ETV Bharat / lifestyle

’কলকাতা’: কিছু নষ্টালজিয়া...

কলকাতাৰ এনে বহু বস্তু যিসমূহে আজিও সেই স্থানৰ শোভাৱৰ্ধন কৰি আহিছে, যদি আপুনিও কলকাতা ভ্ৰমণৰ পৰিকল্পনা কৰি আছে তেন্তে এই বস্তুবোৰে আপোনাক নিশ্চয় আকৰ্ষিত কৰিব-

Kolkata
কলকাতাৰ কিছু নষ্টালজিয়া...যিয়ে আজিও সেই স্থানৰ শোভাৱৰ্ধন কৰি আহিছে (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 7, 2024 at 5:09 PM IST

3 Min Read
Choose ETV Bharat

কলকাতাৰ চাৰিওফালে চালে কেৱল ৰঙীনেই দেখা যায় যেন এয়া কোনো এক ৰঙীন ছবিহে, কলকাতাৰ এনে বহু বস্তু যিসমূহ পুৰণি দিনৰ পৰা আজিও সেই স্থানত আছে যিয়ে সেই ঠাইখিনি শোভাৱবৰ্ধন কৰে ৷ সেয়া লাগিলে ইয়াৰ হালধীয়া টেক্সিয়েই হওক বা এই ঠাইৰ ট্ৰাম্পেই হওক এই বস্তুবোৰৰ সৈতে হয়তো ভাৰতৰ প্ৰায়ভাগ লোকেই পৰিচিত ৷ চিনেমা জগততো কলকাতাৰ এই বস্তুবোৰৰ এটি সুকীয়া স্থান আছে ৷ ইতিমধ্যে বলীউডৰ প্ৰায়ভাগ চিনেমাতেই কলকাতাৰ এই শোভাবৰ্ধক বস্তুবোৰক খুব সুন্দৰভাৱে দেখুওৱাও হৈছে ৷ আজি এনে কিছুমান বস্তুৰ বিষয়ে আমি জানো আহক-

হালধীয়া টেক্সি (Yellow Taxi)

কলকাতাৰ অন্যতম নষ্টালজিক আকৰ্ষণ হৈছে হালধীয়া টেক্সি যাক য়েল্ল’ টেক্সি বুলিও কোৱা হয় ৷ ১৯০৮ চনত কলকাতা চহৰত এই টেক্সিখন প্ৰথম দেখা গৈছিল যদিও অতি শীঘ্ৰে কলকাতাৰ এইবিধ বাহন চিৰদিনৰ বাবে হেৰাই যাব ৷ কলকাতা ভ্ৰমণৰ অন্যতম আকৰ্ষণ এই হালধীয়া টেক্সি সম্প্ৰতি দক্ষিণ কলকাতাত বেছিকৈ দেখা নাযায় যদিও এই টেক্সি এতিয়াও উত্তৰ কলকাতাত এই টেক্সিয়ে সেই স্থানৰ শোভাৱৰ্ধন কৰে ৷

শেহতীয়াকৈ বিখ্যাত পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জে কলকাতালৈ আহি নিজৰ ইনষ্টাগ্ৰাম পোষ্টত কিছু হালধীয়া টেক্সিৰ ছবি শ্বেয়াৰ কৰিছিল ৷

হাওৰা ব্ৰিজ (Howrah Bridge)

হাওৰা ব্ৰিজ বা দলঙক কলকাতাৰ দুৱাৰমুখ বুলি কোৱা হয় এই দলংখন ১৯৪৩ চনত স্থাপন কৰা হৈছিল বিশ্বৰ বাবে ই কলকাতাৰ অন্যতম পৰিচিত হুগলী নদীৰ কলকাতা আৰু হাওৰা সংযোগী এখন দলং হ’ল হাওৰা দলং ৷ এই দলংখনত বিভিন্ন চিনেমাৰ শ্বুটিংও কৰা হৈছে ৷

কলকাতা ট্ৰাম (Kolkata Tram)

এই ট্ৰাম সেৱা প্ৰথম আৰম্ভ হৈছিল ১৮৭৩ চনত ৷ প্ৰথমতে ট্ৰাম ঘোঁৰাই সহায়ত চলোৱা হৈছিল যদিও পিছলৈ ১৯০২ চনত বিদ্যুতৰ মাধ্যমেৰে ইয়াক চলোৱা হয় ৷ ই কলকাতাৰ অন্যতম এবিধ পুৰণি বাহন যিয়ে আপোনাক নষ্টালজিক কৰি তুলিব যি সম্প্ৰতি বিলুপ্তিৰ পথত ৷

কলেজ ষ্ট্ৰীট (College Street)

শেহতীয়াকৈ কলেজ ষ্ট্ৰীট ভাৰতৰ ভিতৰতে ‘বেষ্ট অৱ এছিয়া’ তালিকাত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ কলেজ ষ্ট্ৰীট হৈছে কলকাতাৰ প্ৰধান গ্ৰন্থ প্ৰকাশন আৰু বিক্ৰী কেন্দ্ৰ ৷ গতিকে এই অঞ্চলটোক বইপাৰা অৰ্থাৎ গ্ৰন্থৰ বিশেষ স্থান বুলিও কোৱা হয় ৷

কলকাতা কফি হাউচ (Indian Coffee House)

কলেজ ষ্ট্ৰীট কফি হাউচ বা ইণ্ডিয়ান কফি হাউচ উত্তৰ কলকাতাৰ এক পৰম্পৰাগত স্থান ৷ প্ৰেচিডেন্সি ইউনিভাৰ্চিটিৰ বিপৰীতে অৱস্থিত এটা কফি হাউচ বা ৰেষ্টুৰেণ্ট ৷ যিটো কলকাতাৰ ইণ্ডিয়ান কফি হাউছৰ এটা উল্লেখযোগ্য শাখা ৷ সমীপৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভিৰ হোৱাৰ উপৰিও বিখ্যাত বুদ্ধিজীৱী, লেখক, লেখক, গায়ক, ৰাজনীতিবিদ, পেছাদাৰী, ব্যৱসায়ী আৰু বিদেশী পৰ্যটকৰ জনপ্ৰিয় আড্ডাস্থলী হিচাপে বিখ্যাত ৷

হাতে টনা ৰিক্সা (Hand pulled Rickshaws)

কলকাতাৰ অন্যতম আকৰ্ষণ হ’ল হাতেৰে টানিব পৰা ৰিক্সা ৷ যিয়ে কলিকতা পৰম্পৰাত আন এক নষ্টালজিক স্থান দখল কৰি আহিছে সম্প্ৰতি ইয়াৰ সংখ্যা অতি কম ৷

জোৰাসাঁকো ঠাকুৰবাৰী (Jorasanko Thakurbari)

কলকাতাৰ জোৰাসাঁকোত অৱস্থিত ঠাকুৰ পৰিয়ালৰ প্ৰাচীন ঘৰ জোৰাসাঁকো ঠাকুৰবাৰীয়েও কলকাতাৰ শোভাৱৰ্ধন কৰি আহিছে ৷ সম্প্ৰতি এই ঘৰটো ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় যদিও ১৮৬১ চনত এই স্থানতেই জন্ম হৈছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৷

লগতে পঢ়ক: প্ৰেমিক যুগলে একেলগে সময় কটাবৰ বাবে উত্তম অসমৰ এইসমূহ ঠাই