ETV Bharat / lifestyle

গাখীৰ আমিষ নে নিৰামিষ ? জানি লও আহক

বহুতৰে মনত এইটো প্ৰশ্নৰ উত্থাপন হয় যে গাখীৰ আমিষভোজী খাদ্যত পৰে নে নিৰামিষভোজীত ? আজি ইয়াৰ উত্তৰ জানি লও আহক-

why vegans consider milk non veg
গাখীৰ আমিষ নে নিৰামিষ ? জানি লও আহক (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : March 24, 2025 at 3:11 PM IST

5 Min Read
Choose ETV Bharat

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ভেগান ডায়েটৰ ধাৰা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ ভাৰতবৰ্ষতো বৃহৎ সংখ্যক লোকে এই খাদ্যাভ্যাস পালন কৰে ৷ ভেগান ডায়েটতকৈও ই ভাল ৷ ইয়াত কেৱল মাংস বা কণী নহয়, সকলো ধৰণৰ দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ, ঘিউ, মাৱা, পনিৰ আদিও নাখায় ৷ বহুতে মৌও সেৱন নকৰে ৷ ইয়াত কেৱল শস্য, শাক-পাচলি, ফল-মূল, দালি আৰু শুকান ফলৰ দৰে বস্তুহে থাকে ৷ কিন্তু প্ৰশ্ন উত্থাপন হয় যে ভেগানসকলে গাখীৰক কিয় নন-ভেজ বুলি গণ্য কৰে ৷ এই আঁৰৰ কাৰণবোৰ জানো আহক-

ভেগান ডায়েটত কি কি পৰিহাৰ কৰিব লাগে ?

Vegan Diet অনুসৰণ কৰা লোকসকলে পৰিৱেশ বা জীৱ-জন্তুৰ ক্ষতিকাৰক কোনো বস্তু ব্যৱহাৰ নকৰে ৷ ভেগান ডায়েটত মাংস বা সাগৰীয় খাদ্য খোৱা নহয় ৷ আনকি গাখীৰ আৰু দৈকো নন-ভেজ বুলি গণ্য কৰা হয় ৷

ভেগান ডায়েট প্লেনত পশুৰ সামগ্ৰী খোৱা নহয়, য’ত গাখীৰ, দৈ, মৌ, ঘিউ, মাখন, আৰু খোয়াৰ পৰা তৈয়াৰী মিঠাই আদি অন্তৰ্ভুক্ত কৰা হয় ৷ ভেগান ডায়েটত উদ্ভিদৰ পৰা পোৱা বস্তুহে খোৱা হয় ৷ ইয়াৰ ভিতৰত ফল-মূল, শাক-পাচলি, গোটা শস্য, দালি আদি ৷ এই খাদ্যত কেৱল কেঁচা খাদ্য খোৱাত গুৰুত্ব দিয়া হয় ৷

নিৰামিষভোজীসকলে গাখীৰক কিয় নন-ভেজ বা আমিষ বুলি গণ্য কৰে ?

১/ দুগ্ধ উদ্যোগত পশুৰ শোষণ

ভেগানসকলে বিশ্বাস কৰে যে, গাখীৰ উলিয়াবলৈ জীৱ-জন্তুৰ শোষণ কৰা হয় ৷ গৰু আৰু ম’হক বাৰে বাৰে কৃত্ৰিমভাৱে গৰ্ভধাৰণ কৰোৱা হয় যাতে গাখীৰ দি থাকে ৷ ইহঁতৰ নৱজাত পোৱালিবোৰ প্ৰায়ে জন্মৰ পিছত সোনকালে পৃথক হৈ পৰে, যাৰ ফলত পোৱালিয়ে মাকৰ গাখীৰৰ পৰা বঞ্চিত হয় ৷ ইয়াৰ ফলত জীৱ-জন্তুবোৰৰ মানসিক আৰু শাৰীৰিক দিশত কষ্ট হয় ৷

২/ দুগ্ধ উদ্যোগ আৰু বধশালাৰ মাজৰ সম্পৰ্ক

দুগ্ধজাত গৰু আৰু ম’হবোৰে যেতিয়া এটা নিৰ্দিষ্ট বয়সৰ পিছত কম গাখীৰ দিবলৈ আৰম্ভ কৰে তেতিয়া প্ৰায়ে বেছিভাগ ঠাইতে বধশালালৈ পঠিওৱা হয় ৷ ইয়াৰ বাবেই নিৰামিষভোজীসকলে বিশ্বাস কৰে যে, গাখীৰ পৰোক্ষভাৱেও মাংস উদ্যোগৰ এটা অংশ আৰু ইয়াক নিৰামিষ বুলি ক’ব নোৱাৰি ৷

৩/ পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ

গাখীৰ উৎপাদনেও পৰিৱেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ৷ বৃহৎ পৰিসৰৰ দুগ্ধ পালনে সেউজ গৃহ গেছ নিৰ্গত কৰে, যিয়ে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায় ৷ গৰুৰ পৰা নিৰ্গত মিথেন গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে অতি ক্ষতিকাৰক ৷ ইয়াৰ উপৰিও গাখীৰ উৎপাদনত বৃহৎ পৰিমাণৰ পানী আৰু পশুখাদ্যৰ প্ৰয়োজন হয়, যাৰ ফলত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পায় ৷

৪/ গাখীৰ শৰীৰৰ বাবে কিমান উপকাৰী ?

বহু গৱেষণাৰ মতে, দুগ্ধজাত সামগ্ৰীৰ অত্যধিক সেৱনেও স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ কিছুমান মানুহৰ লেক্ট’জ অসহিষ্ণুতা থাকে, যাৰ বাবে গাখীৰ হজম কৰাত অসুবিধা হয় ৷ ইয়াৰ উপৰিও দুগ্ধজাত সামগ্ৰীৰ সৈতে হৃদৰোগ, ডায়েবেটিছ আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰৰো সম্পৰ্ক আছে ৷ এই কাৰণেই বহুতে সুস্থ হৈ থাকিবলৈ ভেগান ডায়েট গ্ৰহণ কৰে ৷

৫/ মমতাৰ অনুভৱ

ভেগানসকলে বিশ্বাস কৰে যে, সকলো জীৱৰ স্বাধীনতা আৰু দুখ-কষ্ট নোহোৱাকৈ জীয়াই থকাৰ অধিকাৰ আছে ৷ গাখীৰ উৎপাদনৰ বাবে জীৱ-জন্তুবোৰক বন্দী কৰি ৰখা হয়, গাখীৰ উলিয়াবলৈ বাধ্য কৰা হয় আৰু শেষত বধশালালৈ পঠিওৱা হয় ৷ এয়া অমানৱীয় ৷ সেইবাবেই তেওঁলোকে গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী সেৱন নকৰে ৷

প্ৰশ্ন হয় যে গাখীৰ আমিষ নে নিৰামিষ ?

চিকিৎসক ডাঃ বিক্ৰম গিদ্বাণীয়ে কয়, আপুনি যিয়েই নহওক কিয় নিৰামিষ বা আমিষভোজী, মাত্ৰ মনত ৰাখিব যে গাখীৰ সকলো বয়সৰ লোকৰ বাবে এক উত্তম পুষ্টিকৰ উপাদান । এই কথা সঁচা । শক্তিশালী হাড় আৰু দাঁত গঢ়ি তোলাই হওক, পেশী শক্তিশালী কৰাই হওক, দ্ৰুতগতিত চৰ্বি হ্ৰাস কৰাই হওক, বা শীতলতা আৰু শান্তিৰ অনুভৱ সৃষ্টি কৰাই হওক, গাখীৰ সঁচাকৈয়ে উপকাৰী ।

আপুনি মাত্ৰ নিশ্চিত হ’ব লাগিব যে ইয়াক পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ক্ৰয় কৰা হৈছে নে নাই, ইয়াক বীজাণুমুক্ত ঠাইত সংৰক্ষণ কৰা হৈছে নে নাই আৰু জন্তুটোক (যেনে গৰু বা ম’হ) এন্টিবায়টিক আৰু হৰম’নৰ বেজী দি গাখীৰ উলিওৱা হৈছে নেকি যিটো Food and Drug Administration ফালৰ পৰা গ্ৰহণযোগ্য নহয় ৷

যদি আপোনাৰ এই ক্ষেত্ৰত কোনো চিন্তা বা প্ৰশ্ন আছে তেন্তে আপুনি সদায় বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰে!

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC10048389/

https://www.lybrate.com/topic/is-milk-a-veg-or-non-veg-dish-judge-for-yourself/a1576bbe3086aeca1a33c16f06f9fe13

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. আপুনি চাহত এচিকুট নিমখ মিহলাই খাই নেকি ? তেন্তে সুখবৰ... - Salt In Tea Benefits
  2. শোৱাৰ পূৰ্বে এগিলাচ ঘিউ মিহলোৱা গাখীৰ খোৱাৰ কিমান উপকাৰিতা আছে জানেনে ? - Ghee Mixed Milk Benefits
  3. পানী নে গাখীৰ ? শুকান ফল কিহৰ সৈতে তিয়াই খোৱাটো উত্তম - Dry Fruits