বিচনা নে মজিয়া ? ক’ত বহি খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী
পূৰ্বতে প্ৰায় সকলোৱে তলত বহি খাইছিল, কিন্তু আজিকালি বহুতে বিচনাত বহি খাদ্য খায়, পিছে প্ৰশ্ন হয়, বিচনাত বহি খাদ্য খোৱা ভাল নে বেয়া ?

Published : October 13, 2025 at 10:17 AM IST
সময়ৰ লগে লগে মানুহৰ জীৱনশৈলী সলনি হৈছে ৷ ঠিক তেনেদৰে খাদ্য খোৱাৰ ধৰণো সলনি হৈছে ৷ আগতে মানুহে মজিয়াত বহি ভাত খাইছিল ৷ কিন্তু এতিয়া বহুতে ডাইনিং টেবুল, চোফা, বিচনা আদিত বহি ভাত খায় ৷ কিন্তু আপুনি জানেনে ক’ত বহি খাদ্য গ্ৰহণ কৰা ভাল ? কেৱল পৰম্পৰা নহয়, বিজ্ঞানেও কৈছে কেনেকৈ খাদ্য গ্ৰহণ কৰা মানুহৰ বাবে উপকাৰী ৷ এই লেখাটোত এই বিষয়ে উল্লেখ কৰা হ’ল ৷ পূৰ্বে মানুহে ভৰি দুখন ভাজ কৰি মজিয়াত বহি খাদ্য খাইছিল যদিও এতিয়া বহুতে ডাইনিং টেবুল, চোফা বা বিচনাত খাদ্য গ্ৰহণ কৰাটো পছন্দ কৰে ।
মজিয়াত বহি খাদ্য খোৱা
তলত বহি খাদ্য খালে শৰীৰটো স্বাভাৱিকভাৱে নমনীয় হৈ থাকে ৷ যেতিয়া আপুনি মজিয়াত ভৰি দুখন ভাজ কৰি বহে তেতিয়া পাচনতন্ত্ৰ সক্ৰিয় হয় ৷ যোগাসনত এই অৱস্থাত সুখাসন বুলি জনা যায় ৷ ই হজম শক্তি ভাল কৰে ৷ এই অৱস্থাত শৰীৰৰ পেশীবোৰ টান খাই যায় আৰু ৰক্ত সঞ্চালন উন্নত হয় ৷ ইয়াৰ লগতে এনেকৈ খালে বেছি খাদ্য খোৱা নাযায় ৷ আগতে বহু মানুহে এই পদ্ধতিতে খাদ্য খাইছিল ৷
বিশেষজ্ঞসকলে কয় যে, মজিয়াত বহি খাদ্য খোৱাটো শৰীৰৰ বাবে অধিক উপকাৰী । ই কেৱল হজম শক্তি উন্নত কৰাই নহয় মগজু আৰু পেটৰ মাজত সমন্বয়ও উন্নত কৰে । সুখাসনত বহি খাদ্য গ্ৰহণ কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু নমনীয়তা বৰ্তাই ৰাখিব পাৰি । কিন্তু বিচনাত বহি খাদ্য গ্ৰহণ কৰিলে হজম শক্তিৰ ক্ষতি হয়, মেদবহুলতা বৃদ্ধি পায়, মেৰুদণ্ডৰ ওপৰত হেঁচা পৰিব পাৰে । তদুপৰি বিচনাত বেক্টেৰিয়া আৰু এলাৰ্জীৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে । মজিয়াত বহি খাদ্য খোৱা এক ভাল অভ্যাস ৷ ই মানুহৰ মন-আন্ত্ৰিক সংযোগ শক্তিশালী কৰে ৷ এনেকৈ খাদ্য খালে মগজুৱে সংকেত লাভ কৰে যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ৷ ই মেৰুদণ্ড আৰু গাঁঠিৰ বাবে উপকাৰী ৷ এই অভ্যাসৰ ফলত ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে ৰোগৰ পৰাও সকাহ পাব পাৰে ৷
বিচনাত বহি খাদ্য খোৱা
বিচনাত বহি খাদ্য খোৱা বেয়া অভ্যাস ৷ বিচনাত বহি খাদ্য খোৱাৰ সময়ত শৰীৰৰ ভংগীমা ঠিক নাথাকে ৷ যাৰ বাবে খাদ্য ভালকৈ চোবাই খাব নোৱাৰে আৰু হজম শক্তিক প্ৰভাৱ পৰে ৷ ইয়াৰ ফলত গেছৰ সমস্যা হ’ব পাৰে ৷ ইমানেই নহয়, বিচনাত বহি খাদ্য খালে খাদ্যৰ কণা বিচনাত পৰিব পাৰে ৷ যাৰ ফলত বিচনাত বেক্টেৰিয়া হ’ব পাৰে ৷
নিয়মিতভাৱে বিচনাত খাদ্য গ্ৰহণ কৰিলে আপোনাৰ পাচন প্ৰক্ৰিয়া দুৰ্বল হ’ব পাৰে ৷ ইয়াৰ বাবে মেদবহুলতা, টোপনিৰ সমস্যা আদি হ’ব পাৰে ৷ বিচনাত খাদ্য গ্ৰহণ কৰিলে মেৰুদণ্ডৰ ওপৰত চাপ বৃদ্ধি পায় ৷ ইয়াৰ ফলত কঁকালৰ বিষ, গাঁঠিৰ বিষ হ’ব পাৰে ৷ ইয়াৰোপৰি বিচনাখন লেতেৰা হ’ব পাৰে ৷ যাৰ ফলত এলাৰ্জী বা ছালৰ সংক্ৰমণ হ’ব পাৰে ৷
যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে মজিয়াত বহি খাদ্য খোৱাৰ পৰম্পৰাগত প্ৰথা গ্ৰহণ কৰাটো উপকাৰী । ইয়াৰ ফলত পাচনতন্ত্ৰ শক্তিশালী হোৱাই নহয়, মানসিক আৰু শাৰীৰিক ভাৰসাম্যও বজাই ৰখাত সহায় হয় । আনহাতে বিচনাত বহি খাদ্য খোৱাটো পৰিহাৰ কৰাটো জৰুৰী, কিয়নো ই পৰিষ্কাৰ-পৰিচ্ছন্নতা, হজম শক্তি, মেৰুদণ্ডৰ স্বাস্থ্যৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে ।
উৎস
https://pubmed.ncbi.nlm.nih.gov/27041092/
লগতে পঢ়ক

