ETV Bharat / lifestyle

অহ! এই কাৰণেহে হানিমুনত শ্বিলঙলৈ যায়...কাৰণ জানি হৈ পৰিব আচৰিত - INDORE COUPLE MURDER MYSTERY

আমি সকলোৱে জানো যে প্ৰকৃতিৰ সৌন্দৰ্যতাৰে ভৰপূৰ ভাৰতৰ অন্যতম এটি স্থান হৈছে মেঘালয়, কিয় এই স্থান ভ্ৰমনৰ বাবে উত্তম বিশেষকৈ নৱ বিবাহিত দম্পতীৰ বাবে জানক-

INDORE COUPLE MURDER
অহ! এই কাৰণৰ বাবেহে হানিমুনত শ্বিলঙলৈ যায়...কাৰণ জানি হৈ পৰিব আচৰিত (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : June 9, 2025 at 9:52 AM IST

4 Min Read

যদি আপুনিও সেইসকল লোকৰ ভিতৰত এজন যিয়ে নিজৰ বৈবাহিক মুহূৰ্তবোৰ চহৰীয়া জীৱনৰ হুলস্থুলৰ পৰা আঁতৰত, প্ৰকৃতিৰ কোলাত নিসংগতাত কটাব বিচাৰে, য’ত আপুনি কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰে আগুৰি থাকে, তেন্তে মেঘালয় আপোনাৰ বাবে সৰ্বোত্তম বিকল্প হ’ব পাৰে ৷ মেঘালয় প্ৰকৃতিৰ সৌন্দৰ্যতাৰে ভৰা এটি স্থান যত চৰাইৰ কোলাহল, নিজৰাৰ কুলু কুলু নিগঁৰি অহা শব্দ, ওপঙি থকা ডাৱৰ দেখিবলৈ পাব ৷ আজি জানো আহক মেঘালয়ৰ ৰাজধানী শ্বিলং কিয় হানিমুনৰ বাবে এক উত্তম স্থান ? আজি জানি লওক-

দৰাচলতে মেঘালয় যাক মেঘৰ আলয় বুলিও কোৱা হয় ই পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ । ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত । মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং । শ্বিলঙক পূবৰ স্কটলেণ্ড বুলিও জনা যায় ৷

প্ৰাকৃতিক সৌন্দৰ্য আৰু অনন্য সংস্কৃতিৰ বাবে পৰিচিত ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অতি সুন্দৰ ৰাজ্যই হৈছে মেঘালয় ৷ মেঘালয়ত বৰষুণ হোৱাৰ বাবেই ইয়াক পৃথিৱীৰ অন্যতম এটি আৰ্দ্ৰ স্থান বুলি গণ্য কৰা হয় ৷ মেঘালয়ৰ বৰষুণ বৰ ধুনীয়া ৷ মেঘালয়ত অৱস্থিত এটি স্থান হৈছে মৌছিনৰাম ৷ য’ত ভাৰতৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয় । খবৰ অনুসৰি ই পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ স্থান, বাৰ্ষিক গড় অনুসৰি ইয়াত ১১,৮৭২ মিলিমিটাৰ (৪৬৭.৪ ইঞ্চি) বৰষুণ দিয়ে ।

INDORE COUPLE MURDER
হানিমুনৰ বাবে শ্বিলং কিয় সৰ্বোত্তম ? (GETTY IMAGES)

ইয়াত মানুহে বৰষুণলৈ অপেক্ষা কৰিব নালাগে, কিন্তু ইয়াৰ মানুহে বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰে ৷ শ্বিলং হওক বা মৌছিনৰাম হওক বা চেৰাপুঞ্জীৰ সোহৰা হওক, ইয়াত প্ৰায় প্ৰতিদিনে বৰষুণ হয় আৰু ইয়াত সমগ্ৰ প্ৰকৃতি সুখী যেন অনুভৱ হয় ৷

হানিমুনৰ বাবে শ্বিলং কিয় সৰ্বোত্তম ?

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ৷ ইয়াক পূবৰ স্কটলেণ্ড বুলিও কোৱা হয় ৷ শ্বিলঙৰ শৃংগ, লেডী হাইদাৰী পাৰ্ক, ৱাৰ্ডছ লেক এই ঠাইবোৰ ভ্ৰমণ কৰিবলৈ সৰ্বোত্তম ঠাই ৷ যিয়ে আপোনাক মনোৰঞ্জনৰ অনুভৱৰ লগতে মানসিক শান্তিও দিব ৷ ইয়াৰ খাদ্যও আচৰিত ধৰণৰ ৷ এক সমীক্ষা অনুসৰি শ্বিলং ভাৰতৰ মনোমোহা দৃশ্য, শান্ত পৰিৱেশ আৰু দুঃসাহসিক আৰু শান্তিৰ মিশ্ৰণৰ বাবে ভাৰতৰ জনপ্ৰিয় হানিমুন গন্তব্যস্থান ৷

INDORE COUPLE MURDER
মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ (GETTY IMAGES)

এইটোৱেই হৈছে ডাঙৰ কাৰণ

শেহতীয়া বাতৰিৰ সূত্ৰ অনুসৰি মেঘালয়ৰ ৰাজধানী শ্বিলং ২০২৫ চনত ভাৰতীয়ৰ আটাইতকৈ জনপ্ৰিয় ভ্ৰমণ স্থানত পৰিণত হৈছে ৷ বিশেষ কথাটো হ’ল উত্তৰ-পূবৰ এই গন্তব্যস্থানে বাকু আৰু আজাৰবাইজানৰ দৰে বিখ্যাত আন্তঃৰাষ্ট্ৰীয় স্থানকো অতিক্ৰম কৰিছে এই স্থানে ৷

স্কাইস্কেনাৰৰ শেহতীয়া ‘ট্ৰেভেল ট্ৰেণ্ডছ ৰিপ’ৰ্ট’ অনুসৰি, জনপ্ৰিয় ভ্ৰমণ গন্তব্যস্থানৰ এই লোকপ্ৰিয় তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ একমাত্ৰ চহৰ হৈছে শ্বিলং ৷ ঘৰৰ ওচৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য বিচৰা বহু ভাৰতীয় পৰ্যটকে শ্বিলং ভ্ৰমণ কৰিবলৈ পছন্দ কৰে ৷ শ্বিলঙক ইয়াৰ অনন্য পাহাৰ আৰু সেউজীয়া সেউজীয়া দৃশ্যপটৰ বাবে মৰমেৰে "পূবৰ স্কটলেণ্ড" বুলি কোৱা হয় ৷ কিন্তু হানিমুনত শ্বিলঙলৈ যোৱা ইন্দোৰৰ ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত তালৈ যাবলৈ ভয় খাইছে মানুহে ৷

হানিমুনত শ্বিলঙলৈ যোৱাৰ সময়ত সন্ধানহীন ইন্দোৰৰ দম্পতী

দৰাচলতে এহাল দম্পতী নিৰুদ্দেশ হোৱাৰ খবৰে আজিকালি সামাজিক মাধ্য়মত শিৰোনাম দখল কৰিছে ৷ তথ্য অনুসৰি, বিগত ১১ মে’ত ইন্দোৰত বিবাহপাশত আবদ্ধ হোৱা নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী শ্বিলঙত হানিমুনৰ সময়ত ৰহস্যজনক পৰিস্থিতিত সন্ধানহীন হৈ পৰে ৷ এই ইন্দোৰ দম্পতীৰ অন্তৰ্ধানৰ ৰহস্য এতিয়াও সমাধান হোৱা নাই ৷ খবৰ অনুসৰি যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় যদিও পত্নী সোনম দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ আছিল যদিও এতিয়া তেওঁৰ সন্ধান পোৱা গৈছে ৷ অনুসন্ধান অভিযানৰ পিছত ঘটনাই কি নতুন মোৰ ল’লে তলত উল্লেখিত খবৰৰ দ্বাৰা জানক ৷

লগতে পঢ়ক

  1. মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ; চুপাৰী দি স্বামী ৰাজাক হত্যা কৰাইছিল সোনমে
  2. বিমানত যাত্ৰা কৰাৰ সময়ত মনত ৰখা উচিত এইবোৰ কথা
  3. চতুৰ্থ স্থানত অসম: নৱবৰ্ষত ভ্ৰমণৰ বাবে শ্ৰেষ্ঠ স্থানৰ তালিকাত স্থান লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.