৰ্বে ঘৰ চাফা কৰা আৰু প্ৰদীপ জ্বলোৱাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয় ৷
- বিষ্ণু আৰু লক্ষ্মীৰ একেলগে আৰাধনা কৰিলে আৰ্থিক সমৃদ্ধিৰ উপৰিও পাৰিবাৰিক শান্তি, বৈবাহিক সম্প্ৰীতি, মানসিক সুস্থিৰতাও পোৱা যায় ৷
উপসংহাৰ:
লক্ষ্মী পূৰ্ণিমা কেৱল ধন-সম্পত্তিৰ প্ৰতীক নহয়, ভাৰসাম্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ইতিবাচকতাৰ উদযাপন ৷ য'ত কঠোৰ পৰিশ্ৰম, সত্য আৰু নম্ৰতা বাস কৰে তাতেই দেৱী লক্ষ্মীৰ আশীৰ্বাদ বাস কৰে ৷ ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ একেলগে আৰাধনা কৰিলে এই বাৰ্তা পোৱা যায় যে যেতিয়া পুৰুষাৰ্থ (বিষ্ণু) আৰু সমৃদ্ধি (লক্ষ্মী) একত্ৰিত হয় তেতিয়া সৌভাগ্য, শান্তি, স্থিৰতা স্বাভাৱিকতে আহে ৷ গতিকে এই পূৰ্ণিমাৰ দিনা কেৱল পূজা কৰাই নহয়, ঘৰ আৰু মন দুয়োটাকে পৰিষ্কাৰ কৰি ৰাখক—তেতিয়াহে দেৱী লক্ষ্মী সঁচা অৰ্থত সন্তুষ্ট হ’ব আৰু আপোনাৰ জীৱনত স্থায়ীভাৱে বাস কৰিব ৷
(বিঃদ্রঃ এই প্ৰতিবেদনত উল্লেখিত তথ্যসমূহ ধৰ্মীয় গ্ৰন্থ, পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে । ইয়াৰ উদ্দেশ্য কেৱল সাংস্কৃতিক আৰু ধৰ্মীয় তথ্য ভাগ-বতৰা কৰা । ইয়াৰ উদ্দেশ্য কোনো ব্যক্তি, সম্প্ৰদায় বা বিশ্বাস ব্যৱস্থাক আঘাত কৰা নহয় । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক

