ETV Bharat / lifestyle

কাতি বিহুত তুলসী পুলি ৰোৱাৰ পৰম্পৰা তথা তুলসীৰ ঔষধি গুণাগুণ

কাহ, চৰ্দিৰ সমস্যা দূৰ কৰাৰ পৰা মুখৰ স্বাস্থ্য বজাই ৰখালৈকে উপকাৰী তুলসীৰ পাত ৷ সেয়ে তুলসী পাতৰ অন্যান্য লাভালাভসমূহ আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Kati Bihu Special: Health Benefits Of Basil Tulsi Leaves
কাতি বিহুত তুলসী পুলি ৰোৱাৰ পৰম্পৰা তথা তুলসীৰ ঔষধি গুণাগুণ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : October 17, 2024 at 10:58 AM IST

|

Updated : October 17, 2024 at 11:06 AM IST

3 Min Read
Choose ETV Bharat

"তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে"- শৈশৱৰ ভাল লগা দিনৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিয়ে এই শাৰী কেইটাই । আজি কাতি বিহু । অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কাতি বিহু যাক কঙালী বিহু বুলিও কোৱা হয় । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কাতি বিহুৰ দিনা পুৱাৰে পৰাই ব্যস্ততা আৰম্ভ হয় । চোতালৰ এচুকত ভেটি সাজি তাত তুলসী পুলি এটা ৰুই সন্ধিয়ালৈ তাৰ তলত চাকি, ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰা হয় ৷ কাতি বিহুৰ সৈতে তুলসীৰ এক বিশেষ সম্পৰ্ক আছে ৷ অতীজৰে পৰা আমাৰ অসমীয়া সমাজে কাতি বিহুৰ দিনা তুলসী পুলি ৰুই তুলসী দেৱীক সেৱা জনাই আহিছে ৷

কাতি বিহুত ৰোৱা এই তুলসী আমাৰ স্বাস্থ্যৰ কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই ৷ আমি সকলোৱে জানো যে তুলসী পাতত বহুতো ঔষধি গুণ সন্নিৱিষ্ট হৈ থাকে ।

তুলসী পাত সাধাৰণতে দুই প্ৰকাৰৰ পোৱা যায় । এবিধ বেঙুনীয়া, আনবিধ সেউজীয়া । বেঙুনীয়া তুলসীক কৃষ্ণ তুলসী বা ক’লা তুলসী বুলিও কয় । তুলসী পাতে আমাৰ শৰীৰৰ বহু ৰোগ নিৰাময় কৰাত সহায় কৰে । প্ৰতিদিনে তুলসী পাতৰ ৰস সেৱন কৰিলে কাহ বা শ্বাস-প্ৰশ্বাসজনিত ৰোগসমূহৰ পৰা সকাহ পাব পাৰি ।

Kati Bihu Special: Health Benefits Of Basil Tulsi Leaves
কাতি বিহুত তুলসী পুলি ৰোৱাৰ পৰম্পৰা তথা তুলসীৰ ঔষধি গুণাগুণ (ETV Bharat)

নিয়মীয়াকৈ তুলসী পাতৰ ৰস সেৱন কৰিলে ছাইনাছ, মাইগ্ৰেইন, দুশ্চিন্তা আদিৰ পৰা নিৰাময় পাব পাৰি বুলি চিকিৎসা বিজ্ঞান তথা গৱেষণাতো প্ৰমাণিত হৈছে । তুলসী পাতত থকা এণ্টিবেক্টেৰিয়েল উপাদানে বহু ৰোগ সংক্ৰমণো ৰোধ কৰিব পাৰে ।

তুলসী পাতৰ অন্যান্য লাভালাভসমূহ আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

১) তুলসীৰ পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ৷

২) তুলসী পাতে স্নায়ৱিক দুৰ্বলতা দূৰ কৰে ৷

৩) তুলসী পাতে তেজ পৰিষ্কাৰ কৰাতো সহায় কৰে ৷

৪) উচ্চ ৰক্তচাপৰ বাবে তুলসী পাতৰ ৰস লগত হালধিৰ ৰস মিহলাই সেৱন কৰিব পাৰে ৷

৫) তুলসীৰ পাত খালে আৰু তুলসীৰ পাতেৰে দাঁত ঘঁহিলে মুখৰ দুৰ্গন্ধ নোহোৱা হয় ৷

৬) চাহত তুলসী পাত মিহলাই খালে পেট তথা যকৃতৰ সৈতে জড়িত বিভিন্ন ৰোগ নিৰাময় হয় ৷

৭) তুলসী পাতৰ ৰস খালে বমি, পানী লগাৰ পৰা উপশম পাব পাৰি ৷

৮) কাহ, কফ, জ্বৰ আদি হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই সেৱন কৰিব লাগে ৷

৯) তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে ধুলে গাৰ ছাল সুস্থ হৈ থাকে ৷

১০) তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ আৰু সতেজ হয় ৷

ইয়াৰ উপৰিও বিভিন্ন গুণাগুণেৰে সমৃদ্ধ তুলসীত লুকাই আছে নানান ঔষধি শক্তি । অতীজৰে পৰা বিভিন্ন ৰোগৰ পৰা উপশম পাবলৈ তুলসী পাত ব্যৱহাৰ কৰি অহাৰ কথা আমি আমাৰ জ্যেষ্ঠ লোকৰ মুখেৰে শুনি আহিছো । শিশুৰ পৰা বৃদ্ধ অৱস্থাৰ সকলো ব্যক্তিয়ে বিভিন্ন ৰোগৰ পৰা উপশম পাবৰ বাবে তুলসী ব্যৱহাৰ কৰা দেখা যায় ।

লগতে পঢ়ক: কাতি বিহুত ঘৰতে প্ৰস্তুত কৰক এই কেইবিধ পৰম্পৰাগত অসমীয়া খাদ্য
Last Updated : October 17, 2024 at 11:06 AM IST